ভাষা অথবা ধৰ্ম, প্ৰাচীন ভাৰতবৰ্ষত ভৌগোলিক সীমা বিভাজনৰ উৎস কেতিয়াও নাছিল । ব্ৰিটিছ আমোলত তথা পিছৰ পৰ্যায়ত দেশ বিভাজনৰ সময়ত হে এইধৰণৰ প্ৰক্ৰিয়া আৰম্ভ হয় । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন স্থানত দেখা পোৱা ভাষা ভিত্তিক জাতীয়তাবাদৰ সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটীত এক গুৰুত্বপূৰ্ণ বিশ্লেষণ আগবঢ়াই দেশৰ এজন আগশাৰীৰ সাংবাদিক তথা “অৰ্গেনাইজাৰ” পত্ৰিকাৰ মুখ্য সম্পাদক মাননীয় প্ৰফুল্ল কেতকাৰ ডাঙৰীয়ায় ।
বৃহত্তৰ ভাৰতীয় বোধক দুৰ্বল কৰাৰ বাবেই ভাষা আৰু ধৰ্মৰ ভিত্তিত বিভাজনৰ বীজ ৰোপনৰ প্ৰক্ৰিয়া দেশত সিঁচা হ’ল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় বিশিষ্ট নিবন্ধকাৰ-সাংবাদিকজনে । গুৱাহাটীৰ “কেশৱধাম”ত সাংবাদিকৰ সৈতে অন্তৰংগ আলাপত মিলিত হৈ জেষ্ঠ সাংবাদিকগৰাকীয়ে সাম্প্ৰতিক সময়ৰ কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মতামত আগবঢ়ায় । বৰ্তমানৰ পৰিস্থিতিত সাংবাদিক সকলে লিখনি তথা শব্দ বা ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তা তেখেতে উল্লেখ কৰে । ভাৰতীয় পৰিচয়ক প্ৰত্যাহ্বান জনোৱা বিচাৰধাৰা বিয়পোৱাত সাংবাদিকসকলো যাতে পৰোক্ষভাৱে ব্যৱহৃত নহয় তাৰ প্ৰতি সচেষ্ট হ’বলৈ তেখেতে সাংবাদিক সমাজৰ প্ৰতি আহ্বান জনায় । “ইছলামফোবিয়া” আদিৰ দৰে শব্দ নব্য-পুজিবাদৰ সৃষ্টি বুলি উল্লেখ কৰি ইছলামক সমালোচনা কৰাৰ পৰা বিৰত থকা তথাকথিত ধৰ্মনিৰপেক্ষতাৰ প্ৰতিও সমালোচনাত্মক মন্তব্য আগবঢ়াই “অৰ্গেনাইজাৰ”ৰ মুখ্য সম্পাদকগৰাকীয়ে । ভাৰতীয় গণতন্ত্ৰক আধ্যাত্মিক গণতন্ত্ৰ হিচাপে আখ্যা দি তেখেতে ভাৰতীয় সংস্কৃতিত বিপৰীত মতাদৰ্শকো গ্ৰহণ কৰাৰ মহানুভৱতা বিৰাজমান বুলি উল্লেখ কৰে । এই ক্ষেত্ৰত জেষ্ঠ সাংবাদিক গৰাকীৰ অভিমত- দেশত সহনশীল-অসহনশীল বাক্ধাৰাৰ বিপৰীতে সহনশীলতা বনাম গ্ৰহণশীল মানসিকতা শীৰ্ষক বিতৰ্কৰ হে থল আছে। তেখেতৰ মতে, ভাৰতীয় দৰ্শনে সহনশীলতাৰ উৰ্ধত গৈ গ্ৰহনশীলতাৰ ভাবধাৰাক হে অগ্ৰাধিকাৰ দি আহিছে । যি দৰ্শনে আস্তিকৰ লগতে নাস্তিক সকলকো স্বীকৃতি দিয়ে, তেনে দৰ্শনত অসহনশীলতাৰ প্ৰশ্নই নাহে ।
গুৱাহাটীস্থিত কেবাটাও সংবাদ গোষ্ঠীৰ সাংবাদিকৰ লগতে কেবাজনো জেষ্ঠ মুক্ত সাংবাদিকে অংশগ্ৰহণ কৰা এই মননশীল আলোচনাই ভবিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ বিমৰ্ষৰ পথ মুকলি কৰিলে।