নাথুৰাম গডছেই গান্ধীক হত্যা কৰিছিল এইটো সকলোকে পঢ়োৱা হল, কিন্তু কিয় হত্যা কৰিব লগা হ’ল এইটো পঢ়োৱা নহল। কিয়?
বহুতেই নাজানে আচলতে গান্ধীজীক নাথুৰাম গদছেই হত্যা কৰাৰ আচল কাৰণ কি আছিল আৰু নেহেৰুবাদী তথা বামপন্থী বুদ্ধিজীৱী সকলে কিয় ইতিহাস বিকৃত কৰিছিল | আজি বামপন্থী সকলৰ নিকৃষ্ট ৰেহৰূপ বিলাক ৰাইজে বুজিব পাৰিছে। বুজিব পাৰিছে নেহেৰুবাদী সকলৰ আচল স্বৰূপ | সেয়েহে নাথুৰাম গদছেৰ জীৱন চৰিত ৰাইজে জনাৰ অতীব প্ৰয়োজন হৈ পৰিছে |
নাথুৰাম গডছেৰ নাম আৰু তেঁওৰ এটা কামৰ বাহিৰে তেঁওৰ আচল ছবিখন কোনেও নাজানে | ভাৰতৰ নিচিনা এখন সৰ্ববৃহৎ গনতন্ত্ৰত ই এক ডাঙৰ ৰহস্য | এই ৰহস্যৰ আৰম্ভনি হৈছিল ৮ নবেম্বৰ ১৯৪৮ চনত, যেতিয়া গান্ধীজীৰ হত্যাৰ মকৰ্দ্দমাত গডছেই আত্মপক্ষ সমৰ্থন কৰি যি বিবৃতি দিছিল ,সেয়া প্ৰকাশ কৰাৰ ওপৰত নিষেধাজ্ঞা জাৰি হৈছিল |গডছেৰ বিবৃতি কিয় প্ৰতিবন্ধ লগোৱা হৈছিল ? ৰাইজে আচল কথাবোৰ জনাত কি আপত্তি আছিল ?
বিচাৰক জী ডি খোচলা,যি গডছে মোকৰ্দমাৰ এজন বিচাৰক আছিল ,তেঁওৰ মন্তব্যৰ পৰাই ৰহস্যৰ উমঘাম অলপ অনুমান কৰিব পাৰি |আদালতত গডছেই নিজৰ বিবৃতি প্ৰায় ৫ ঘন্টা ধৰি ৰাখিছিল যি ৯০ পৃষ্ঠাত লিপিবদ্ধ হৈ আছিল | যেতিয়া গডছেই নিজৰ বিবৃতি দিয়া সমাপ্ত কৰিছিল, তেতিয়া সেই আদালতত উপস্থিত থকা প্ৰতিজন ব্যক্তিয়ে স্তব্ধ আৰু বিচলিত হৈছিল |গডছেই যেতিয়া কোৱা বন্ধ কৰিছিল, আদালতত তেতিয়া কাঁহ পৰি জীঁণ যোৱা অৱস্থা | বিচাৰক খোচলাই “দা মাৰ্ডাৰ অৱ মহাত্মা এণ্ড অডাৰ কেচেজ ফ্ৰম এ জাজেছ ন’টবুক” ৰ ৩০৫ -০৬ পৃষ্ঠাত উল্লেখ কৰিছে – যদি সেইদিনা আদালতত উপস্থিত সকলৰ মাজত জুৰী বনোৱা হ’ল হয় আৰু তেঁওলোকক ৰায় দিব কোৱা হ’ল হয়, তেন্তে উপস্থিত ৰাইজে বহু মতত গদছেক নিৰ্দোষ বুলি বিচাৰ প্ৰদান কৰিলে হয় | সেই সময়ত ভাৰতৰ আইন মন্ত্ৰী ডাঃ আম্বেদকাৰ আছিল | তেঁও গদছেৰ উকীললৈ খবৰ দিছিল – “যদি গদছেই বিচাৰে, তেঁওৰ শাস্তি আজীৱন কাৰাবাসলৈ সলনি কৰিব পাৰিব ।” কিন্তু গদছেই সেয়া পোনপতীয়াকৈ প্ৰত্যাখান কৰি ডাঃ আম্বেদকাৰক ওলোটাই কৈ পঠাইছিল যে – অনুগ্ৰহ কৰি ইয়াক সুনিশ্চিত কৰক যাতে মোৰ ওপৰত কোনো দয়া কৰা নহয় | মই দেখুৱাব বিচাৰো যে “গান্ধীজীৰ অহিংসাক ফাঁচী দিয়া হ’ল |” গদছেই কোৱা এই কথা কিমান লোমহৰ্ষক সেয়া সত্য প্ৰমাণ হৈছিল, কিন্তু সেয়া ভবিষ্যতৰ ইতিহাসৰ পাতত লুকুউৱা এক তথ্য আছিল | গান্ধীজীৰ হত্যাৰ পিছত গান্ধীজীৰ সমৰ্থক সকলে গদছেৰ জাতি-সম্প্ৰদায়ৰ মানুহক হত্যা কৰিলে কিন্তু গান্ধীৰ ওপৰত লিখা কোনো জীৱনীতেই এই কথা লিখা দেখা নাপালো যে কিমান চিতপাৱন ব্ৰাহ্মণ (যি সকল নাথুৰাম গদচেৰ সম্প্ৰদায়ৰ আছিল) মানুহক গান্ধীবাদী সকলে হত্যা কৰিছিল | ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত শিখক হত্যা কৰাৰ নিচিনা অনুৰূপ বহুত লোককে গদছেৰ মৃত্যুৰ পিছত হত্যা কৰা হৈছিল | কি ভুল আছিল সিহঁতৰ ?? ১৯৪৮ চনৰ ৩১ ডিচেম্বৰত ‘নিউৱৰ্ক-টাইমছ’ত প্ৰকাশ পোৱা বাতৰি অনুসৰি কেৱল বোম্বেই চহৰতে এদিনতে ১৫ জন মানুহক হত্যা কৰা হৈছিল | পুণা চহৰতে ৫০ জন মানুহক হত্যা কৰা হৈছিল | হিন্দু মহাসভাৰ অফিচত অগ্নি সংযোগ কৰা হৈছিল | সকলোতকৈ অধিক হিংসা বিয়পিছিল চতাৰা, বেলগাম আৰু কোল্হাপুৰ নামৰ ঠাইত | এইদৰে গান্ধীবাদী হিংসা ৰ কোনো হিচাপ আজিলৈকে পোৱা নহ’ল য’ত বহুসংখ্যক নিৰ্দোষ চিতপাৱণ ব্ৰাহ্মণক এই কাৰণে হত্যা কৰা হৈছিল কাৰণ গদছেই সেই একেই জাতিৰ, সম্প্ৰদায়ৰ আছিল | নিসন্দেহে ৰাজনৈতিক জীৱনত গান্ধীজীয়ে কোৱা অহিংসাৰ সিদ্ধান্ত বোৰ ভণ্ডামিৰ একো একোটা প্ৰমাণ আছিল | কংগ্ৰেছী শাসক আৰু বামপন্থী বুদ্ধিজীৱী সকলে এই কথা খিনি লুকুৱাই নিজৰ ৰাজনৈতিক উদ্দেশ্য যিমানেই পূৰণ নকৰক কিয় সত্য সদায় সত্যই |
অপ্ৰিয় সত্যটো হ’ল গদছেই গান্ধীজীক হত্যা কৰি তেঁওক সেই মহানতা প্ৰদান কৰাৰ মুখ্য ভুমিকা হে লৈছিল যাক সামান্য মৃত্যুৰে গান্ধীজীয়ে প্ৰাপ্তি কৰিব নোৱাৰিলে হেতেন | ভাৰত স্বাধীন হোৱাৰ আগত আৰু দেশ স্বাধীন হোৱাৰ পিছত গান্ধীজীৰ প্ৰতি জনতাৰ শ্ৰদ্ধা কিমান কম হৈছিল সেয়া ১৯৪৬-৪৮ চনৰ বাতৰি কাগজ সমূহৰ পৃষ্ঠা লুটিয়াই চালেই গম পোৱা যায় | নোৱাখালীত গান্ধীজীয়ে যাব খোজা পদপথত সামুহিক বিষ্ঠাত্যাগৰ উপৰি ভঙা আইনাৰ টুকুৰা দি থৈছিল আৰু এই বিতৃঞ্চাৰ কাৰণ নথকা নহয় | দেশ বিভাজন নহবলৈ গান্ধীজীয়ে অনশনতো কৰা নাছিল, গান্ধীজীৰ নিজৰ বচন –
” বিভাজন মোৰ মৃতদেহৰ ওপৰত হব ” সেয়া মাত্ৰ কোৱাৰ খাতিৰত কোৱা এক কথা হে আছিল |
পশ্চিম পাঞ্জাৱৰ পৰা আহিব লগীয়া হাজাৰ হাজাৰ হিন্দু শিখ সম্প্ৰাদায়ৰ মানুহক গান্ধীজীয়ে ওলোটাই অকথ্য ভাষাৰে গালি পাৰি তেঁওলোকৰ কেঁচা ঘাঁ দুখৰত নিমখ চতিওৱা নাছিলনে ?? দিল্লীত হোৱা প্ৰাৰ্থনা সভাত সেই সকল জনতাক গান্ধীজীয়ে ককৰ্থনা কৰা নাছিলনে যে সেইসকলেই ইয়ালৈ কেলেই পলাই আহিব লাগে ..তাতকৈ তাতেই থাকি মৃত্যুবৰণ কৰিলে অহিংসাৰ হে বিজয় প্ৰাপ্ত হব | ইয়াৰ পিছতো বিভাজন ৰুধিবলৈ বা পাকিস্তানৰ হিন্দু শিখ সকলৰ জীৱন ৰক্ষা কৰিবলৈ গান্ধীজীয়ে অনশন কৰা নাছিল, কিন্তু ভাৰতে পাকিস্তানক দিবলগীয়া ৫৫ কোটি টকা মুকলি কৰি দিবলৈ ১৯৪৮ চনত অনশন কৰিছিল | সেইসময়ত পাকিস্তানে কাশ্মীৰ আক্ৰমণ কৰিছিল ,আৰু গান্ধীজীৰ অনশনত বাধ্য হৈ ভাৰত চৰকাৰে পাকিস্তানক সেই টকা উভতায় দিব লগীয়া হৈছিল | বিশ্ব ইতিহাসত প্ৰথম বাৰৰ বাবে এখন আক্ৰমণ কাৰী দেশক আক্ৰমন হোৱা দেশখনে বিত্তীয় সাহায্য দি আক্ৰমন কৰিবলৈ বিত্তীয় সহায় কৰিছিল | গদচেই গান্ধীজীক হত্যা কৰিবলৈ লোৱা সিদ্ধান্তত ই নিৰ্ণায়ক ৰূপ লৈছিল | সেই সময়ত দেশৰ লাখ লাখ জনতা গান্ধীজীৰ ওপৰত অসন্তুষ্ট আছিল | পাকিস্তানৰ পৰা নিজৰ জীৱন বচাই পলোৱা হিন্দু আৰু শিখ সকলে গান্ধীজীক ঘৃণা কৰিছিল |
সেই একেই স্থিতি কাশ্মীৰী আৰু বেঙ্গলী হিন্দু খিনিৰো আছিল | গান্ধীজীৰ হত্যাৰ খবৰ প্ৰথমে যেতিয়া আহিছিল ,বহুতে তেতিয়া কোনোবা পাঞ্জাৱী মানুহে কৰা বুলি ভাবিছিল | সেই লাখ লাখ গৃহহীন শৰণাৰ্থীৰ বাহিৰে পাকিস্তানত যেতিয়া হিন্দুসকলক হত্যা কৰা হৈছিল আৰু জবৰদস্তি ধৰ্মান্তৰণ কৰোৱা হৈছিল,সেই সকললৈ ভাৰতত দুখ আৰু সহানুভুতি প্ৰকাশ পাইছিল আৰু তাৰ বাবে গান্ধীজীকে দোষাৰোপ কৰিছিল | বিশেষকৈ তেতিয়া ,যেতিয়া পাঞ্জাৱী হিন্দু,শিখ সকলক সামুহিক ভাবে মৰি যাবলৈ উপদেশ দিছিল কিন্তু আনহাতে ভাৰতত?? ভাৰতত তেতিয়া মুছলিম সকল অসংগঠিত, অৰক্ষিত আৰু ভয়াক্ৰান্ত নাছিল যিমান পাকিস্তানৰ হিন্দুসকল আছিল | নহলে সেইসকলে নিৰ্ভয়ে ভাৰতত থাকিবই নোৱাৰিলে হয় | সেই সকলৰ সম্পত্তি ৰক্ষা কৰিবলৈ চৰকাৰেও কঠোৰ স্থিতি গ্ৰহণ কৰিছিল |
এইদৰে দুৰ্বলী সকলক নিজৰ ভাগ্যৰ ওপৰত এৰি গান্ধীজীয়ে সবলী সকলক ৰক্ষাত ব্যস্ত আছিল এই কথা দেশৰ সকলো জনতাই ভাবিবলৈ আৰম্ভ কৰিছিল | সেই সময়ৰ কথা বিলাক যদি ফহিয়াই চোৱা হয়,তেন্তে গান্ধীজীৰ স্বাভাবিক মৃত্যু হোৱা হ’লে আজি তেঁওৰ স্থান বালগংগাধৰ তিলক, জয়প্ৰকাশ নাৰায়ণৰ নিচিনা হে হ’ল হেতেন ।
তিনি দশক ধৰি গান্ধীজীৰ ভাৰতীয় ৰাজনীতিত কেৱল বিফলতাৰ বাহিৰে একো নাছিল | খিলাফতৰ সমৰ্থনৰ পৰা আৰম্ভ কৰি দেশ বিভাজনলৈকে ,মুছলিমক ব্লেংক চেক দিয়াৰ নিচিনা পক্ষপাতমুলক সিদ্ধান্তৰ উপৰি, সত্য-অহিংস-ব্ৰহ্মাচাৰ্য সিদ্ধান্ত বিলাকৰ বিচিত্ৰ ,আচৰিত কৰা আৰু অনেক আপোনজনক দুখ দিয়া কাৰ্য্যৰ সিদ্ধান্তৰ বাবে গান্ধীজীৰ্ জনপ্ৰিয়তা হ্ৰাস পাইছিল | কিন্তু গদচেই হত্যা কৰাৰ পিছত এই সকলো কথা জনতাই পাহৰি গ’ল | সেয়ে গান্ধীজীৰ ভক্ত সকলে “ধন্যবাদ গদচে” বুলি হে কব লাগে | প্ৰকৃততে গান্ধীজীক হত্যা কৰি গদচেই গান্ধীজীক মহানতা লাভ কৰাত সহায় হে কৰিলে যি গান্ধীজীৰ সপোনৰো অগোচৰ আছিল |ভাৰতত নেহেৰুবাদী আৰু মাৰ্ক্সবাদী ইতিহাসকাৰ সকলে ইতিহাস বিকৃতিকৰণ কৰি এনেকুৱা অৱস্থালৈ লৈ গ’ল য’ত গদচেৰ কথা জনতাই সথিক ভাবে জ্ঞাত নহ’ল | এই বিষয়ত লিখক বি আৰ নন্দাই ১৯৮৫ চনত লিখা পুস্তক “গান্ধী এণ্ড হিজ ক্ৰিটিকচতো” আনকি গদচেৰ নাম উল্লেখ কৰা নাই | কিন্তু গদচেৰ বিবৃতি ১৯৭৭চনতে ৯০ পৃষ্ঠাৰ এখন পুস্তিকাত প্ৰথম প্ৰকাশ হৈছিল আৰু স্বাধীনতাৰ ইমান বছৰ পাৰ হৈ যোৱাৰ পিছতো গদচেৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সকলো আজিও কিয় অক্ষম | যদি গদচেৰ কথাবিলাক প্ৰলাপ , মুৰ্খতাপূৰ্ণ , মিছা হ’ল হয় তেন্তে তাক প্ৰকাশ কৰাত কিয় প্ৰতিবন্ধ লগালে চৰকাৰে | হয়তো গদচেৰ কথা বিলাক উপেক্ষিত হৈ পৰি থকাই কিছুমান মানুহৰ ৰাজনীতিৰ বাবে সুবিধাজনক আছিল | গদচেৰ বহুত কথাই সমকালীন চেকুলাৰ চিন্তাধাৰাৰে মহীয়ান সকলৰ বাবে প্ৰত্যাহ্বান | সেয়ে গদছে আজিও প্ৰাসংগিক | সেয়ে ৰাজনৈতিক চিন্তাধাৰাৰে প্ৰভাৱিত বুৰঞ্জীবীদ, বুদ্ধীজিৱী তেঁওৰ কথা বিলাক অস্তিত্বহীন কৰি ৰাখিছে |এয়া জানো ন্যায় ? পাৰিব জানো সঁচা কথা এটাক মিছা ৰূপ দিবলৈ | নৱ প্ৰজন্মই সেয়েহে গদছেৰ বিষয়ে জনাতো অতি প্ৰয়োজনীয় কিয়নো তেতিয়া গদচেক হিন্দু সাম্প্ৰদায়িক হত্যাকাৰী বুলি অভিহিত কৰা সম্ভৱ নহ’ব | বিচাৰ কৰি চালে , নাথুৰাম গদছেৰ অৱদান ভগত সিং ,উদ্ধম সিং আদিয়ে কৰি যোৱা ত্যাগৰ সমতুল্য | আটাই কেইজনেই দেশভক্ত আছিল আৰু ৰাজনৈতিক হত্যাৰ কাৰণে মৃত্যুদণ্ড দিয়া হৈছিল | তিনিও জনৰ দৃষ্টিত এক সমানতা আছিল | ভগত সিঙে পুলিচৰ লাঠীৰ কোবত মৃত্যু হোৱা লালা লাজপত ৰায়ৰ মৃত্যুৰ বাবে ১৯২৮ চনত পুলিচ অধীক্ষক জনক হত্যা কৰিছিল আৰু উধম সিঙে জালিয়ানাবাগৰ নৰসংহাৰৰ কাৰণে ১৩ মাৰ্চ ১৯৪০ চনত কৰ্ণল ডায়েৰক হত্যা কৰিছিল | থিক একেদৰে গদচেই হিন্দু আৰু শিখ সকলক কৰা বিশ্বাসঘাট,আৰু হিন্দু আৰু শিখ সকলৰ জীৱনকলৈ কৰা ৰাজনীতিৰ কাৰণে ৩০ জানুৱাৰী ১৯৪৮ চনত গান্ধীজীক গুলী কৰি মাৰিছিল |
যেনেকৈ ইংৰাজ চৰকাৰে ভগত সিং ,উদ্ধম সিংক হত্যাৰ দোষত ফাচী দিছিল, থিক তেনেকৈ ভাৰত চৰকাৰেও নাথুৰাম গদচেক ফাচী দিছিল কিন্তু তিনিও জনৰ কৰ্ম কাণ্ড ,বিচাৰ ধাৰা ,জীৱন চৰিত্ৰ মূলতঃ একেই | গতিকে ইয়াৰ সত্যতা কোনেও নুই কৰিব নোৱাৰে |
ভগত সিং উধম সিংৰ প্ৰতি আমাৰ সন্মান তেঁওলোকে কৰা হত্যাৰ বাবে নহয় |তেঁওলোকৰ ভাৱনাৰ প্ৰতি হে কৰা সন্মান |যি সন্মানজনক আছিল | থিক এনে দৰে নাথুৰাম গদছেৰ প্ৰতি কাৰোবাৰ আদৰ দেশ ভক্তি ৰাষ্ট্ৰীয় আত্মসন্মান আৰু ন্যায় ভাৱনাৰ প্ৰতি আদৰ সন্মান হে | যি জনৰ এই কথাষাৰত সন্দেহ আছে তেঁও গদছে বিবৃতি এবাৰ আকৌ পঢ়ি চাব |
কি বিচিত্ৰ বিড়ম্বনা এফালে মহাত্মা গান্ধীৰ অহিংসা নীতিয়ে নাথুৰাম গদছেক হত্যাকাৰী বনালে আৰু আনফালে মহাত্মা বুদ্ধৰ অহিংসাই হত্যাকাৰী আঙ্গুলীমালক মহাত্মা কৰিলে | আজাদ হিন্দ ফৌজৰ ৪০০০০ সৈনিকে দেশৰ বাবে জীৱন ত্যাগ দিয়াৰ পিছতো ইতিহাসত লিপিবদ্ধ নহ’ল কিয় ??
’’দে দী তুনে আজাদী হমে খড়গ বিনা ঢাল, সাবৰমতী কে সন্ত তুনে কৰ দিয়া কামাল”।
দেশৰ বাবে প্ৰাণ ত্যাগ কৰা শ্বহীদ সকলক ইয়াতকৈ ডাঙৰ অপমান কোনেও কৰা নাই |
আজি দৰকাৰ হৈ পৰিছে নৱ প্ৰজন্মই কথা বিলাক জনাৰ |
-ভাস্কৰ দাস-