অহা ৯ ছেপ্টেম্বৰৰ পৰা ১৭ ছেপ্টেম্বৰলৈ ৰাজ্যত অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচী আৰম্ভ হ’ব। এই কাৰ্যসূচীৰ জৰিয়তে ১ কোটি বাণিজ্যিক গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে । অমৃত বৃক্ষ ৰোপণৰ কাৰ্যসূচীৰ জৰিয়তে ৯টাকৈ বিশ্ব অভিলেখ গঢ়িব অসমে। এই মন্তব্য মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ।
বুধবাৰে এক সংবাদ মেল যোগে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। এই কার্য সূচীৰ জৰিয়তে ৰাজ্যত ৪৭,৩৪,৪৬৫ লোকে প’ৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিছে। ইমান সংখ্যক লোকে গছপুলি ৰোপণৰ বাবে কৰা অভিলেখ আজিলৈ নাই
■ কি কি অভিলেখ ৰচিব অসমে?
◆৯ ছেপ্টেম্বৰত খানাপাৰা খেলপথাৰত তিনি লাখ গছপুলি উপস্থাপন কৰা হ’ব। এই স্পাইৰেল ২২ কিলোমিটাৰ দীঘলীয়া হ’ব। ইয়াৰ জৰিয়তে অসমে গছপুলি ৰোপণৰ প্ৰথমটো গীনিজ ৰেকৰ্ড কৰিব।
◆ ১০ ছেপ্টেম্বৰত খানাপাৰা খেলপথাৰৰ পৰা তিনি লাখ গছপুলি বিতৰণ কৰা হ’ব। ইয়াৰ জৰিয়তে গীনিজত দ্বিতীয়টো ৰেকৰ্ড হ’ব। ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশত একেলগে ৭৬,৮২৪টা গছপুলি বিতৰণৰ অভিলেখ আছিল।
◆২৪ ঘণ্টাত ৮,৪৭,২৭৫টা গছপুলি ৰোপণৰ অভিলেখ ভংগ হ’ব ওদালগুৰিত। ইয়াৰ জৰিয়তে তৃতীয়টো গীনিজ বুক ৰেকৰ্ড হ’ব।
◆ এঘণ্টাত ডিব্ৰুগড়ত বিশ্বৰ সৰ্বাধিক গছপুলি ৰোপণেৰে ১৫ ছেপ্টেম্বৰত অসমে চতুৰ্থটো অভিলেখ গঢ়িব।
◆২১,৮২৫ স্কোৱাৰ মিটাৰত সৰ্বাধিক বৃক্ষৰোপণেৰে ডিগবৈত ১৬ ছেপ্টেম্বৰত পঞ্চমটো অভিলেখ।
◆৫০ হাজাৰ লোকে ১৭ ছেপ্টেম্বৰত একেলগে বৃক্ষৰোপণেৰে ষষ্ঠটো গীনিজ ৰেকৰ্ড কৰিব।
◆ গছপুলি ৰোপণৰ সৰ্ববৃহৎ ফটো এলবামৰ (অনলাইন) বাবে সপ্তমটো অভিলেখ।
বিজ্ঞাপন
◆গছপুলি ৰোপণৰ সংকল্প (অনলাইন)ৰ অষ্টম গীনিজ ৰেকৰ্ড ১৭ ছেপ্টেম্বৰত কৰিব অসমে।
◆ ১১ ছেপ্টেম্বৰ সৰ্ববৃহৎ পৰিৱেশ সংৰক্ষণ লেছনৰ বাবে গীনিজ ৰেকৰ্ড কৰিব।
উল্লেখযোগ্য যে গছপুলি ৰোপণ সম্পূৰ্ণ বিনামূলীয়া হ’ব। যিসকল লোকে প’ৰ্টেলত পঞ্জীয়ন কৰিছে তেওঁলোকে নিজৰ ঘৰ–বাৰীত এই গছ ৰোপণ কৰিব পাৰিব আৰু ছোৱালীৰ বিয়াৰ সময়ত গছ কাটিব পাৰিব। মূলতঃ অগৰু , চেগুণ, বগাচন্দন আদি গছৰ পুলি দিয়া হ’ব। গছপুলিৰ সৈতে গছজোপা ৰোপণ আৰু প্ৰতিপালনৰ বাবে ১০০ টকাকৈ দিয়া হ’ব। যদিহে গছজোপা তিনি বছৰ বাচি থাকে তেন্তে আৰু ২০০ টকা পাব। অহা বছৰ ৰাজ্যত ৩ কোটি গছপুলি ৰোপণ কৰিম বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।