সাংবাদিক গৌতম শৰ্মাৰ মহানুভবতা।
জনজাতি কল্যাণ ছাত্ৰাবাসৰ শিক্ষাৰ্থীৰ উন্নয়নৰ বাবে প্ৰকল্পত উপস্থিত হৈ সাংবাদিক গৰাকীয়ে ট্ৰাষ্টৰ সভাপতিৰ হাতত পঞ্চাশ হাজাৰ টকাৰ চেক প্রদান কৰে।
আমাৰ অসম কাকতৰ ডেপুটি এডিটৰ গৌতম শৰ্মাৰ মহানুভবতা। দুখীয়া-নিচলা ছাত্ৰৰ উন্নয়নৰ বাবে আজি দান কৰিলে পঞ্চাশ হাজাৰ টকা। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিবিধ সংগঠন সেৱা ভাৰতীৰ দ্বাৰা পৰিচালিত গুৱাহাটীৰ মালিগাঁৱৰ আদিংগিৰিত থকা জনজাতি কল্যাণ ছাত্ৰাবাসৰ শিক্ষাৰ্থীৰ উন্নয়নৰ বাবে প্ৰকল্পত উপস্থিত হৈ সাংবাদিক গৰাকীয়ে ট্ৰাষ্টৰ সভাপতিৰ হাতত পঞ্চাশ হাজাৰ টকাৰ চেক প্রদান কৰে। এই উপলক্ষে আদিংগিৰিত অনুষ্টপীয়া অনুষ্ঠানত অংশগ্রহণ কৰি গৌতম শৰ্মাই কয়, দুখীয়া-নিচলাৰ বাবে সেৱা ভাৰতীয়ে কৰি থকা কৰ্মৰ বিষয়ে জানিব পাৰি আপ্লুত হৈ বিশ্ব সংবাদ কেন্দ্রই তেখেতক নাৰদ জয়ন্তী বঁটাৰ লগত প্ৰদান কৰা পঞ্চাশ হাজাৰ টকা গ্ৰহণ কৰি সেই ধন আদিংগিৰিৰ ছাত্ৰাবাসৰ শিক্ষাৰ্থীৰ উন্নয়নৰ বাবে দিবলৈ পায় যথেষ্ট সুখী। সেৱা ভাৰতী ট্ৰাষ্টৰ সভাপতি প্ৰণব শৰ্মাই সঞ্চালনা কৰা অনুষ্ঠানত তেখেতে পুনৰ কয়, আনক দান দিব পৰাকৈ মই ধনী মানুহ নহয় যদিও সৰুৰে পৰা অভাৱৰ মাজত ডাঙৰ দীঘল হৈ অভাব কি বস্তু সেয়া ভালকৈ উপলদ্ধি কৰিব পাৰো বুলি মন্তব্য কৰি মোতকৈ এইসকলৰ বিদ্যাৰ্থীৰ টকাৰ বহু প্ৰয়োজন বুলি অনুভব কৰি মই বঁটাৰ লগত পোৱা ধন ৰাশি এনেদৰে দিবলৈ পাই নিজকে ধন্য মানিছো। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ তথা বিশ্ব সংবাদ কেন্দ্র, অসমৰ সম্পাদক কিশোৰ শিৱমে প্ৰাস্তবিক ভাষন প্ৰদান কৰা অনুষ্ঠানত সেৱা ভাৰতীৰ উত্তৰ পূৰ্বাঞ্চলৰ সংগঠন মন্ত্রী সুৰেন্দ্ৰ টালেকাৰে সেৱা ভাৰতীৰ বিভিন্ন প্ৰকল্পৰ বিষয়ে অবগত কৰে। অনুষ্ঠানত সেৱা ভাৰতীৰ উত্তৰ পূৰ্বাঞ্চলৰ সভাপতি ৰমেন্দ্ৰ নাথ শৰ্মা, কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক যাদব ডেকাকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে। উল্লেখ্য, বিশ্ব সংবাদ কেন্দ্র,অসমৰ দ্বাৰা আয়োজিত নাৰদ জয়ন্তী উপলক্ষে বঁটা প্ৰদান কৰা হৈছিল। উক্ত নাৰদ জয়ন্তী বঁটা- ২২ ৰ বাবে নিৰ্বাচিত হৈছিল আমাৰ অসম কাকতৰ ডেপুটি এডিটৰ গৌতম শৰ্মা। বঁটা প্ৰাপক গৌতম শৰ্মাই বঁটাৰ লগত লাভ কৰা ৫০ হাজাৰ টকা সেৱা ভাৰতীৰ আদিংগিৰিস্হ জনজাতি কল্যাণ ছাত্ৰাবাসত দান কৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।