ঝাৰখণ্ডৰ আদালতত খ্ৰীষ্টান ধৰ্মগুৰু সহ আন পাঁচজন ধৰ্ষণকাৰীক শাস্তি প্ৰদান :

বিশ্ব সংবাদ কেন্দ্ৰ (গুৱাহাটী) – ঝাৰখণ্ডৰ খুণ্টীৰ আদালতত খ্ৰীষ্টান মিচনেৰী স্কুলৰ ফাদাৰ এলফ’নচ’ এহন্দ্ সহিতে, মুঠ ছয়জন লোকক পাচঁজনী জনজাতীয় ছোৱালীক দলবদ্ধ ধৰ্ষণ কৰাৰ বাবে শাস্তি প্ৰদান কৰে।
শাস্তি কিমান দিনৰ হ’ব সেয়া অতিৰিক্ত জিলা ন্যায়াধীশ শ্ৰী ৰাজেশ কুমাৰে ১৫ মে’ত শুনানি গ্রহণ কৰিব।
২০১৮ চনৰ ১৯ জুনত ১১ গৰাকী মহিলা আৰ.চি.মিচন স্কুললৈ যায়, কোচাংগাঁৱত খুন্টী জিলাত দেহব্যৱসায়ৰ ওপৰত বাটৰ নাট পৰিৱেশন কৰাৰ উদ্দেশ্যত। সেই স্কুলতেই বন্দুক দেখুৱাই ‘People Liberation Front of India (PLFI)’ নামৰ সংগঠনৰ লোকে পাঁচজনী ছোৱালীক ধৰ্ষণ কৰে। খ্ৰীষ্টান পুৰোহিত জনৰ ওপৰতো ধৰ্ষণকাৰীক সহায় কৰা আৰু আৰক্ষীক নজনোৱাৰ অপৰাধত দুখন এজাহাৰ দাখিল কৰা হৈছে।
এই জিলাখন পখাগাড়ী আন্দোলনৰ বাবে চৰ্চাত থাকে আৰু তাত কোনো প্ৰশাসনৰ নীতি-নিয়ম পালন কৰা নহয়।