‘ইক’নমিক টাইমচ’ৰ সাংবাদিকে টুইটাৰৰ জৰিয়তে অসত্য খবৰ বিয়পাইছিল :

বিশ্ব সংবাদ কেন্দ্ৰ (গুৱাহাটী) – সত্য খবৰতকৈ অসত্য খবৰ সমূহ সমাজত সকলোৰে মাজত সোনকালে বিয়পি পৰে। টিভি ৰিপোৰ্টাৰ আৰু সাংবাদিক সকলে এনে অসত্য খবৰৰ বাবে চিন্তিত হোৱা দেখা যায় যদিও ইয়াৰ বিপৰীতে তেওঁলোকৰ দ্বাৰাই এনে অসত্য খবৰ প্ৰচাৰ হয়। যদি কোনোবাই এনে খবৰৰ ওপৰত তেওঁলোকক প্ৰশ্ন কৰে তেতিয়া তেওঁলোকে নিজৰ বাক স্বাধীনতা খৰ্ব হোৱা বুলি দোহাৰে।
যোৱা কিছুদিন আগত ‘ইকন’মিক টাইমচ’ৰ সাংবাদিক মধুপৰ্ণ দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই পুৰুলিয়াত উলিওৱা ৰেলীৰ এটি অসত্য খবৰ টুইট কৰে। এই ৰেলীৰ এটি ভিডিঅ’ দেখুৱাই টুইট কৰে যে তাত অংশগ্ৰহণকাৰী লোক সকলে খঙৰ ভমকত চকী সমূহ দলিয়াই পেলাই দিয়ে। কিন্তু এইটোৰ বিষয়ে যিধৰণে টুইট কৰা হৈছে সি সম্পূৰ্ণ অসত্য।
দৰাচলতে ভিডিঅ’টো ভালদৰে লক্ষ্য কৰিলে বুজি পোৱা যায় যে ৰেলীত অংশগ্ৰহণকাৰী লোক সকলে ঠাই উলিয়াবলৈহে চকী সমূহ এজনে আনজনক দিছিল। কিন্তু তাত থকা সাংবাদিক সকলে এই সৰল কথাখিনি কিয় দেখা নাপালে সেয়া অতি লক্ষণীয় বিষয়?
কিছু লোকে মোডী বিৰোধত অসত্য খবৰ বিয়পোৱাত এনেদৰে ব্যস্ত হৈ পৰিছে যে সেয়া সাধাৰণ যি কোনো ব্যক্তিয়েই অনুধাৱন কৰিব পাৰে।
উক্ত বিষয়ত এজন সাধাৰণ লোকৰ প্ৰশ্নৰ উত্তৰত মধুপৰ্ণ দাসে কয় যে বহু ভিৰ হোৱাৰ পৰিপেক্ষিতত তাত উপস্থিত লোকে চকী সমূহ এজনে আনজনক দিছিল আৰু শেষত সাংবাদিকৰ বাবে সংৰক্ষিত এলেকাত উক্ত চকী সমূহ ৰখা হৈছিল।
Massive crowd gathered. It is too much of heat here, around 43/44. The push was coming from all sides, and then they started picking up chairs, passing from back of front side and throwing them at the media enclosure… later they jumped the barricades and broke some railings…
– Madhuparna Das

বহু ভিৰ হোৱাৰ পৰিপেক্ষিতত উপস্থিত লোক সকলে ৰেলিঙৰ বাহিৰত চকী সমূহ ৰাখিবলৈ বাধ্য হৈছিল। কিন্তু মধুপৰ্ণ দাসে দেৱে ‌লিখিছিল যে ব্যক্তিসকলে খঙত চকী সমূহ দলিয়াই দিছিল। ইয়াৰ পৰা ইয়াকে প্ৰমাণ হয় যে সাংবাদিক গৰাকীয়ে অসত্য খবৰ বিয়পোৱাৰ বাবেহে এনে ধৰণৰ মন্তৱ্য কৰিছিল।

সকলোবোৰ জানি-বুজিও এনে বিখ্যাত বাতৰি কাকতৰ সাংবাদিকৰ দ্বাৰা টুইটাৰৰ জৰিয়তে এনে ধৰণৰ অসত্য খবৰ বিয়পোৱাটো দায়িত্বজ্ঞানহীনতাৰ পৰিচয়। ২০১৭ চনতো মুম্বাইৰ লোকেল ষ্টেচনত ‘ফুল সৰি পৰিল’ কথাষাৰ সকলোৱে ‘পুল সৰি পৰিল’ বুলি প্ৰচাৰ হোৱাৰ পিছত দৌৰা-দৌৰি তথা ঠেলা-হেচাঁৰ বাবে বহু লোকে মৃত্যুক আকোৱালি ল’বলগীয়া হৈছিল।