ভাৰতবৰ্ষৰ জীৱন দৃষ্টি হ’ল একাত্ম আৰু সৰ্বাংগীন : ড: মনমোহন বৈদ্য (সহ সৰকাৰ্যবাহ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ)

বিশ্ব সংবাদ কেন্দ্ৰ -গুৱাহাটী– ভাৰতবৰ্ষৰ জীৱনদৃষ্টি পৃথিৱীৰ ভিতৰতে বিশিষ্ট। ইয়াৰ আধাৰ হ’ল আধ্যাত্মিকতা আৰু ‌ইয়াৰ দৃষ্টি একাত্ম আৰু সৰ্বাংগীণ। ভাৰতৰ বাস্তৱিকতাৰ ৰূপ অনেক আৰু ইয়াৰ পথো অনেক। কিন্তু সকলোকে সমান জ্ঞান কৰা হয়। সেয়ে ইয়াত অনেকৰ মাজত একতা আৰু বিবিধতাৰ মাজত ঐক্য স্থাপন কৰিব পৰা যায়। প্ৰতিজন ব্যক্তিৰ মাজত একেই আত্মা বিৰাজমান। সকলোৱেই এজনে আনজনৰ লগত বান্ধ খাই আছে বাবে সকলোৱে ভাতৃ সম্বোধন কৰে। এই পৰস্পৰ বান্ধোন অনুভৱ কৰা আৰু তাৰ পৰিসীমা বিস্তাৰ কৰা, একাত্মতাৰ ভাবেৰে এজনে আনজনক সহায় কৰাটোৱেই হ’ল ধৰ্ম। কিন্তু এই ধৰ্ম ‘ৰিলিজন’ নহয়। ধৰ্মই সকলোকে একতাৰ ডোলেৰে বান্ধে। ভাৰতৰ এই জীৱনদৃষ্টি পৃথিৱীত ‘হিন্দু জীৱনদৃষ্টি’ নামে জনা যায়। ই ভাৰতৰ সকলো লোকৰে পৰিচয়। ভাষা, জাতি, ধৰ্ম ভিন্ন ভিন্ন হ’লেও সকলোৱেই একাত্ম আৰু সৰ্বাংগীণ জীৱনদৃষ্টিকে নিজৰ বুলি গণ্য কৰে আৰু ইয়াৰ ফলত ভাৰতত সকলো লোক হিন্দু হিচাবে পৰিগণিত হৈ পৰে। এই হিন্দুত্বই ভাৰতৰ সকলো লোককে পৰস্পৰৰ লগত একতাৰ ডোলেৰে বান্ধি ৰাখে। সংঘৰ প্ৰতিষ্ঠাপক ডাক্তৰ হেডগেৱাৰ ডাঙৰীয়াই ভাৰতৰ ভিন্ন ভাষা, জাতি, উপাসনা পদ্ধতি আৰু ভিন্ন প্ৰদেশৰ লোকৰ মাজত একতাৰ ভাব জগাই তোলাৰ বাবে হিন্দুত্বক আধাৰ হিচাবে লৈছে আৰু ইয়াৰ লগত সকলোকে জড়‌‌িত কৰি সংগঠিত কৰাৰ কাৰ্য আৰম্ভ কৰিছে।
কিছু লোকে ৰাজনৈতিক স্বাৰ্থ ৰক্ষাৰ বাবে সমাজৰ জাতি, ভাষা আৰু ৰাজ্যক ‘ৰিলিজন’ৰ নামত বিভক্ত কৰি ৰাখিব বিচাৰিছে। তেখেতসকলে সাম্প্ৰদা‌য়‌িক, প্ৰতিগামী, বিভাজনকাৰী, অল্পসংখ্যক বিৰোধী আদি ধ্বনিৰে হিন্দুত্বক সংঘৰ লগত জড়িত বুলি ক’বলৈ আৰম্ভ কৰিছে। হিন্দুত্বৰ আদিগুৰু স্বামী বিবেকানন্দ, দয়ানন্দ সৰস্বতী আদি অনেক মহানপুৰুষ সকলৰ কাৰ্যপদ্ধতিৰ বিৰুদ্ধেও মাত মাতিবলৈ আৰম্ভ কৰি দিছে।
এই সকলোবোৰ বিৰোধ আওকাণ কৰি হিন্দুত্বক আধাৰ হিচাবে লৈ আগবঢ়া সংঘৰ কাৰ্য ব্যাপক হাৰত বৃদ্ধি পাই আহিছে। ইয়াক লক্ষ্য কৰি বিৰোধী সকলে নিজৰ স্বাৰ্থ উদ্দেশ্যৰ হেতু এনেদৰে কবলৈ আৰম্ভ কৰিছে যে– হিন্দুত্ব দুই প্ৰকাৰৰ। নৰম (soft) হিন্দুত্ব আৰু কট্টৰ(hard)হিন্দুত্ব। স্বামী বিবেকানন্দ ডাঙৰীয়া হ’ল নৰম হিন্দু । ইয়াৰ বিপৰীতে সংঘ হ’ল গৰম হিন্দুত্বৰ প্ৰতিভূ, যি একেবাৰে বৰ্জনীয়। এই উদ্দেশ্যে এখন পুথিও লিখি উলিয়াইছে, নাম হ’ল “Why I am a Hindu”. কিন্তু সমাজৰ সহযোগত হিন্দুত্বৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধি হৈয়ে আছে। কাৰণ ই হ’ল ভাৰতৰ আত্মা, ভাৰতৰ অন্তৰৰ বাৰ্তা। আকৌ সমাজত ভ্ৰম বিস্তাৰ কৰিবলৈ আৰম্ভ কৰি কৈছে যে ‘হিন্দুইজম’ ‌ভাল কিন্তু হিন্দুত্ব বেয়া। কিয়নো ই সাম্প্ৰদা‌য়‌িক, প্ৰতিগামী আৰু অল্পসংখ্যা বিৰোধী। এটা সংবাদ মাধ্যমে ‘হিন্দুইজম’ আৰু হিন্দু্ত্বৰ মাজত পাৰ্থক্য কি বুলি কৰা প্ৰশ্নৰ উত্তৰত কয় যে দুয়োটা একেই। মাত্ৰ এটা ইংৰাজী ভাষাৰ আৰু এটা হিন্দী ভাষাৰ। দুয়োটাৰ মাজত ইমানেই পাৰ্থক্য। যিমানখিনি গোলাপ আৰু ‘ৰোজ’ৰ মাজত আছে। ড° ৰাধাকৃষ্ণণ ডাঙৰীয়াই লিখা “Hindu view of Life” নামৰ কিতাপখন ইংৰাজীতো লিখা হৈছিল। সেয়ে তেওঁলোকে ‘হিন্দুইজম’ প্ৰয়োগ কৰিছে। সাৱৰকাৰদেৱৰ ‘হিন্দুত্ব’ নামৰ কিতাপখন মাৰাঠী ভাষাৰ সলনি ইংৰাজীত অনুবাদ কৰাহেঁতেন সেই একে শব্দকে প্ৰয়োগ কৰিলেহেঁতেন। কিন্তু ব্যক্তিগত মত অনুসৰি হিন্দুত্বৰ ইংৰাজী অনুবাদ ‘হিন্দুনেচ’ (Hinduness) হ’ব লাগে। এনেদৰেই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱত ডাঙৰীয়াই বিজ্ঞান ভৱনত আযোজিত ত্ৰ‌ি–দিবসীয় বৈঠকত হিন্দু আৰু হিন্দুত্বৰ বিষয়ে বিস্তাৰ ৰূপত প্ৰকাশ কৰিছিল। ভাৰতবৰ্ষৰ বৈচাৰিক সংঘৰ্ষ ভাৰতৰ ‌দুটা ভি‌ন্ন অৱধাৰণাৰ মাজত আছে। এটা হ’ল ভাৰতীয় অবধাৰণা, যাৰ আধাৰ ভাৰতৰ প্ৰাচীন আধ্যাত্ম আধাৰিত জীৱনদৃষ্টিৰ লগত সম্পৰ্ক আছে আৰু আনটো হ’ল অভাৰতীয় অৱধাৰণা, যাৰ প্ৰেৰণাস্ৰোত ভাৰতৰ বাহিৰৰ।
অন্যহাতে, আৰু এটা শব্দ প্ৰয়োগ কৰা দেখা যায় সেইটো হ’ল হিন্দুত্ববাদী বা হিন্দুবাদী। ই বুদ্ধিক ভ্ৰমিত কৰাৰ কুঅভিপ্ৰায় মাথোন। সাম্যবাদী, সমাজবাদী, পুঁজিবাদী আদি বিভিন্ন লোক আছে। কিন্তু হিন্দুবাদ বা হিন্দুত্ববাদ আহিল ক’ৰ পৰা? একাত্ম আৰু সৰ্বাংগীণ জীৱনদৃষ্টিৰ পোহৰত নিজৰ ব্যক্তিগত, পাৰিবাৰিক, সামাজিক, ব্যৱসায়‌িক জীৱন ধাৰণ কৰা সমাজক হিন্দু বুলি কোৱা হয়। সেয়ে হিন্দুবাদ আৰু হিন্দুত্ববাদৰ নামত মিছাতে ভ্ৰমিত কৰাৰ ষড়যন্ত্ৰ মষিমুৰ কৰি বিনা হিন্দুত্বৰে শাশ্বত চিন্তন আৰু মূল্য প্ৰতিষ্ঠিত কৰাৰ প্ৰয়াস কৰা উচিত। তেতিয়াহে সমাজ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত ভাৰতৰ পুৰুষাৰ্থতা প্ৰকট ৰূপত স্থাপন কৰিব পৰা যাব।