ভাৰত চীনৰ সংঘাতৰ মাজতে হঠাৎ লেহত উপস্থিত হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী


ভাৰত চীনৰ সংঘাতৰ মাজতে হঠাৎ লেহত উপস্থিত হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । আৰু এনেদৰে হঠাৎতে প্ৰধানমন্ত্ৰী গৰাকী সেই স্থানত উপস্থিত হোৱাৰ কথা বহু কম সখ্যকেহে জানিছিল ।

এল.এ.ছী ত ভাৰত আৰু চীনৰ মাজত চলি থকা সংঘাতৰ মাজতে আজি ৰাতিপুৱাই হঠাৎতে লাদাখত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।আৰু এনেদৰে হঠাৎতে প্ৰধান মন্ত্ৰী গৰাকী সেই স্থানত উপস্থিত হোৱাৰ কথা বহু কম সখ্যকৰহে জ্ঞাত আছিল ।

প্ৰথম অৱস্থাত জানিবলৈ পোৱা গৈছিল যে কেৱল ডিফেন্স ষ্টাফ (CDS) বিপিন ৰাৱত লেহত উপস্থিত হব বুলি ।
মোদীৰ এনেদৰে উপস্থিত হোৱাক লৈ এতিয়া চীনে সন্দেহ কৰিছে যে দেশৰ সাধাৰণ জনতা এতিয়া সম্পূৰ্ণ ভাৰতীয় সেনাৰ লগত আছে ।
অৰ্থাৎ সম্পূৰ্ণ দেশ এতিয়া ভাৰতীয় সেনাৰ লগত ।

প্ৰধানমন্ত্ৰীৰ এই যাত্ৰাৰ সময়ত প্ৰধানমন্ত্ৰী গৰাকীৰ লগত কেৱল চিফ্ট অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱত আৰু আৰ্মি চিফ্ট এম এম নৰবনে উপস্থিত আছিল ।

শুক্ৰবাৰে দেশৰ ৰক্ষা মন্ত্ৰী ৰাজনাথ সিং যোৱাৰ কথা আছিল যদিও হঠাতে এই সিদ্ধান্ত বাতিল কৰা হয় ।

লাদাখত ভাৰতীয় আৰু চীনা সন্যৰ মাজত চলি থকা সংঘাতৰ এই সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই যাত্ৰাই ভাৰতীয় সন্যৰ মনোবল যথেষ্ট বৃদ্ধি হব ।