হোজাই জিলা যোগী সন্মিলনীৰ দ্বি-বৰ্ষীয় অধিৱেশন ২৮ ফেব্ৰুৱাৰীত

১৯১৯ চনত প্ৰতিস্থিত অসমত বসবাস কৰা নাথ-যোগী সম্প্ৰদায়ৰ একমাত্ৰ জাতীয় অনুষ্ঠান ‘অসম প্ৰাদেশিক যোগী সন্মিলনী’য়ে এক সুদীৰ্ঘ পৰিক্ৰমা পাৰ কৰি আহিছে।

তাৰ লগত সংগতি ৰাখি হোজাই জিলা যোগী সন্মিলনীয়ে অহা ২৮ ফেব্ৰুৱাৰীত দিনজোৰা এক বৰ্ণাঢ্য কাৰ্যসূচীৰে যোগী সন্মিলনীৰ দ্বি-বৰ্ষীয় অধিৱেশনখন পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই দিনজোৰা অনুষ্ঠানটো হোজাই জিলাৰ লংকা চহৰৰ সমীপৰ ১নং শ্যামবাড়ী অঞ্চলৰ দূৰ্গামন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে বুলি হোজাই জিলা যোগী সন্মিলনীৰ সভাপতি ডাঃ সুভাষ দেৱনাথে জানিবলৈ দিছে।

অধিৱেশনখন সাফল্য মণ্ডিত কৰি তুলিবলৈ উদ্যোক্তা সমিতিয়ে সমূহ ৰাইজলৈ অনুৰোধ জনাইছে।