কৰোনাত আক্ৰান্ত হৈ গুৱাহাটীত পুনৰ এগৰাকী লোকৰ মৃত্যু

corona

ডিজিটেল সংবাদ,গুৱাহাটী,১২এপ্ৰিল: দেশত কৰোনাৰ ভয়াবহ সংক্ৰমণ । ইফালে অসমতো বৃদ্ধি পাইছে কৰোনাৰ আক্ৰান্তৰ হাৰ ।

তাৰ মাজতেই গুৱাহাটী মহানগৰীত আজি পুনৰ এগৰাকী লোকৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে । কৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগী গৰাকী হৈছে সঞ্জয় ভট্টাচাৰ্য । উল্লেখযোগ্য যে পাণ্ডুৰ কামাখ্যা কলনীৰ বাসিন্দা আছিল ব্যক্তি গৰাকী।

বিগত কেইটামান দিন ধৰি হোম আইচলেশ্যনত আছিল কৰোনা ৰোগী গৰাকী। আনহাতে দুটাদিন আগতেও মহানগৰীত এগৰাকী শিক্ষয়িত্ৰীৰ উপৰিও আন এগৰাকী লোকে কৰোনাৰ আক্ৰান্তৰ বাবে মৃত্যু হব লগা হয় ।