গৰু বিহুৰ দিনাই হব পাৰে লকডাউন

lockdown

ডিজিটেল ডেস্ক : দেশত কৰোনাৰ প্ৰকোপ বৃদ্ধি পিছতেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰঙালী বিহুৰ গৰু বিহুৰ দিনা মহাৰাষ্ট্ৰত লকডাউনৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

উল্লেখযোগ্য যে এই সম্ভাৱনা ব্যক্ত কৰিছে মহাৰাষ্ট্ৰৰ মন্ত্ৰী অছলম শ্বেখে । এন আই এত প্ৰকাশিত এক খবৰ মতে, আগন্তুক ২ দিনৰ ভিতৰত মহাৰাষ্ট্ৰ চৰকাৰে এই ডাঙৰ সিদ্ধান্ত ঘোষণা কৰাৰ কথা উল্লেখ কৰে ।

ইয়াৰোপৰি মহাৰাষ্ট্ৰৰ মন্ত্ৰী গৰাকীয়ে কৰোনাৰ চেইনডাল ধবংসৰ বাবে এই কঠোৰ পদক্ষেপ লবৰ বাবে এই সিদ্ধান্ত গ্ৰহণৰ কথা ব্যক্ত কৰে । ইয়াৰোপৰি মহাৰাষ্ট্ৰত পৰ্যাপ্ত ভেকচিনৰ অভাৱ থকাৰ কথা কেন্দ্ৰক অভিযোগ কৰে ।