কমতাপুৰী জনগণৰ ওপৰত আক্ৰমণ অব্যাহত থাকিলে প্ৰত্যাক্ৰমণৰ হুংকাৰ দিছে সশস্ত্ৰ সংগঠন কে এল অ’ই ৷

ডিজিটেল ডেস্ক : পশ্চিম বংগত শেহতীয়াভাৱে সংঘটিত ৰাজনৈতিক হিংসাৰ ঘটনাক গৰিহণা দিছে কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন চমুকৈ কেএলঅ’ই ৷ নিৰ্বাচনৰ পিছতে পশ্চিম বংগত টিএমচিয়ে কোচ ৰাজবংশী লোকৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ আহ্বান জনাইছে সংগঠনটোৱে ৷ আনহাতে, কমতাপুৰী জনগণৰ ওপৰত আক্ৰমণ অব্যাহত থাকিলে প্ৰত্যাক্ৰমণৰ হুংকাৰ দিছে সশস্ত্ৰ সংগঠনটোৱে ৷
ইফালে, পশ্চিম বংগৰ ৰাজনৈতিক দলসমূহৰ কাম–কাজত অসন্তুষ্টি ব্যক্ত কৰি স্বগোষ্ঠীয় লোকসকলক ৰাজনৈতিক দল ত্যাগৰ আহ্বান জনাইছে সংগঠনটোৱে৷ কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন চমুকৈ কেএলঅ’ৰ সভাপতি জীৱন সিংহই এক ভিডিঅ’ বাৰ্তা যোগে এই কথা প্ৰকাশ কৰিছে ৷Previous Post
Comments