ড° চৌধুৰীদেৱে ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰ সকলো সংগঠনৰ প্ৰতি অকুন্ঠ সমৰ্থন পোষণ কৰিছিল।

অত্যন্ত দুখজনক খবৰ :
অসম তথা ভাৰতৰ এগৰাকী বিশিষ্ট পুৰাতত্ববিদ, National Museum ৰ পূৰ্বৰ Director General আৰু উপাচাৰ্য, অসম হিতৈষী, ভাৰতীয় ইতিহাস সংকলন যোজনাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাক্তন সভাপতি, Indian Art Histoty Congress ৰ ৰাষ্ট্ৰীয় সভাপতি ড° ৰবীন দেৱ চৌধুৰীৰ আজি গধুলি হায়াত হস্পিতালত দেহাৱসান হয়। তেখেতৰ মৃত্যু আমাৰ সমাজৰ কাৰণে এক অপুৰণীয় ক্ষতি।
অসমৰ সত্ৰসমূহ বেদখল মুক্ত কৰিবৰ কাৰণে তেখেতে কৰা প্ৰয়াস অসমবাসীয়ে সদায় শ্ৰদ্ধাৰে সোঁৱৰিব। মৰিগাঁও জিলাৰ আলিপুখুৰী পাতেকীবৰী, নগাঁৱৰ ৰামপুৰ সত্ৰ, দামোদৰ দেৱৰ জন্মস্থান নলচা, লখিমপুৰৰ আদি এলেঙী আদি সত্ৰৰ ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিবৰ বাবে কৰা প্ৰচেষ্টাক স্বীকৃতি দি অসম সত্ৰ মহাসভাই তেখেতক ‘সত্ৰবন্ধু’ উপাধিৰে বিভূষিত কৰিছিল। নতুন দিল্লীত ড° স্বৰাজ প্রকাশ গুপ্তাৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, বিশ্ব হিন্দু পৰিষদ আদি সংগঠনৰ লগতো জড়িত হৈ ড° চৌধুৰীদেৱে ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰ সকলো সংগঠনৰ প্ৰতি সহমত পোষণ কৰিছিল।
অশ্ৰুসিক্ত বিনম্ৰ শ্ৰদ্ধাঞ্জলি…।