জ্ঞানবাপী বিষয়ত আলোচনাৰে উপায় উলিয়াওক : সৰসংঘচালক

– উগ্ৰ হিন্দুত্ববাদীসকলক পৰামৰ্শ – প্ৰতিটো মছজিদতে শিৱলিং বিচাৰি ফুৰা বন্ধ কৰক

-এতিয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কোনো ধৰ্মীয় আন্দোলনৰ অংশ নহ’ব

নাগপুৰ, ০৩ জুন (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ড০ মোহন ভাগৱতে কয় যে বাৰাণসীৰ জ্ঞানবাপী বিষয়টোক লৈ হিন্দু আৰু মুছলমান পক্ষই পাৰস্পৰিক আলোচনাৰ জৰিয়তে উপায় বিচাৰি উলিয়াব লাগে। একেসময়তে মুছলমান দলসমূহক সংবিধানভিত্তিক ন্যায়পালিকাৰ সিদ্ধান্তক সন্মান কৰিবলৈ আহ্বান জনায় সৰসংঘচালকগৰাকীয়ে। ইয়াৰ সমান্তৰালকৈ ড০ ভাগৱতে উগ্ৰ হিন্দুত্ববাদীসকলক প্ৰতিটো মছজিদতে শিৱলিং বিচাৰি ফুৰা বন্ধ কৰিবলৈ পৰামৰ্শ দিয়ে।

নাগপুৰৰ ৰেছামবাগ ময়দানত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তৃতীয় বৰ্ষৰ সংঘ শিক্ষা বৰ্গৰ সামৰণি অনুষ্ঠানত সম্বোধন কৰি ড০ ভাগৱতে কয় যে ভাৰত আক্ৰমণৰ পিছত ইছলামিক শাসকসকলে হিন্দুসকলৰ বিশ্বাসৰ প্ৰতীক হৈ বহুতো মন্দিৰ ধ্বংস কৰে। ই আছিল মূলতঃ হিন্দু সমাজৰ মনোবল হ্ৰাস কৰাৰ প্ৰয়াস। হিন্দুসকলে অনুভৱ কৰে যে এনে ঠাইবোৰ এতিয়া পুনৰুজ্জীৱিত কৰা উচিত, কিন্তু আজিৰ মুছলমানসকল আমাৰ নিজৰ পূৰ্বপুৰুষৰ বংশধৰ। জ্ঞানবাপীৰ বিষয়টোক লৈ আমি পাৰস্পৰিক আলোচনাৰ মাজেৰে এটা উপায় বিচাৰিব লাগিব। যদি কোনো পক্ষই আদালতলৈ যায়, তেন্তে ন্যায়পালিকাৰ সিদ্ধান্তক সন্মান কৰা উচিত।

সংঘৰ ভূমিকা ব্যাখ্যা কৰি ড০ ভাগৱতে কয় যে পূৰ্বে সংঘই ৰাম মন্দিৰ আন্দোলনত যোগদান কৰিছিল, কিন্তু ৯ নৱেম্বৰত সংঘই নিজৰ ভূমিকা স্পষ্ট কৰি দিছিল। এতিয়া সংঘ কোনো ধৰ্মীয় আন্দোলনৰ অংশ নহ’ব। সংঘ কাৰো পূজা ব্যৱস্থাৰ বিৰোধী নহয় বুলিও সৰসসংঘচালক গৰাকীয়ে কয়। যদি দেশখনক বিশ্ব গুৰু বনাব লাগে, তেন্তে সমাজত পাৰস্পৰিক সমন্বয়, মৰম আৰু ভাতৃত্ববোধ হ’ব লাগে।

ড০ ভাগৱতে কয় যে দেশ বিভাজনৰ পিছত যিসকলে পাকিস্তানলৈ যোৱা নাছিল, তেওঁলোকে ইয়াৰ পৰম্পৰা আৰু সংস্কৃতিৰ লগত খাপ খাই থাকিব লাগে। দুয়োটা ধৰ্মৰ লোকে ইজনে সিজনক ভাবুকি দিয়াৰ পৰা বিৰত থাকিব লাগে। হিন্দুক লৈ যদি মুছলমানসকলৰ মাজত প্ৰশ্নবোধক চিহ্ন আছে, তেন্তে আলোচনা হোৱা উচিত। সৰসসংঘচালক গৰাকীয়ে কয় যে হিন্দুত্ব হৈছে দেশৰ আত্মা আৰু ইয়াত উগ্ৰবাদৰ কোনো স্থান নাই।

এই উপলক্ষে অশোক পাণ্ডে, বিদৰ্ভ প্ৰদেশৰ সংঘচালক ৰাম হৰকাৰে আৰু মহানগৰ সংঘচালক ৰাজেশ লয়য়া উপস্থিত থাকে। তদুপৰি মহাৰাজ লিশেম্বা সঞ্জাওবা (মণিপুৰৰ ৰজা), অনুৰাগ বিহাৰ (চিইঅ’, আজিম প্ৰেমজী ফাউণ্ডেশ্যন), সঞ্জীৱ ছানয়াল, কামাক্ষী আক্কা, সুনীল মেহতা (এ.বি. সহ-বৌদ্ধিক মুৰব্বী) আদি বিশেষভাৱে উপস্থিত আছিল।

–শাৰীৰিক আৰু আধ্যাত্মিক দুয়োটা শক্তিৰ প্ৰয়োজন

অনুষ্ঠানৰ মুখ্য অতিথি কমলেশ পেটেল উপাখ্যা দাজীয়ে কয় যে সন্ত্ৰাসবাদীৰ মাজত ঐক্যৰ সৃষ্টি হৈছে। কোনোবাই যদি কোনো প্ৰদেশত বোমা এটাৰ ওপৰত গৱেষণা কৰে তেন্তে সেই প্ৰযুক্তি অতি কম সময়ৰ ভিতৰতে আন সন্ত্ৰাসবাদীৰ বাবে উপলব্ধ হৈ পৰে। তেওঁলোকৰ সমন্বয় আছে। সাত্ত্বিক মানুহে মহান কাম কৰে, কিন্তু দুজন সাধু ইজনে সিজনৰ লগত বহি নাথাকিব।

একতা অবিহনে ভাৰতৰ অগ্ৰগতি সম্ভৱ নহয়। বিশ্বৰ নেতা হ’ব বিচাৰিলে বিশ্ববাসীক দিশ নিৰ্দেশনা দিয়াটো জৰুৰী। আধ্যাত্মিকতা যিয়েই নহওক কিয়, শাৰীৰিক শক্তি আহৰণ কৰাটো প্ৰয়োজনীয়। বস্তুগত আৰু আধ্যাত্মিক উভয়ৰে সমন্বিত শক্তিৰে দেশ বিশ্বগুৰু হ’ব পাৰে।

সকলো সমাজ, অনুষ্ঠান-প্ৰতিষ্ঠান একত্ৰিত হৈ দেশক পুনৰ নিৰ্মাণ কৰা উচিত। কমলেশ পেটেলে কয় যে দৰিদ্ৰতা নিৰ্মূল কৰিব লাগিব আৰু দেশত নতুন শক্তি সৃষ্টি কৰিব লাগিব। ইয়াৰ দ্বাৰা আমাৰ সন্ত মহাৰাজৰ সপোন পূৰণ হ’ব। বৈচিত্ৰ্যৰ মাজতো একে মনোভাৱেৰে দেশৰ সেৱা কৰা উচিত।