বানাক্ৰান্ত লোকৰ মাজত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ খোৱাপানী বিতৰণ।

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিত বান পৰিস্থিতি বৰ্তমান সামান্য উন্নতি হৈছে যদিও বিপদ আতৰা নাই। বানৰ কবলত পৰি ৰাইজে হাবুডুবু খাই আশ্রয় শিবিৰত আশ্রয় গ্রহণ কৰি আছে। চাৰিওফালে সাগৰ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে যদিও বানাক্ৰান্ত ৰাইজে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰি আহিছে। বিশেষকৈ খোৱাপানী আৰু পোহৰৰ অভাবত ভোগা ৰাইজে চৰম অস্বস্তিকৰ পৰিবেশৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে। বানাক্ৰান্ত ৰাইজৰ এনে দুৰ্দশাৰ দেখি কিঞ্চিত সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, গহিয়াৰ লাচিত শাখাৰ স্বয়ংসেৱক সকল। স্বয়ংসেৱক সকলে আজি গহিয়া, গড়ৰতাৰি, শিংৰা, ভকুৱাটেপাৰ আশ্রয় শিবিৰত আশ্রয় গ্রহণ কৰি থকা বানাক্ৰান্ত ৰাইজৰ মাজত খোৱাপানী বিতৰণ কৰে। স্বয়ংসেৱক সকলে প্ৰায় ছয় কিলোমিটাৰ পথ পানীৰ মাজেৰে খোৱাপানী কঢ়িয়াই আনি বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰে। আশ্রয় শিবিৰত খোৱাপানীৰ অভাবত ভোগা ৰাইজে এটুপি খোৱাপানী পাই কিছু হলেও সকাহ পাইছে বুলি প্ৰকাশ পাইছে। খোৱাপানী বিতৰণৰ সময়ত গহিয়াৰ লাচিত শাখাৰ স্বয়ংসেৱক সকলৰ লগত বজালী জিলা যুৱ মৰ্চাৰ সম্পাদক তিলক পাঠকেও অংশগ্রহণ কৰে। ইফালে, বানাক্ৰান্ত ৰাইজক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক সকলে বিগত পাঁচ দিন ধৰি বিভিন্ন প্ৰকাৰে সহায় সহযোগ আগবঢ়াই আহিছে।