শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হব লোকমন্থন ২০২২

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গৰিমামণ্ডিত লোককৃষ্টিৰ বিশ্বৰূপ

লোক সংস্কৃতি তথা লোক কলাৰ প্ৰসাৰৰ বাবে আয়োজিত কৰা হব এই অনুষ্ঠান ।

অহা ২১,২২,২৩ আৰু ২৪ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লোক পৰম্পৰাক মুখ্য বিষ়য় বস্তু হিচাপে লৈ লোকমন্থন ২০২২ৰ আয়োজন কৰা হৈছে । বিভিন্ন আলোচনা, অধ্যনচক্ৰ, সাংস্কৃতিক অনুষ্ঠান আৰু ৰাষ্ট্ৰৰ সমৃদ্ধিশালী বৈচিত্ৰ্যতা প্ৰদৰ্শন কৰা হব ।

দেশত তৃতীয় বাৰলৈ আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ ইয়াৰ পূৰ্বে ২০১৬ আৰু ২০১৮ চনত ভূপালৰ ৰাশিত অনুষ্ঠিত হৈছিল লোকমন্থনৰ কাৰ্যসুচী আৰু এইবাৰ গুৱাহাটীত লোকমন্থন ২০২২ৰ বৃহৎ অনুষ্ঠান ।

অসম পৰ্যটন উন্নয়ন নিগমৰ সহযোগিতাত প্ৰজ্ঞা প্ৰবাহ আৰু ইফনীৰ উদ্যোগত অনুষ্ঠিত হব লোকমন্থন ২০২২ ।এই অনুষ্ঠানৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ লোক সংস্কৃতি জীয়াই ৰখাৰ প্ৰয়াস ।

লোক পৰম্পৰাক বিষয়বস্ত হিচাপে লৈ অনুষ্ঠিত হব লগা এই অনুস্থানত দেশৰ আগশাৰীৰ শিল্পী, সাহিত্যিক গৱেষকৰ উপস্থিতিত এইয়া এক লোক কৃষ্টিৰ ভগীৰথী প্ৰবাহ।

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ কেইবাখনো ৰাজ্যৰ লোক সংস্কৃতিৰ প্ৰদৰ্শনী কৰা হব অনুষ্ঠানত

২১ ছেপ্টেম্বৰৰ পুৱা ১০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠানটোৰ এক উদ্বোধনী অধিৱেশনৰ আয়োজন কৰা হৈছে। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখাৰ অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব। লগতে ‘সন্মানীয় অতিথি’ হিচাপে উপস্থিত থাকিব অসম আৰু নাগালেণ্ডৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰিব অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।