চলচ্চিত্ৰমৰ ফিল্ম ফেষ্টিভেল। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ছবি দা লেণ্ড অব হিডেন ট্ৰেজাৰ

গুৱাহাটী , ৬ জানুৱাৰীঃ
বিশ্ব সংবাদ কেন্দ্র, অসমৰ অধীনৰ চলচ্চিত্রমৰ নেচনেল ফিল্ম ফেষ্টিভেলৰ আজি সামৰণি পৰে। জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত চলচ্চিত্রমৰ নেচনেল ফিল্ম ফেষ্টিভেলত আদিত্য পটৱৰ্ধনৰ পৰিচালিত ‘ এ নোমাও ৰিভাৰৰ প্ৰদৰ্শনেৰে দুদিনীয়াকৈ আয়োজিত চলচ্চিত্ৰম নেচনেল ফিল্ম ফেষ্টিভেলৰ আজি সামৰণি পৰে ৷সামৰণি অনুষ্ঠানত প্ৰখ্যাত চিত্ৰনাট্যকাৰ আৰু পৰিচালক আকাশ আদিত্য লামাই অংশগ্ৰহণ কৰি কয় যে ৰাষ্ট্ৰৰ ঐতিহ্য আৰু গৌৰৱৰ মূল বিষয় হিচাপে লৈ আয়োজন কৰা এই চলচ্চিত্ৰ মহোৎসৱে ইতিমধ্যে ৰাষ্ট্ৰখনতেই এক স্বকীয় পৰিচয় অৰ্জন কৰিছে ৷’ আনহাতে, অসমৰ সাহিত্য উৎকৃষ্ট বুলি অভিহিত কৰি আকাশ আদিত্য লামাই পুনৰ কয় যে, যি জাতি-ভাষৰ সাহিত্য ভাল, সেই ভাষাৰ বোলছবি ভাল হবই। এ নোমাও ৰিভাৰ’ৰ অভিনেত্ৰী কংকনা চক্ৰৱৰ্তীয়ে কয় যে মই লজ এঞ্জেলছত থকা সময়ৰে পৰা এই মহোৎসৱৰ নাম শুনি আহিছো ৷এইবাৰ অংশগ্ৰহণ কৰিব আহি খুব আনন্দিত হৈছো ৷ মহোৎসৱৰ প্ৰথম দিনা প্ৰদৰ্শন হৈছিল ৰঞ্জন ঘোষৰ ছবি ‘ মহিষাসুৰ মৰ্দিনী ’ ৷ এই ছবি প্ৰদৰ্শনৰ অন্তত হোৱা এক কথোপকথন অনুষ্ঠানত ঘোষৰ সৈতে আলোচনাত অংশ লয় চিত্ৰ সমালোচক অপূৰ্ব শৰ্মা, মনিতা বৰগোহাঞি, আৰু ৰাজীৱ বৰঠাকুৰে ৷
সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি লছ এঞ্জেলছৰ পৰা অহা চিত্ৰপৰিচালক আদিত্য পটৱৰ্ধনে কয় যে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যত মই মুগ্ধ আৰু আমাৰ কাহিনীৰে অসমৰ পটভূমিত ছবি নিৰ্মাণ কৰিবলৈ আগ্ৰহী । মহোৎসৱৰ সৈতে আয়োজিত চুটি ছবি প্ৰতিযোগিতাত শ্ৰেষ্ঠ ছবি হিচাপে বিবেচিত হয় সনাতন কৰ্মকাৰৰ ‘ দা লেণ্ড অব হিডেন ট্ৰেজাৰ ’ ৷ দ্বিতীয় শ্ৰেষ্ঠ ছবি হিচাপে বঁটা লাভ কৰে পৰিচালক গুঞ্জন শৰ্মাৰ ‘ নিউ ইয়েৰ ইন ঈশান ভাৰত ’ নামৰ ছবিখনে ৷ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’ ছবিৰ পৰিচালক মহৰ্ষি তুহিন কাশ্যপে ৷জুৰিৰ বিশেষ উল্লেখ বঁটা লাভ কৰে হাটকথা ছবিৰ বাবে সংগীতা মেধি আৰু ইৰলুনগডি ছবিৰ বাবে ৰাকেশ মৈৰাংথেমে ৷ আনহাতে, বিগত দুদিন ধৰি জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা চলচ্চিত্র উৎসৱত মুঠ ১৮ খন ছবি প্ৰদৰ্শন কৰা হয়। বঁটা বিতৰণী অনুষ্ঠানত বঁটা সমূহ বিতৰণ কৰে প্ৰখ্যাত পৰিচালক আকাশ আদিত্য লামা, কানাড়া ছবিৰ অভিনেতা সুনীল পুৰাতনীক আৰু চলচ্চিত্রম ফেষ্টিভেলৰ জুৰীৰ সভাপতি ৰঞ্জন ঘোষে। তদুপৰি, প্ৰতিযোগিতাত প্ৰদৰ্শন কৰা ছবি সমুহৰ সকলো পৰিচালকক মান পত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য, শতাধিক ছবিয়ে অংশগ্রহণ কৰা ছবি সমুহৰ পৰা জুৰী বোৰ্ডে কুৰি খন ছবি বাচনি কৰি প্ৰদৰ্শন কৰাৰ ব্যবস্থা কৰা হৈছিল। এই মহোৎসৱত ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি ‘ জাষ্টিছ ডিলেটড বাট ডেলিভাৰদ ছবিখনো প্ৰদৰ্শন কৰা হয় ৷