October 1, 2023

জম্মু-কাশ্মীৰৰ পুঞ্চত সন্দেহজনক উগ্ৰপন্থীৰ ঘাটি উদ্ধাৰ, উদ্ধাৰ কৰা হৈছে বিস্ফোৰক সামগ্ৰী ।

বৃহস্পতিবাৰে নিৰাপত্তাৰক্ষীয়ে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত এটা সন্দেহজনক উগ্ৰপন্থীৰ ঘাটি উদ্ধাৰ কৰে । সেনা বিষয়া সকলে দিয়া তথ্য অনুসৰি উগ্ৰপন্থীৰ ঘাটিৰ পৰা বহুতো বিস্ফোৰক সামগ্ৰী জব্দ কৰা হয়।

সূত্ৰ অনুসৰি পুঞ্চৰ চালানি অঞ্চলত ৩৯ ৰাষ্ট্ৰীয় ৰাইফলছ আৰু বিশেষ অভিযান গোটৰ দ্বাৰা এটা অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছিল য’ত সেনাৰ স্নিফাৰ কুকুৰে এটা গোপন ঘাটিত সন্দেহজনক আইইডি আৰু অন্যান্য বিস্ফোৰক সামগ্ৰীৰ উপস্থিতি চিনাক্ত কৰিছিল। আৰু লগে লগে বোমা নিষ্কাশন কাৰী দলে বিস্ফোৰক সামগ্ৰী সমূহ  সুৰক্ষিতভাৱে ধ্বংস কৰিবলৈ সক্ষম হয়।