November 29, 2023

আজি নলবাৰী জিলাত বহুজাতিক প্ৰতিষ্ঠান পেপছিকোৰ এক খাদ্য উৎপাদন গোটৰ ভূমি পূজন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।ৰাজ্যৰ উদ্যোগ খণ্ডক উদগনি প্ৰদানৰ দিশত নিৰন্তৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজিৰ এই কাৰ্যসূচীয়ে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।প্ৰায় ৭৭৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই উৎপাদন গোটত প্ৰায় ৫০০গৰাকী ব্যক্তিৰ বাবে নিয়োগ সৃষ্টি হ’ব। তদুপৰি এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ কৃষকসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব।
অসমত এক অত্যাধুনিক খাদ্য উৎপাদন গোট প্ৰতিষ্ঠা কৰাৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ হেতু পেপছিকো প্ৰতিষ্ঠানলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই ।