November 29, 2023

আজি বৰাক উপত্যকাৰ যোগাযোগ ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদানেৰে তিনিখনকৈ দলং আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় ৫৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা বদ্ৰীঘাট দলং, প্ৰায় ১৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ডুংৰিপাৰ দলং আৰু প্ৰায় ৮৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ইটখোলাঘাট দলং বৰাক উপত্যকাৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ। বৰাক উপত্যকাৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ সংযোজন হিচাপে বিবেচিত হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।