
অধ্যাপক ননীগোপাল মহন্তৰ গ্ৰন্থ উন্মোচনী সভাত আৰএছএছপ্ৰধান মোহন ভাগৱতৰ বক্তব্যৰ সম্পাদিত ৰূপ-

অধ্যাপক ননীগোপাল মহন্তৰ গ্ৰন্থ উন্মোচনী সভাত আৰএছএছপ্ৰধান মোহন ভাগৱতৰ বক্তব্যৰ সম্পাদিত ৰূপ–
21/07/2021
চি এ এ আৰু এনআৰচি ইয়াক লৈ যি হ’বলগীয়া আছিল হ’ল। তাক বিষয় হিচাপে লৈ এই গ্ৰন্থখন ৰচনা হৈছে। সেই সময়ৰ কথাৰে। কিন্তু সেই তৎকালীন কথাৰ অন্তৰালতো এটা বৃহৎ চিন্তন আছে। তাৰ বিৰোধিতা হৈছে, তাৰ পিছতো এটা দৰ্শন াছে। এই আইনখন অনা হৈছে, তাক সমৰ্থন কৰা হয়, তাৰো অন্তৰালত আছে এটা চিন্তন। আৰু সেই চিন্তনৰ কোনটো দিশ আমাৰ সকলোৰে বাবে কল্যাণকাৰী, সেইটোৰ বিচাৰ আমি কৰিবলগীয়া হয়। এনে সমস্যা মানৱ জীৱনত, আমাৰ দেশ আৰু প্ৰদেশৰ জীৱনত আহে আৰু যায়। তাৰ ভাল অথবা বেয়া পৰিণাম তেতিয়া পোৱা যায় যেতিয়া তাৰ অন্তৰালত থকা চিন্তন অথকা স্বৰূপ উপলব্ধি কৰি আমি উচিত দিশটো গ্ৰহণ কৰোঁ।
এনে এখন গ্ৰন্থ যে ৰচনা কৰিব, ননীগোপাল মহন্তই মোক আগেয়ে জনাইছিল। গ্ৰন্থখনৰ বিচাৰধাৰা অথবা ব্যাখ্যা কেনে ধৰণৰ হ’ব, সেইটোও আগেয়েই জনাই দিছিল।কথাটো তেওঁ প্ৰায় তিনি বছৰ পূৰ্বে কৈছিল। তেওঁ কৈছিল, আপুনি আহিব। কিতাপখনৰ বিষয় কি হ’ব, সেই বিষয়ে নজনাকৈয়ে মই তেওঁক হা কৰি দিছিলোঁ। মই নাজানিছিলোঁ, তাত কি সন্নিৱিষ্ট হ’ব।কিন্তু তেওঁক দুই-তিনিবাৰ লগ পাইছিলোঁ। সাক্ষাৎ হৈছিল। মোৰ ধাৰণা এটা হৈছিল যে তেওঁ যি লিখিব, তথ্য আধাৰিত হ’ব। প্ৰামাণিক তথ্যৰ আধাৰত লিখিব। আৰু যি তথ্য থাকিব, তাকেই লিখিব। তথ্যৰ উপস্থাপনো এটা কলা। ইয়াৰ ব্যাখ্যা সুকীয়া হ’ব পাৰে।
আমি যিসকলে সংঘৰ কাম কৰোঁ, আমাৰ ভাবনাত সত্যহে থাকে। সত্যৰ আধাৰত চলোঁ। তথ্যৰ পৰা যি সত্য ওলা আহিব, তাত ভয় কৰাৰ কাৰণ নাই। ননীগোপাল মহন্তই তথ্যৰ আধাৰত লিখিব। তাৰ স্বৰূপ কি হ’ব, কি লিখিব, সেই নজনাকৈয়ে মই আহিম বুলি কৈছিলোঁ। আহিলোঁ।
মই এই কাৰণেই কৈছোঁ যে গ্ৰন্থখনৰ নিৰ্যাস ইতিমধ্যে আপোনালোকৰ মাজলৈ আহি গৈছে। প্ৰতিটো কথাত হুলস্থূল কৰাটো আজিকালি নিয়মত পৰিণত হৈছে। এই গ্ৰন্থখনক লৈয়ো হুলস্থূল হ’ব পাৰে। তেওঁ অধ্য়ন কৰিছে। বহু পৰিশ্ৰম কৰিছে। ব্যাপক অধ্যয়ন কৰিছে। আৰু এইবাবেই অদ্যাপি আমাৰ মাজলৈ নহা বা আহিব নোৱাৰা কথাও গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে।
গ্ৰন্থখনত অসমৰ পৰিচয় কিমান প্ৰাচীন আৰু ই কাৰ সৈতে সংযুক্ত হৈ আছে, তাক উল্লেখ কৰা হৈছে। মোৰ দৃষ্টিত ভাৰতৰ প্ৰতিটো ভাষা আৰু অঞ্চলৰ ইতিহাস সেই প্ৰাচীন সময়ত সৈতে সংযুক্ত হৈ আছেই। অৱশ্যে আজিৰ দৰে সম্পূৰ্ণ একে অৱস্থাত তেতিয়া নাছিল। ব্যকৰণত কোৱাৰ দৰে তাৰ পৰা ওলাই অহা তদ্ভৱৰ দৰে আছিল। আৰু সেইটোনো কি, যাৰ পৰা আমি সকলো বাহিৰ হৈছোঁ? আমি আজি ইমান ভিন্ন দেখো। ভাষাও বুজি পেৱা নাযায়। সকলোৰে ভাষাও ভিন্ন। খাদ্য, ভৌগলিক কাৰণত ভিন্ন হৈ পৰিছে। ইতিহাস সকলোৰে মিলি ভিন্ন ভিন্ন হ’ল। ভিন্ন ভিন্ন প্ৰদেশৰ নিজা নিজা ইতিহাস আছে। আৰু এইটো কিমান হাজাৰ বছৰ ধৰি যে চলি আছে।সম্পূৰ্ণ আধুনিক আৰু ভাৰতৰ প্ৰতি সামান্যতম সহানুভূতি নথকা ইতিহাসলৈও যদি আমি চাওঁ, তাৰো যদি মন্তব্য আমি গ্ৰহণ কৰোঁ, কমেও চাৰি হাজাৰ বছৰ ধৰি চলি আহিছে। এই অুমান ভুল। ইয়াতকৈও প্ৰাচীন। কিন্তু তথাপিও যদি মানি লওঁ, এই ধাৰাটো চাৰেচাৰি হাজাৰ বছৰ ধৰি চলি আহিছে। পৃথিৱীত এনে দ্বিতীয়টো উদাহৰণ পাবলৈ টান যে ইমান বৈচিত্ৰ্যৰ মাজতো এইটো ইমান বছৰ ধৰি সংঘাত অবিহনে চলি আহিছে। পাৰস্পৰিক মিলাপ্ৰীতিৰে চলিল। আজিও এয়া অব্যাহত আছে। এয়া মাথোঁ আমাৰ দেশখনত সম্ভৱ হৈছে। অৱশিষ্ট পৃথিৱীৰ ধাৰণা হৈছে মিলিজুলি থাকিবলৈ হ’লে সকলো সমান হ’ব লাগিব। ভিন্ন ভাষা হ’ব নোৱাৰিব। এটাই ভাষা লাগিব। সুকীয়া সুকীয়া খাদ্যাভ্যাস, ৰীতি-নীতি নচলিব। একে ধৰণৰ হব লাগিব। ভিন্ন ভিন্ন প্ৰকাৰৰ পূজা হ’ব নোৱাৰিব। এটাই পূজা হ’ব লাগিব। সেইটো ক’লে যদি হয়, মাৰপিট কৰি যদি হয়, ভাল কথা। নহ’লে ভিন্নতাক ধৰি ৰাখিব বিচৰাসকলক নিঃশেষ কৰি দিয়া হওক, সেয়াও চলিব। স
অসমৰ কথা যদি চাওঁ, আমি সংখ্যালঘু হ’বলৈ গৈ আছোঁ, সেই ভয়টোৰ কেতিয়া উৎপত্তি হ’ল? সংখ্যালঘু-সংখ্যাগৰিষ্ঠৰ কথা এৰক। আমাৰ সভ্যতা, আমাৰ ভাষা শেষ হ’বলৈ ধৰিছে। এইটো প্ৰাচীন সময়ৰ পৰা হোৱা নাই। মহাভাৰতৰ সময়ত অসমৰ কথা উল্লেখ আছে। অৰ্থাৎ সেই সময়ৰ পৰা আহ-যাহ নিশ্চয় চলিছিল। সেই সময়ৰ পৰাই প্ৰব্ৰজন চলি আছিল। কিন্তু আনৰ আগমনত বিপদৰ সৃষ্টি হ’ব, তেনে ভয়ৰ উৎপত্তি হোৱা নাছিল। হ’ব নোৱাৰে। কিন্তু যেতিয়া এনে বিচাৰধাৰাৰে উদ্বুদ্ধ প্ৰতিৱেশী আহিব ধৰিলে অৰ্থাৎ একতাৰ বাবে একে দৰ্শনৰ আৱশ্যক, দুই ধৰণৰ দৰ্শন নচলিব, তেতিয়া বিপদটোৱে দেখা দিলে। কাৰণ তেওঁলোকৰ এটা কথা, আমি যত থাকিম, তাত আমা্ৰ প্ৰভূত্ব চলিব। আমি মিলিজুলি থাকিম, তেনে কথা হ’ব নোৱাৰে। পৃথিৱীৰ কোনো ভাষা-ধৰ্মৰ সৈতে আমাৰ সংঘাত নাই। কিয়নো আমি বসুদেৱ কুটুম্ব নীতিত চলোঁ। আণাৰ দেশখনত কিমানখন যে ৰাজ্য আছিল। কিন্তু বিবাদৰ স্থান নাছিল। আহ-যাহ চলিছিল। আমি ইজনে-সিজনৰ বন্ধু। আপুনি মোৰ বাবে অকণো চিন্তু নকৰিলেও মই আপোনাৰ কথা চিন্তা কৰোঁ। সেয়ে নাগৰিকত্ব এটা কাৰিকৰী বিষয়। সংবিধানত নাগৰিকৰ অধিকাৰ আছে।আমাৰ সভ্যতা-সংস্কৃতিৰ কথা বাদ দিলোঁ। সংবিধানৰ ৫১(এ)নং ধাৰা অনুসৰি এইখন দেশৰ নাগৰিক হিচাপে কৰিবলগীয়া সকলো লিপিবদ্ধ হৈ আছে। সেইখিনিক যিয়ে সংকল্প হিচাপে ল’ব, তেওঁ নাগৰিক হ’ব পাৰিব। সমস্যা তেতিয়া
এইখনটো আমাৰ ভোগভূমি নহয়। কৰ্মভূমি। এই ভূমি কোনো সম্প্ৰদায়ৰ পূজাৰ ভেটিত প্ৰতিষ্ঠিত নহয়। মূল কথাটো এইটোৱেই। আমি সকলোৱে এইটোক মানি চলিব লাগে। আমি সকলোৱে ভাৰতৰ অস্তিত্বক লৈ চিন্তিত হ’ব লাগে। এইটো ভূ-ৰাজনৈতিক অৱস্থাৰ বাবে নহয়। সুদীৰ্ঘ কালৰ সাহচৰ্যৰে আমি ইয়াক জীৱনৰ দৰ্শন হিচাপে গঢঞি লৈছোঁ। পৰম্পৰাৰে গঢ়িছোঁ। এতিয়া আমি ইয়াৰ পৰা বিচাৰিলেও বিচ্ছিন্ন হ’ব নোৱাৰোঁ। কিয়নো আমাৰ ভাষা-সংস্কৃতি, পৰম্পৰা সেই ধাৰাত সম্পূৰ্ণৰূপে সমাহিত হৈ গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু ভক্তি সাহিত্যক বাদ দি অসমীয়াৰ কল্পনা কৰিব পাৰিনে? এইটো হ’ব নোৱাৰে।
‘কা’-এনআৰচি ভাৰতৰ কোনো নাগৰিকৰ বিৰুদ্ধে প্ৰস্তুত আইন নহয়। ভাৰতীয় মুছলমান নাগৰিকক চি এ এ-ৰ পৰা অকণো লোকচান নহয়। বিভাজনৰ সময়ত নেহৰু-লিয়াকৎ চুক্তিত নিজৰ দেশৰ সংখ্যালঘুৰ ধ্যান ৰাখিব। আমি আজিলৈকে ইয়াক পালন কৰি আছোঁ। পাকিস্তানে নকৰিলে। সমগ্ৰ দেশবাসীয়ে ইংৰাজক ইয়াৰ আঁতৰোৱাৰ বাবে আন্দোলন কৰিছিল সম্পূৰ্ণ ভাৰতবৰ্ষখন স্বাধীন হ’ব। কিন্তু বিভাজন আহিল। বিভাজনৰ বাবে জনসাধাৰণৰ মত লোৱা নহ’ল। মত লোৱাহেঁতেন, বিভাজন নহ’লহেঁতেন। কিন্তু নেতাসকলেসিদ্ধান্ত ল’লে, জনগণে তাক মানি ল’লে। তাৰ বাবে সংগ্ৰাম কৰা নাছিল। তথাপি মানি ল’লে।
এনআৰচি এখন তথ্যসম্বলিত নথি। নিজৰ দেশৰ নাগৰিক কোন, সেইটো জানিবলৈ বহু পদ্ধতি আছে। এনআৰচিও তেনে এটা পদ্ধতি।
এনআৰচি-কা হিন্দু-মুছলমানৰ বিষয় কৰি দিলে। এইটো হিন্দু-মুছলমানৰ বিষয় নহয়েই। কিন্তু ৰাজনীতিকৰণ হ’ল। কিন্তু দায়িত্ব আমাৰ। পাঁচ বছৰ পাছত ইয়াৰ শুদ্ধিকৰণ হ’ব লাগিব।
আমি সদায় ভ্ৰমত থাকিম আৰু কথাবোৰ বাহিৰলৈ ওলাই নাহে, সেইটো হ’ব নোৱাৰে। সেই বাবে এনে অধ্যয়নৰ দৰকাৰ।