লেখিকা: ড০ নন্দিতা শইকীয়া
অলপতে সামাজিক মাধ্যমত এটা মিঞা গান ভাইৰেল হৈছে। মিঞা গানৰ জৰিয়তে তাত প্ৰশ্ন কৰা হৈছে “ এই দেশখন (অসমখন) তহঁতৰ বাপেৰৰ সম্পত্তি নেকি?”
প্ৰশ্ন কৰা হৈছে যে মন্দিৰৰ পূজাৰীয়েও ধৰ্ষণ কৰে , কিন্তু মিঞাকহে কিয় দোষ দিয়া হয় ? তদুপৰি মিঞা গানৰ ছলেৰে অসমীয়াক ধমকি দিয়া হৈছে “মিঞা জাগিলে, অসমীয়াই নিজৰ নাম পাহৰিব লাগিব!” এই লিখনিৰ জৰিয়তে মিঞা গানৰ প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়াস কৰা হৈছে l
প্ৰশ্ন: অসমখন তহঁতৰ বাপেৰৰ সম্পত্তি নেকি?
উত্তৰ : হয়, অসমখন মোৰ পূৰ্বপুৰুষ, মোৰ পৈতৃক সম্পত্তি l মোৰ আজোককাই মোক দি গৈছে সদা জাগ্ৰতা মা কামাখ্যা কামেশ্বৰী দেৱী, যিগৰাকীয়ে সদা জাগ্ৰত হৈ এই ভূমি ৰক্ষা কৰি আছে, যাৰ আগত বীৰ লাচিতে মোগলক পৰাস্ত কৰাৰ শপত লৈছিল আৰু কৰিছিল l হয় মই সমগ্ৰ কামৰূপৰ উত্তৰাধিকাৰী মহাভাৰতৰ দিনৰে পৰা, যেতিয়া কামদেৱতাই ইয়াত পুনৰ ৰূপ লাভ কৰিছিলl এই ব্ৰহ্মপুত্ৰ নদীখন আমাৰ ঋষি শান্তনু আৰু আমোঘা মাতৃৰ কুলনন্দন, তেওঁলোকৰপৰা মই উত্তৰাধিকাৰী সূত্ৰে পাইছো l কামৰূপৰ কামপীঠ, ৰত্নপীঠ, সৌমাৰপীঠ, আৰু সুৱৰ্ণপীঠৰ প্ৰাগজ্যোতিষপুৰ নামৰ ৰাজধানীও মোৰ পূৰ্ব পুৰুষৰ সম্পত্তিl ডিমা হাছাওৰ হিড়িম্বা দেৱী আৰু ঘটোকচ বীৰে লিখি থৈ গৈছে মহাভাৰতৰ দিনৰে পৰাl এই ভূমি মই মহাভাৰতৰ দিনৰ বীৰ নৰকাসুৰ, আৰু ভগদত্তৰ পৰা পাইছো l মই অসমখন মোৰ পূৰ্বপুৰুষ মহীৰংগ দানৱ, সম্ৰাট ভাস্কৰবৰ্মা, আৰু বীৰ পৃথুৰ পৰা পাইছোঁ ৷ এই ভূমি কুণ্ডিলজীয়ৰী কৃষ্ণভাৰ্য্যা ৰুক্মিণীৰ ভূমি, দুৰ্যোধন ভাৰ্য্যা ভানুমতীৰ ভূমি আৰু অনিৰুদ্ধভাৰ্য্যা উষাৰ ভূমি ৷ এই ভূমি শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ,হৰিদেৱ,দুৰ্গাবৰ,মনকৰ,লক্ষ্মীনাথ,জ্যোতি,বিষ্ণু,ভূপেনৰ ভূমি ৷ নগাঁওৰ বৰদোৱা থানখন, বৰপেটাৰ থানৰ লগতে হোলী উৎসৱতো মোৰ পিতায়ে মোক দি যোৱা সম্পত্তি, ধুবুৰীৰ নেতাই ধুবুনি ঘাটতো, গোৱালপাৰাৰ সূৰ্য পাহাৰটো, গুৱাহাটীৰ মাজ মজিয়াত থকা নৰকাসুৰ পাহাৰ, ভূৱনেশ্বৰী পাহাৰ, নীলাচল পাহাৰটো, শদিয়াৰ কেঁচাই খাইতী গোঁসানীজনী: এই সকলোবোৰ মোৰ পূৰ্বপুৰুষে বহুত ত্যাগৰ বিনিময়ত মোলৈ থৈ গৈছেl
অসমৰ পাহাৰে ভৈয়ামে নাচি গাই থকা বিহু নাছ আৰু বিহু গীত নাম বোৰ, মোৰ মেখেলা চাদৰজোৰ, দখনাখন, গামোচাখন, মুগা পাট কাপোৰৰ লগতে খনীয়া কাপোৰখন, এই সকলোবোৰ মোৰ দেউতাৰ সম্পত্তিl নামঘৰ, সত্ৰৰ লগতে ভাওনাখন, বৰগীত বনগীত, সত্ৰীয়া নাচ, পাল নাম, থিয় নাম, মহ খেদা নাম , জিকিৰ জাৰী, আদিবোৰ যিবোৰে অসমক বিশ্ব দৰবাৰত অনন্য বুলি চিনাকি দিয়ে, সেইবোৰ মোৰ দেউতাৰ সম্পত্তি l শিৱদৌল, জয়দৌল মোৰ স্বৰ্গদেওৰ সম্পত্তি, যি যি বিদেশৰ পৰা আহিও এই পবিত্ৰ ভূমিৰ ধৰ্ম আৰু ভাষালৈ আপোন হল l মাছৰ টেঙা খন, খাৰলি খৰিচা কাঁহুদী গাহৰি লাই শাক তিল পিঠা, ঘিলা পিঠা এইবোৰ মোৰ সকলোবোৰ দেউতাৰ সম্পতি l অসমক অসম বুলি পৰিচয় দিবৰ বাবে যি যি আছে, এই সকলোবোৰ মোৰ পিতাৰ সম্পত্তি l
প্ৰশ্ন: মন্দিৰ বা পূজাৰিয়েও ধৰ্ষণ কৰে, কিন্তু মিঞাক দোষ কিয়া দিয়া হয়?
উত্তৰঃ হয়, এজন পুৰোহিতে ৰেপ কৰিব পাৰে; এজন মন্ত্ৰীয়ে ৰেপ কৰিব পাৰে; কিন্তু আমি তেওঁলোকক তীব্ৰ নিন্দা কৰোঁ। আমি সেইবোৰ লুকুৱাবলৈ চেষ্টা নকৰো; যথোচিত শাস্তিৰ দাবি কৰোঁ l তদুপৰি মন্দিৰত পূজাৰীয়ে কৰা ধৰ্ষণৰ ঘটনা খুব কমেইহে ঘটে। কিন্তু ৰাতিপুৱা বাতৰি কাকত খুলি চাবা, ক্ৰাইম ষ্টেটিষ্টিছ, তোমালোক সদায় আগবাঢ়ি থাকা । দোষ স্বীকাৰ কৰি শুধৰাই দিয়াতকৈ তোমালোকে তাক লুকুৱাই ৰাখি অসমীয়া নাৰীক প্ৰণালীবদ্ধ অপৰাধমূলক কাম-কাজ কৰিবলৈ তৎপৰ হৈ থাকা । প্ৰত্যেক খিলঞ্জীয়া নাৰীয়ে এই কথা অনুভব কৰে I
তোমাৰ নেতা বদৰুদ্দিন আজমল ডাঙৰীয়াই স্বীকাৰ কৰিছে যে “ডকাইতি, ধৰ্ষণ, লুটপাতৰ দৰে অপৰাধ — আমি মুঠতে ১ নং। জেললৈ যোৱাৰ ক্ষেত্ৰত আমিও ১ নং। আমাৰ ল’ৰা-ছোৱালীয়ে স্কুল-কলেজলৈ যাবলৈ সময় নাপায়, কিন্তু জুৱা খেলিবলৈ, আনক ঠগিবলৈ যথেষ্ট সময় পায়। এনে সকলো ভুল কামৰ বাবে — সুধিব কোন জড়িত? ই মুছলমান৷ আৰু সেয়া দুখৰ কথা। ” আজমল ডাঙৰীয়াই গোৱালপাৰা জিলাৰ এখন ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ত এই কথা কৈছিল । জেলৰ পৰিসংখ্যাৰ চাবা । সদায় বাতৰি কাকত পঢ়িবা , গম পাবা যে অসমত অপৰাধ কোনে বেছি কৰে !
আমাৰ প্ৰশ্ন : এতিয়া তুমি কোৱা তোমাৰ বাপেৰৰ কি সম্পত্তি আনিছা যিয়ে অসমীয়াৰ বা অসমৰ গৌৰব বঢ়ায়? তোমালোক মাত্ৰা ১১০ বছৰ আগতেহে প্ৰথম এই ভূমিত ভৰি দিছিলা। তোমালোকে
দাবি কৰা যে তোমালোকে আমাৰ অৰ্থনীতি সবল কৰিছা ।তোমালোক অহাৰ আগতে অসম ধনে ধানে মাছে পুথিয়ে নদন বদন আছিল, গোঁহালীত গৰু, পুখুৰীত মাছ বাৰীত তামোল পাণ আৰু তাঁতৰ শালত কাপোৰ আছিলl বুকুত মেঠনি মাৰি এখন বস্ত্ৰ পিন্ধা মহিলাই নিৰ্ভয়ে বিলত মাছ জাকৈ মাৰিছিল, জান জুৰিত গা ধুইছিল । এতিয়াও তহঁত নথকা ঠাই বোৰত মহিলা এটা পাহৰৰ পৰা আনতো পাহাৰলৈ ৰাতিও যাবলৈ ভয় নকৰে ।তোমালোক থকা ঠাই বোৰত কিন্তু দিনতে ভয় ।
এই ভূমিৰ মানুহে ১১০ বছৰৰ আগতে খোৱা বোৱা নচা গোৱা পিন্ধা উৰা কৰা নাছিল নেকি? উৎসৱ উদযাপন কৰা নাছিল নেকি?
এই ভূমিৰ ইতিহাস আৰু উত্তৰাধিকাৰ হাজাৰ হাজাৰ বছৰৰ পুৰণি । তোমালোকে কিয় খিলঞ্জীয়াৰ মাটি বোৰ বেদখল কৰা , আমাৰ দুখীয়া কৃষকৰ পৰা গৰু চুৰি কৰা , আমাৰ ছোৱালীবোৰৰ বেয়া আচৰণ কৰা ?
কিয় ইমান বেছি কুকৰ্ম বোৰ কৰা ?
কিয় নিজৰ ভূলবোৰ স্বীকাৰ নকৰা?
এই পবিত্ৰভূমিৰ সংস্কৃতিৰ ঠাইত দিনে নিশাই মৰুভূমিৰ সংস্কৃতি বঢ়াবলৈ কিয় চেষ্টা কৰা ?
চৰকাৰী আঁচনি লোৱাৰ সময়ত “সংখ্যালঘূ”, কিন্তু অসমীয়াক ধমকি দিয়াৰ সময়ত সংখ্যাগুৰু । অসমীয়াক ধমকি দিয়াৰ সময়ত তোমালোকে কোৱা এককোটি সিংহ শুই আছেl এই ভূমি য়ে তোমালোকক কি দিয়া নাই? পূৰ্ব বঙ্গৰ ভূমিহীন দৰিদ্ৰ হিচাবে বৃটিছ ৰাজৰ বনুৱা হৈ আহিছিলা, স্বাধীনতাৰ পিছতো দুখীয়া হোৱাৰ বাবেই এই ভূমিত আহি থাকিলা ।এই ভূমি য়ে শিক্ষা দিছে , ব্যৱসায় কৰাৰ সুবিধা দিছে, চাকৰি দিছে, তাৰ পিছতো এই ভূমিক, এই ভূমিৰ সংস্কৃতিক, মানুহক আঁকোৱালি লব পৰা নাই। অলপ লাজ কৰা, অলপ কৃতজ্ঞ হবলৈ শিকা ।শেষত, তোমালোকৰ ধমকি “মিঞা জাগিলে, নিজৰ নাম পাহৰি যাবা” উত্তৰ শুনা : গান গাই মিহি মিহিকৈ অসমীয়াক ধমকি দিব নালাগে। অসমীয়া নিজৰ মাতৃভূমিৰ বাবে প্ৰাণ আহুতি দিবলৈ সাজু আছে । মোগলৰ লগত হোৱা ইতিহাস পুনৰাবৃত্তি কৰিব বিচৰা নেকি? আমি হলো মহাৰাজ পৃথু, লাচিত বৰফুকন আৰু মূলাগাভৰুৰ বংশজ। আৰু এটা কথা যিদিনা অসমৰ খিলঞ্জীয়া অসমত নাইকীয়া হব, তোমালোকে আফগানিস্তান পাকিস্তান, ছিৰিয়া বা ইৰাণ দৰে নিজৰ মাজতে যুদ্ধ কৰি মৰিবা ।
ভূপেনদাই কৈছে , আকৌ যদি যাব লাগে শৰাইঘাটলৈ, লুইত পাৰৰ ডেকা বন্ধু কোনো নাথাকিবা ৰৈ! অসম তেওঁলোকৰ যিয়ে অসমৰ সংস্কৃতি, ভাষা, স্বকীয়তা আৰু চিৰন্তন সংকৃতি ৰক্ষা কৰে l