সাত বিহুৰ দিনা অৰ্থাৎ ২১ এপ্ৰিলত সমগ্ৰ ৰাজ্যই কিংবদন্তি চুতীয়া ৰাণী বীৰাংগনা সতী সাধনীৰ মৃত্যু বাৰ্ষিকী স্মৰণেৰে সাধনী দিৱস পালন কৰে।
সাধনীৰ জন্ম হৈছিল চুতীয়া সাম্ৰাজ্যৰ ৰাজধানী শদিয়াত ,ৰজা ধীৰনাৰায়ণ(ধৰ্মধ্বজপাল)ৰ ঔৰষত আৰু তেওঁৰ পত্নী ৰাণী শ্ৰীকান্তিৰ গৰ্ভত। বিভিন্ন কিংবদন্তি আৰু ঐতিহাসিক বিৱৰণীয়ে উল্লেখ কৰিছে যে নানান নৈবেদ্যৰ উৎসৰ্গা আৰু বলিদানৰ পিছতহে সাধনীৰ জন্ম হৈছিল। কোৱা হয় যে ৰজা আৰু ৰাণী উভয়ৰে এক নিবিড় সাধনাৰ অন্তত জন্মগ্ৰহণ কৰা বাবেই তেওঁৰ নাম সাধনী ৰখা হৈছিল।
চুতীয়া জনগোষ্ঠীৰ বিভিন্ন লোককথাত চিত্ৰিত কৰা মতে সাধনীৰ বাবে উপযুক্ত দৰাৰ সন্ধান কৰিবলৈ স্বয়ম্বৰ সভাৰ আয়োজন কৰা হৈছিল । ঠিক হিন্দু পৌৰাণিক কাহিনীত বৰ্ণিত দ্ৰৌপদীৰ স্বয়ম্বৰৰ দৰেই ৰজা ধীৰনাৰায়ণেও নিজৰ বুদ্ধিমতী, ধৰ্মপ্ৰাণা আৰু সুন্দৰী কন্যা সাধনীৰ বাবে স্বয়ম্বৰ সভা এখনৰ আয়োজন কৰিবলৈ স্থিৰ কৰিছিল। সেই অনুসৰি ৰজা ধীৰনাৰায়ণে স্বয়ম্বৰ সভাৰ আয়োজন কৰিছিল য’ত তেওঁ এই চৰ্ত ৰাখিলে যে যিগৰাকী সম্ভ্ৰান্ত পুৰুষে দৌৰি থকা কেৰ্কেটুৱা এটাক ধনু শৰেৰে শৰৱিদ্ধ কৰি স্তব্ধ কৰিব পাৰিব তেওঁৱেই সাধনীক বিয়া কৰাবলৈ সক্ষম হ’ব। অৱশ্যেই দূৰৰ পৰা অহা ৰজা আৰু ৰাজকুমাৰসকলে স্বয়ম্বৰ সভালৈ আহি তাত অংশ লৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে সকলোবোৰ নিমন্ত্ৰিত ৰজা আৰু ৰাজকুমাৰে কেৰ্কেটুৱাটোক শৰৱিদ্ধ কৰাত ব্যৰ্থ হ’বলগীয়া হ’ল
আমন্ত্ৰিত ৰজা আৰু ৰাজকুমাৰৰ ব্যৰ্থতা দেখি ৰজা ধীৰনাৰায়ণ হতাশ হৈ পৰিল। সেইবাবে তেওঁ উপস্থিত থকা নিজৰ প্ৰজাবৰ্গৰ বাবে স্বয়ম্বৰ সভাখন মুকলি কৰাৰ সিদ্ধান্ত ল’লে। ৰজাৰ ঘোষণা শুনিয়েই ভিৰৰ মাজৰ পৰা গো-পালক ল’ৰা এজন আগবাঢ়ি আহিল, যি অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব পৰাকৈ ধনুৰ্বিদ্যাত যথেষ্ট পাকৈত আছিল। গো পালক ল’ৰাজনে দৌৰি থকা কেৰ্কেটুৱাটো শৰৱিদ্ধ কৰি মাটিত পেলাই দিবলৈ সক্ষম হ’ল। সেই ল’ৰাজন আছিল নিতাই, তেওঁ পিছলৈ ৰাণী সাধনীৰ স্বামী নীতিপাল নাম লৈছিল আৰু চুতীয়া বংশৰ শেষৰ জন ৰজা হৈছিল।
বিভিন্ন ঐতিহাসিক সাক্ষ্য অনুসৰি ৰজা নীতিপাল বৰ দক্ষ শাসক নাছিল। ফলস্বৰূপে সাধনীয়ে ৰাজদৰবাৰৰ বিভিন্ন বিষয়ত হস্তক্ষেপ কৰিবলগীয়া হৈছিল আৰু প্ৰজাবৰ্গৰ স্বাৰ্থত বিভিন্ন সিদ্ধান্ত ল’বলগীয়া হৈছিল। অদক্ষ ৰজা নীতিপালৰ কৰ্তৃত্বশীল স্বভাৱ সমগ্ৰ ৰাজ্যৰ বাবে ক্ষতিকাৰক হৈ পৰিছিল আৰু ৰাজ্যত ‘ঘৰ বিভীষণ’ সদৃশ শত্ৰুৰ প্ৰভাৱ বৃদ্ধি পাইছিল। তেওঁ অভিজ্ঞ মন্ত্ৰীসকলক ৰাজকাৰ্যৰ পৰা বৰ্খাস্ত কৰিছিল, আৰু তাৰ পৰিৱৰ্তে নিজৰ গাঁৱৰ সমনীয়াবোৰক নিযুক্তি দিছিল। ইয়াৰ ফলত তেওঁৰ মন্ত্ৰী পৰিষদ, চুতীয়া মুখীয়াল সকল আৰু আত্মীয়ৰ মাজত বিদ্ৰোহী গোটৰ সৃষ্টি হৈছিল। পাৰ হৈ যোৱা প্ৰতিটো দিনতেই চুতীয়া ৰাজ্যৰ পতন চমু চাপি আহিছিল আৰু শদিয়া ক্ৰমাৎ বিচ্ছিন্ন আৰু দুৰ্বল হৈ পৰিছিল। চুতীয়া ৰাজ্যৰ পতনৰ সুযোগ লৈ ১৫২৪ খ্ৰীষ্টাব্দত আহোমসকলে তেওঁলোকক আক্ৰমণ কৰিছিল । আহোমৰ লগত বহু যুদ্ধৰ অন্তত চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত যুদ্ধবিৰতি বিচাৰিছিল । আহোম ৰজাই চুতীয়াৰ সৈতে যুদ্ধবিৰতিৰ বাবে সন্মতি দিছিল এই চৰ্তত যে চুতীয়াসকলে কুবেৰ দত্ত সম্পত্তি, পাট-ৰাণী,এটা মাইকী হাতী আৰু দহটা মতা হাতী আহোমক দিব লাগিব। চুতীয়া ৰজাই পাট-ৰাণীৰ বাহিৰে আন ৰাজকুমাৰী, দহটা হাতী আৰু এটা মাইকী হাতী দিবলৈ মান্তি হ’ল,কিন্তু কুবেৰ দত্ত সম্পত্তি গতাই দিবলৈ অস্বীকাৰ কৰিলে। চুতীয়া ৰজাই পঠোৱা উপহাৰত আহোম ৰজা সুখী হ’ব পৰা নাছিল, সেয়েহে চুতীয়া ৰজাই যুদ্ধবিৰতিৰ প্ৰস্তাৱ ভংগ কৰাৰ দোষত চুতীয়া বিহু/বিছুৰ দিনা অৰ্থাৎ ১৫২৪ চনৰ ১৬ এপ্ৰিলত আহোম সকলে চুতীয়া ৰাজধানী শদিয়া আক্ৰমণ কৰে। এই বিশেষ দিনটোত তেওঁলোকৰ পূৰ্বপুৰুষৰ দেৱতাক বিহুৰ প্ৰাৰ্থনা আগবঢ়োৱাৰ সময়ত চুতীয়া সকল নিৰস্ত্ৰ আছিল। কেৱল দেউৰী/পুৰোহিতৰ হাততহে অস্ত্ৰ আছিল। চুতীয়া সৈন্যই আহোমৰ নৃশংস আক্ৰমণক প্ৰতিহত কৰিব নোৱাৰি চন্দ্ৰগিৰি পাহাৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছিল। কিন্তু চুতীয়াসকলে গেৰিলা যুদ্ধৰ কৌশল প্ৰয়োগ কৰিছিল আৰু ফাক ধনু আৰু যাঠিৰ ব্যৱহাৰেৰে একেৰাহে কেইবাদিনো ধৰি নিজকে ৰক্ষা কৰিছিল। ৰাণী সাধনীয়ে এটি মহিলা যুঁজাৰুৰ দল গঠন কৰিছিল।
তেওঁৰ সহযোগী ৰাজকুমাৰী আৰু অন্যান্য সংগী সকলৰ সৈতে দলটিত ১২০ গৰাকী যোদ্ধা আছিল। তেওঁলোকে সেনাবাহিনীক সহায় কৰিছিল আৰু ওপৰৰ পৰা ডাঙৰ শিল বগৰাই দি তলত থকা শত্ৰু সেনাৰ ওপৰত পেলাইছিল যাৰ ফলত বহু আহোম সৈন্যৰ মৃত্যু হৈছিল। সেই সময়ত আহোম সেনাধ্যক্ষ ফ্ৰাচেংমুং বৰগোহাঁইয়ে বন্দী সৈন্য সকলক ঘিলা লতাবোৰেৰে বগুৱা বাই ওপৰেৰে উঠি যাবলৈ কলে আৰু প্ৰাক্তন চুতীয়া সেনাপতি এজনৰ পৰামৰ্শ মৰ্মে ঢোল বাদন কৰিবলৈ নিৰ্দেশ দিলে। সেয়া আছিল বিহু/বিছুৰ বতৰ, চুতীয়া সেনাই ঢোলৰ শব্দকেই নতুন শক্তিশালী সৈন্যবলৰ আগমনৰ খবৰ বুলি ধৰি ললে। তেওঁলোকে এই শব্দকেই বিজয়ৰ চিন স্বৰূপে গন্য কৰিলে আৰু আহোম সকলক খেদি পঠিওৱা হৈছে বুলি পতিয়ন গʼল। ফলস্বৰূপে চুতীয়া সৈন্য সকল আহোম বাহিনীয়ে আত্মগোপন কৰি থকা পাহাৰৰ পাদদেশলৈ নামি আহিল। আৰু এনেদৰেই অৱশেষত চুতীয়া ৰজা নীতিপালক বিচাৰি উলিয়াই হত্যা কৰা হ’ল। কিন্তু চুতীয়া ৰাণী সাধনীৰ শৌৰ্য্য আৰু বলিদানৰ বিষয়ে ইতিহাসবিদ সকলৰ ভাষ্য ভিন ভিন।
ছাৰ এডৱাৰ্ড গেইটে উল্লেখ কৰিছে, “হতচকিত হৈ পৰা চুতীয়াসকল খৰখেদাকৈ জংমুমগখাম (মথালং)লৈ গৈছিল, সেইসময়তে আৰু এক যুদ্ধৰ তেওঁলোক সন্মুখীন হ’ব লগাত পৰিছিল। তেওঁলোকৰ ৰজাক কাঁড়েৰে হত্যা কৰা হৈছিল আৰু ৰজাৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ আগবাঢ়ি যোৱা তেওঁৰ ডাঙৰ পুত্ৰকো হত্যা কৰা হৈছিল। চুতীয়াসকলে তেতিয়া পলাই যাবলৈ বাধ্য হৈছিল, আহোম সেনাই প্ৰধান ৰাণী গৰাকীৰ বাহিৰে সমগ্ৰ ৰাজপৰিয়ালকে বন্দী কৰি লৈ যায়,ৰাণীয়ে বন্দীত্বক আকোঁৱালি লোৱাতকৈ নিজৰ মৃত্যুৱেই শ্ৰেয় বুলি যাঠিৰে নিজকে খুচি আত্মবলিদান দিছিল। বন্দীসৈন্য আৰু লুটি অনা চুতীয়া ৰাজপৰিয়ালৰ সম্পত্তি, চুতীয়া ৰজা আৰু তেওঁৰ পুত্ৰৰ কটা মূৰৰ সৈতে আহোম ৰজা চুহুংমুঙক উপহাৰ দিয়া হৈছিল।
এই কটা মূৰ চৰাইদেউৰ মন্দিৰৰ চিৰিৰ তলত পুতি থোৱা হৈছিল এই উদ্দেশ্যৰে যে আহোম ৰজাই যেতিয়া মন্দিৰত প্ৰৱেশ কৰিব তেতিয়া হয়তো সেই পুতি থোৱা মূৰৰ ওপৰেদিও খোজ কাঢ়ি যাব।” পদ্মনাথ গোহাঁই বৰুৱাই অসম বুৰঞ্জীত উল্লেখ কৰিছে যে যিগৰাকী ৰাণী সাধনীয়ে আহোমৰ বিৰুদ্ধে যুজত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল , তেওঁক শদিয়াত শাসন চলোৱা আহোম সেনাপ্ৰধান শদিয়াখোৱা গোহাঁইৰ সৈতে বিয়াত বহিবলৈ কোৱা হৈছিল, কিন্তু সাধনীয়ে অপমানক স্বীকাৰ কৰি লোৱাতকৈ মৃত্যুৰ পথ বাচি লৈছিল আৰু ৰাজপৰিয়ালৰ উত্তৰাধিকাৰ সম্পত্তিৰ সৈতে চন্দনগিৰি পাহাৰৰ ওপৰৰ পৰা জপিয়াই নিজৰ প্ৰাণত্যাগ কৰিছিল । আনহাতে, সাঁতসৰী অসম বুৰঞ্জীত উল্লেখ আছে “ৰজাক হত্যা কৰা হ’ল, তেওঁৰ মৃতদেহ ওচৰৰ নৈত উটুৱাই দিয়া হ’ল তেওঁৰ মুখ্য ৰাণীক বন্দী কৰা হ’ল।” দেওধাই অসম বুৰঞ্জীৰ মতে আহোমসকলে স্বামী নীতিপালৰ দৰেই চুতীয়া ৰাণী সাধনীৰো শিৰচ্ছেদ কৰিছিল। অৱশ্যে চুতীয়া সমাজত থকা কিংবদন্তি আৰু লোকগাথাঁসমূহে ৰাণী সাধনীৰ মৃত্যু সম্পৰ্কে পদ্মনাথ গোহাঁই বৰুৱা আৰু এডৱাৰ্ড গেইটৰ বিৱৰণীৰ সমৰ্থনতেই সাক্ষ্য দিছে।
এয়া স্পষ্ট যে আহোম বুৰঞ্জীবোৰ বেছিভাগ টাই ভাষাতেই লিখা হৈছিল । টাই ভাষাৰ জ্ঞান নথকা ইতিহাসবিদসকলে সেয়ে বিভিন্ন জনশ্ৰুতি আৰু লোকগাঁথা সমূহৰ ওপৰত ভিত্তি কৰিয়েই ইতিহাস লিখা আৰম্ভ কৰিছিল। তদুপৰি লোকগাঁথাবোৰ সদায়েই শাসকীয় উচ্চ আৰু অভিজাত শ্ৰেণীৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু সেইবাবেই এই লোকগাঁথা ভিত্তিক ইতিহাসো ক্ষমতাৰ পৰিৱৰ্তনৰ সৈতে সলনি হৈছিল। আমাৰ বিচাৰত, চুতীয়া সকলৰ পৰাজয়ৰ পিছত তেওঁলোকৰ ৰাজকীয় উত্তৰাধিকাৰ স্বৰূপ সম্পদ যদি আহোমৰ দখললৈ গৈছিল , তেন্তে সেই ৰাজকীয় উত্তৰাধিকাৰে হয়তো বৰ্তমানৰ যিকোনো সংগ্ৰহালয়ত ঠাই পাব লাগিছিল। পদ্মনাথ গোহাঁই বৰুৱাৰ সাক্ষ্যৰ ভিত্তিতেই আমি কব খোজো যে আহোম সেনাই তেওঁৰ স্বামী নীতিপালক যুদ্ধক্ষেত্ৰত হত্যা কৰাৰ পিছতেই ৰাণী সাধনীয়ে কুবেৰ দত্ত সম্পত্তিৰে সৈতে শদিয়াৰ সমীপৰ চন্দ্ৰগিৰি পাহাৰৰ ওপৰৰ পৰা জপিয়াই প্ৰাণ আহুতি দিছিল ।
ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমি অনেক সাহসী ঐতিহাসিক নাৰী চৰিত্ৰৰ মুখামুখি হৈছো। ৰাণী পদ্মিনী বা পদ্মৱতী, হৰকা বাই বা যোধা বাই, হাদি ৰাণী, নাইকা বাই, ৰাণী দুৰ্গাৱতী আদি প্ৰতিটো চৰিত্ৰকে একোটা জনপ্ৰিয় সাংস্কৃতিক আখ্যানৰ অংশৰূপে তথা অপৰিসীম সাহস আৰু ত্যাগৰ প্ৰতিমূৰ্ত্তিৰূপে উদযাপন আৰু ষ্মৰণ কৰা হয়। কিন্তু ভাৰতবৰ্ষৰ এনে নাৰীসকলৰ বিপৰীতে ৰাণী সাধনী যেন সেইৰূপত পৰিচিত নহয়, নিজৰ জন্মভূমি আৰু জাতিৰ কাৰণে তেওঁৰ চৰম ত্যাগক যেন সেই ৰূপত সোঁৱৰণ কৰা নহয়। জনপ্ৰিয় সংস্কৃতি আৰু পাঠ্যক্ৰমতো তেওঁ বৰ বিশেষ স্থান নাপায়।
অতি শেহতীয়াকৈ অৰ্থাৎ ২০১৭ চনৰ পৰা অসম চৰকাৰে ২১ এপ্ৰিলৰ দিনটো সতী সাধনী দিৱস হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰে আৰু চুতীয়া সাম্ৰাজ্যৰ শেষৰগৰাকী ৰাণী সাধনীৰ ত্যাগৰ প্ৰতি সন্মানাৰ্থে সেই দিনটো ৰাজ্যিক বন্ধৰ দিন ৰূপে পালন কৰাৰ কথা ঘোষণা কৰে। ৰাণী সাধনী সঁচাকৈয়ে আছিল ত্যাগ, শক্তি, আত্মসন্মান, স্বাধীনতা, শৌৰ্য্য আৰু বীৰত্বৰ প্ৰতীক, প্ৰকৃতাৰ্থত তেওঁৰ সম্প্ৰদায়ৰ দ্বাৰা বিভূষিত এগৰাকী বীৰাগংনা