সেৱাভাৰতীৰ ধনন্তৰী চিকিৎসা সেৱা।
২৪০ গৰাকী চিকিৎসক, ১৪৫ টা শিবিৰত বিশ সহস্ৰাধিক লোকক চিকিৎসা।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভাতৃ সংগঠন সেৱা ভাৰতীৰ উদ্যোগত সমগ্র অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত ধনন্তৰী চিকিৎসা সেৱা যাত্রাৰ (১৯তম্) সমাপন সমাৰোহ আজি গুৱাহাটীৰ মালিগাঁৱৰ আদিংগিৰিস্হ জনজাতি কল্যাণ ছাত্ৰাবাস প্ৰাংগনত অনুষ্ঠিত হয়। সমাৰোপ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী কেশৱ মহন্তই বক্তব্য প্ৰকাশ কৰি কয় যে, ভাৰতবৰ্ষৰ প্ৰাচীন চিকিৎসা ধনন্তৰী চিকিৎসা সেৱাই সকলো ধৰণৰ ৰোগ নিৰাময় কৰিবলৈ সক্ষম হৈছিল। কিন্তু আধুনিক চিকিৎসা বিজ্ঞানে প্ৰাচীন চিকিৎসা সেৱাৰ সলনি কৰি এক নতুন ধাৰা আৰম্ভ কৰিছে যদিও প্ৰাচীন চিকিৎসা ধনন্তৰী চিকিৎসা অনুযায়ী এতিয়াও বহু ৰোগৰ নিৰাময়ত ব্যাপক প্রভাব বিস্তাৰ কৰি আহিছে বুলি শিক্ষা মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে। আনহাতে, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে NCPCR ৰাষ্ট্ৰীয় সঞ্চালক কানুংগো দেৱে অংশগ্রহণ কৰি কয় যে,আধুনিক চিকিৎসাই বহু ৰোগ নিৰাময় কৰিবলৈ সক্ষম হৈছে যদিও ভাৰতবৰ্ষৰ প্ৰাচীন চিকিৎসা ধনন্তৰী চিকিৎসা সেৱাই এতিয়াও বহু ৰোগৰ বিধান দি মানৱ জাতিৰ কল্যাণ সাধন কৰিবলৈ সক্ষম হৈছে। উক্ত অনুষ্ঠানত আমন্ত্রিত অতিথিৰ আসন গ্রহণ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকাৰিণী সদস্য সুৰেশ সোনীয়েও প্ৰাচীন চিকিৎসা বিধৰ উপকাৰিতা সম্পৰ্কত বিস্তৃত ব্যাখ্যা দাঙি ধৰে। অনুষ্ঠানত ৰাষ্ট্ৰীয় মেডিকোজ অৰগেনাইজেচনৰ ৰাষ্ট্ৰীয় সচিব ডা:বিশ্বাম্ভৰ সিঙো উপস্থিত থাকে। তদুপৰি, আজি সমাৰোহত অসম ক্ষেত্রৰ ক্ষেত্র প্ৰচাৰক উল্লাস কুলকার্ণী , গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ অধীক্ষক ডা: অচ্যুত বৈশ্যকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে। উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় মেডিকোজ অৰগেনাইজেচনৰ আগন্তুক ৰাষ্ট্ৰীয় অধিবেশনৰ তথা ধনন্তৰী সেৱা যাত্রাৰ স্মাৰিকা উন্মোচন কৰা হয়৷ উল্লেখ্য, এই বছৰৰ ধনন্তৰী চিকিৎসা সেৱা যাত্রাত মুঠ ১২৪ গৰাকী জেষ্ঠ তথা কনিষ্ঠ চিকিৎসক আৰু ১১৬ গৰাকী ছাত্রৰ সহযোগেৰে পূর্বাঞ্চলৰ ১৪৫ খন চিকিৎসা শিবিৰ আয়োজনৰে বিনামূলীয়া চিকিৎসা প্রদান কৰাৰ লগতে বিভিন্ন সজাগতা সভা আয়োজন কৰা হয়। উক্ত সেৱাকাৰ্যত মুঠ ২০,০০০ত কৈ অধিক লোক লাভান্বিত হয়। অসমৰ পৰাও ৬০ গৰাকী চিকিৎসক তথা ৩৫ জন ছাত্রই অংশগ্রহণ কৰে। সমাৰোপৰ অন্তত সকলোকে প্রমাণ পত্র তথা স্মাৰক প্রদান কৰা হয়।