এই ভাষ্য হাৰিয়ানাৰ মেৱাত হিন্দু ভক্ত সকলৰ ওপৰত জেহাদীৰ অতৰ্কিত আক্ৰমণৰ প্ৰত্যক্ষদৰ্শী এগৰাকী মহিলাৰ ঘটনাৰ বিৱৰণী ৷ হিন্দু শিৱভক্ত লোকসকৰ ওপৰত হোৱা ভয়াৱহ আক্ৰমণৰ সময়ত ঘটনাস্হলীত উপস্হিত থকা এগৰাকী হিন্দু মহিলাই কয় যে “যেতিয়া চাৰিওফালৰ জোপোহাৰ পৰা নিৰ্বিচাৰে গুলী বৰ্ষণ আৰম্ভ হৈছিল। সেই সময়ত বহু হিন্দু লোক বাহিৰত আছিল আৰু হঠাতে বিদ্যুৎ বিভাগে বিদ্যুৎ কৰ্তন কৰিছিল।”
মুছলমান জেহাদীয়ে হিন্দু নাৰীক ধৰ্ষণ কৰিবলৈ সূৰ্য অস্ত যোৱালৈ অৰ্থাৎ ৰাতি হোৱালৈ অপেক্ষা কৰি আছিল। আমি কেনেকৈ আমাৰ সন্মান ৰক্ষা কৰিলোঁ সেয়া কেৱল আমিহে জানো।”
ঘটনাৰ বিষয়ে বৰ্ণনা কৰি থাকোঁতে কেইবাবাৰো চকুলোৰে চকুপানী নিগৰিছিল হিন্দু মহিলাগৰাকীৰ। তেওঁ পুনৰ কয় যে, “আমি আমাৰ হিন্দু ভাইসকলৰ মৃত্যু হোৱা চকুৰ সন্মুখতে দেখিলোঁ। আমাৰ হিন্দু ভাইসকলক অতি নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা হ’ল । আনকি যন্ত্ৰণাত চটফটাই থকা ভাইসকলৰ ঘাঁ ঢাকিবলৈ আমাৰ হাতত বেণ্ডেজও নাছিল। গতিকে আমি ভাইসকলৰ জীৱন ৰক্ষা কৰিবলৈ আমাৰ চুন্নী আৰু দুপাট্টা বান্ধি দিলো।”
মহিলা গৰাকীয়ে অতি উস্মা প্ৰকাশ কৰি প্ৰশ্ন কৰে যে , “আমি তাত মৰিবলৈ গৈছিলো নেকি? আমাৰ তীৰ্থস্হান আমি দৰ্শন কৰিব নোৱাৰোনে?
এই লোকসকলে (মুছলমানে) নিজৰ ধৰ্মীয় উৎসৱত শোভাযাত্ৰা উলিয়াই । আমাৰ কোনোবাই তেওঁলোকৰ প্ৰতি কিবা আপত্তি দৰ্শাই নেকি প্ৰশ্ন উথ্থাপন কৰি মহিলাগৰাকীয়ে অতি দুখেৰে কয়, ঘটনা সংঘটিত হোৱাৰ সময়ত পানী খাবলৈ আমাৰ লগত এটুপি পানী নাছিল। আমি আমাৰ পিয়াহ শিৱলিঙগক আগবঢ়োৱা পানীৰে তৃষ্ণা পুৰ কৰিছিলো।” ।
মহিলাগৰাকীয়ে পুনৰ কয় যে, হিংসাৰ বাবে আমাক দোষাৰোপ কৰা হৈছে । যদি আমি হিংসাৰ বাবে আহিলোহেতেন, তেন্তে আমি আমাৰ ল’ৰা-ছোৱালীবোৰকো লগত লৈ আহিমনে? আমি তাত আমাৰ মা আৰু বয়োজ্যেষ্ঠসকলক লগত লৈ মৰিবলৈ আহিমনে ? আমাৰ বাবে নাৰী আৰু শিশুৰ কোনো মূল্য নাই নেকি বুলিও ক্ষোভ ব্যক্ত কৰে ৷
জীয়াই থকাৰ প্ৰশ্নত মহিলাগৰাকীয়ে কয় যে সেই সময়লৈকে তাত কোনো আৰক্ষী নাছিল। পিছলৈ প্ৰশাসন আহি পোৱাৰ লগে লগে আমি কেনেবাকৈ তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ’লোঁ৷ আমি বাহনৰ তলত আৰু পথাৰবোৰৰ মাজেৰে খোজ কাঢ়ি গৈ নিজৰ জীৱন ৰক্ষা কৰিবলগীয়া হৈছিল। আনকি প্ৰাণৰ মমতাত আমি জীৱ-জন্তুৰ দৰে চৰকাৰী বাছত আবদ্ধ হৈ পৰিছিলো ৷ তেওঁ কয় যে ,”আমাৰ জ্বলি যোৱা বাহনবোৰৰ ধোঁৱাই আকাশখন ক’লা কৰি পেলাইছিল। ইমানেই ক’লা যে বতৰ বেয়া হ’লেও আকাশখন ইমান আন্ধাৰ নহয়।”