সংস্কাৰ ভাৰতী, কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালা
সংস্কাৰ ভাৰতী কামৰূপ মহানগৰ জিলা সমিতিয়ে এলানি গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন কৰিছে। বিভিন্ন বিষয়ত তিনিদিনীয়াকৈ পাঁচখন কৰ্মশালা কামৰূপ মহানগৰৰ বিভিন্ন স্থানত অনুস্থিত হ’ব। গ্ৰীষ্মকালীন কৰ্মশালালানিৰ প্ৰথমখন কৰ্মশালা ২৬-০৬-২৫ তাৰিখৰ পৰা হেঙেৰাবাৰী হাইস্কুল,বৰবাৰীত সাম্প্ৰতিক সময়ৰ এটা গুৰুত্বপূৰ্ণ বিষয় “সাধু কোৱা কৰ্মশালা”ৰ অনুষ্ঠিত হৈছে। কৰ্মশালাখনি ২৬-০৬-২৫ তাৰিখে ৰাতিপুৱা ১০.৩০ বজাত বিদ্যালয়ৰ চৌহদত বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে হেঙেৰাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা প্ৰণামী হাজৰিকায়ে। বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে,২ নং হেঙেৰাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা মিনাক্ষী চৌধুৰী আৰু বিশিষ্ট অভিনেতা, সাংবাদিক শ্ৰী যুত ঋতুৰাজ মেধি । অতিথি ৰূপে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নগৰ সমন্বয় প্ৰমূখ নয়নমণি চৌধুৰী,প্ৰদীপ কুমাৰ দাস,নয়ন দাস আৰু কমল কৃষ্ণ দাসএ ।
সংস্কাৰ ভাৰতী কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি ড°অসীম বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত গ্ৰীষ্মকালীন কৰ্মশালালানিৰ সবিশেষ বাখ্যা কৰে সম্পাদক দীপ জ্যোতি হাজৰিকাই। কামৰূপ মহানগৰ জিলা সমিতিৰ সাহিত্য বিভাগৰ প্ৰমূখ ঘনকান্ত দাসৰ তত্বাবধানত ২৬ জুনৰ পৰা ২৮ জুনলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা “সাধু কোৱা কৰ্মশালা”খনত মূখ্য প্ৰশিক্ষক ৰূপে অংশগ্ৰহণ কৰিব শ্ৰীযুতা কিৰণ দুৱৰা,ড°গৌৰাংঙ্গ বৰা আৰু শ্ৰীযুতা মিনু ডেকায়ে। কৰ্মশালাখনিত প্ৰায় ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে, সংস্কাৰ ভাৰতী কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত এক জুলাইৰ পৰা তিনি জুলাইলৈ গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব “ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ দেৱৰ গীতৰ কৰ্মশালা”।দুই জুলাইৰ পৰা চাৰি জুলাইলৈ চচলৰ অনুষ্কা কলা কেন্দ্ৰত অনুষ্ঠিত হ’ব “গোৱালপৰীয়া লোকগীতৰ কৰ্মশালা”।তিনি জুলাইৰ পৰা পাঁচ জুলাইলৈ উত্তৰ গুৱাহাটীৰ ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ত পদ্মশ্ৰী বঁটা প্ৰাপক গুৰু শ্ৰীযুত দ্ৰোণ ভূঞাৰ অধীনত অনুষ্ঠিত হ’ব “সুকনানী মহিলা ওজাপালি” ৰ কৰ্মশালা আৰু দহ জুলাইৰ পৰা বাৰ জুলাইলৈ অনুষ্ঠিত হ’ব ধাৰাপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “ৰূপ কোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰ গীতৰ কৰ্মশালা”। পৰৱৰ্তী সময়ত আৰু বিভিন্ন বিষয়ত সংস্কাৰ ভাৰতী কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত কৰ্মশালা আয়োজন কৰি নৱ প্ৰজন্মৰ মাজত সাম্প্ৰতিক সময়ৰ জৰুৰী বিষয়বোৰৰ চৰ্চা অব্যাহত ৰখা হ’ব বুলি জানিবলৈ দিয়ে সম্পাদক দীপ জ্যোতি হাজৰিকায়ে।


