ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ পৰম পূজনীয় সৰসংঘচালক শ্রীমোহন ভাগৱতৰ শ্রী বিজয়া দশমী উৎসব উপলক্ষে প্রদান কৰা উদ্বোধনী ভাষণ ৷
ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ পৰম পূজনীয় সৰসংঘচালক শ্রীমোহন ভাগৱতৰ শ্রী বিজয়া দশমী উৎসব উপলক্ষে প্রদান কৰা উদ্বোধনী ভাষণ ৷
নাগপুৰ, ২ অক্টোবৰ–
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যৰ শতবর্ষ সম্পূর্ণ কৰা এই বিজয়া দশমীৰ কাৰণে আমি ইয়াত মিলিত হৈছো। সংযোগবশতঃ এই বছৰটো শ্রীগুৰু টেগ বাহাদুৰ জী মহাৰাজৰ পবিত্র দেহ উচৰ্গাৰ তিনিশ পঞ্চাশ তম বর্ষ। হিন্দুৰ আবৰণ হৈ তেওৰ সেই বলিদানে বিদেশী বিধর্মীৰ অত্যাচাৰৰ পৰা হিন্দু সমাজক ৰক্ষা কৰিলে। ইংৰাজী তাৰিখ মতে আজি স্বর্গীয় মহাত্মা গান্ধীজীৰ জন্ম দিৱস। আমাৰ স্বাধীনতাৰ শিল্পকাৰ সকলৰ মাজত তেওঁ অগ্ৰণীতো হয়েই, ভাৰতৰ ‘স্ব আধাৰত স্বাধীনোত্তৰ ভাৰতৰ সংকল্প কৰোতা দার্শনিক সকলৰ মাজতো তেওঁৰ বিশিষ্ট স্থান আছে। সৰলতা, বিনম্ৰতা, সততা তথা দৃঢ়তাকে চহকী আৰু দেশহিতৰ বাবে প্ৰাণ পৰ্যন্ত আহুতি দিয়া আমাৰ ভূতপূর্ব প্রধানমন্ত্রী স্বর্গীয় লাল বাহাদূৰ শাস্ত্রীজীৰ জন্ম দিৱসো আজিয়েই।
ভক্তি, সমর্পন আৰু দেশসেৱাৰ এই উচ্চ আদর্শ আমাৰ সকলোৰে কাৰণে অণুকৰণীয়। মনুষ্য বাস্তবিকতে মনুষ্য কেনেদৰে হয় আৰু জীৱন কেনেদৰে জীয়াই থাকে এই শিক্ষা আমি এই মহাপুৰুষ সকলৰ পৰা পাওঁ।
আজি দেশ আৰু দুনিয়াৰ পৰিস্থিতিয়েও আমি ভাৰতবাসীৰ পৰা এনে প্ৰকাৰৰ ব্যক্তিগত আৰু ৰাষ্ট্রীয় চাৰিত্রৰে সু-সম্পন্ন জীৱন বিচাৰিছে। যোৱা বছৰৰ গোটেই সময়ছোৱাত আমি আটায়ে এক স্বাধীন ৰাষ্ট্রৰ ৰূপত যি পথ নিশ্চিত কৰিছো তাৰ পুণৰ অৱলোকনৰ পৰা এই কথাৰ গম পোৱা যায় ।
বর্তমানৰ আশা আৰু প্রত্যাহ্বান-
এই পাৰ হৈ যোৱা সময়ছোৱা এফালে বিশ্বাস তথা আশাক অধিক বলশালী কৰা তথা আনফালে আমাৰ সম্মুখত উপস্থিত পুৰণি আৰু নতুন প্রত্যাহ্বান সমূহে অধিক স্পষ্ট ৰূপে আত্মপ্রকাশ কৰি আমাৰ বাবে যথাবিহিত কর্তব্যৰ পথৰ প্রতিও নির্দেশনা কৰা যেন পৰিলক্ষিত হয়।
‘যোৱা বছৰত প্রয়াগৰাজত সম্পন্ন হোৱা মহাকুম্ভ মেলা’ই শ্রদ্ধালুসকলৰ সর্ব্বভাৰতীয় সংখ্যাৰ লগতে উত্তম ব্যবস্থাপনাৰো সকলো অভিলেখ ভঙ্গ কৰি এক জাগতিক বিক্রম স্থাপিত কৰিলে। সম্পূর্ণ ভাৰততে শ্রদ্ধা আৰু একতাৰ প্রচণ্ড লহৰ জগাই তুলিলে।
২২ এপ্রিল তাৰিখে পেহলগামত সীমাৰ সিপাৰৰ পৰা অহা সন্ত্রাসবাদীৰ আক্রমনত ২২ জন ভাৰতীয় নাগৰিকক ধর্ম সুধি সুধি হত্যা কৰিলে। সম্পূর্ণ ভাৰততে নাগৰিকসকলৰ মনত দুখ আৰু ক্রোধৰ অগনি উঠলি উঠিল। ভাৰত চৰকাৰে মে মাহত ইয়াৰ যথাযথ উত্তৰ দিলে। এইখিনি সময়ত দেশৰ নেতৃত্বৰ দৃঢ়তা তথা আমাৰ সেনাৰ পৰাক্রম তথা যুদ্ধ-কৌশলৰ লগতে সমাজৰো দৃঢ়তা আৰু একতাৰ দৃশ্য আমি দেখিলো। কিন্তু আমাৰ ফালৰ পৰা সকলোৰে লগত মিত্ৰতাৰ নীতি আৰু মনোভাব ৰক্ষা কৰিও আমি আমাৰ সুৰক্ষাৰ বিষয়ত অধিক সজাগ হৈ থকা আৰু সামর্থ্যবান হৈ থাকিব লগা কথাটো আমি বুজি পাইছো।
দেশৰ ভিতৰত উগ্ৰবাদী নক্সালী আন্দোলনৰ ওপৰত শাসন তথা প্রশাসনৰ দৃঢ় কাৰ্যব্যৱস্থাৰ কাৰণে তথা মানুহৰ সম্মুখত তেওলোকৰ চিন্তাধাৰাৰ ফোপোলা স্বৰূপ প্রকাশ হোৱাৰ কাৰণে বৃহৎ মাত্ৰাত নিয়ন্ত্রণ সম্ভব হৈছে। সেই ক্ষেত্র সমূহত নক্সাল পন্থী সকলৰ খোপনি পোতাৰ মূলতে তাত চলি থকা শোষন আৰু অন্যায়ৰ লগতে বিকাশৰ অভাব বুলি অনুমান কৰিব পাৰি ৷ এতিয়া এই বাধা সমূহ দূূৰ হল যেতিয়া সেই ক্ষেত্ৰ সমূহত ন্যায়, বিকাশ, সদ্ভাৱনা, সমতা স্থাপন কৰাৰ বাবে কিছু ব্যাপক যোজনা চৰকাৰ প্ৰশাসনৰ দ্বাৰা হওক ৷ ইয়াৰ আৱশ্যকতা আছে ৷
আর্থিক ক্ষেত্রতো প্রচলিত পৰিমাণৰ আধাৰত আমাৰ আর্থিক স্থিতি উন্নতি হৈছে ৷ আমাৰ দেশক বিশ্বত সর্ব্বশ্রেষ্ঠ দেশ কৰিবলৈ সাধাৰণ জনতাৰ মাজত উৎপন্ন হোৱা উৎসাহ বিশেষকৈ নতুন প্রজন্মৰ মাজত দেখা পোৱা গৈছে। কিন্তু এই প্রচলিত অর্থ ব্যবস্থাৰ প্রয়োগৰ ফলত ধনী-দুখীয়াৰ ব্যবধান বঢ়োৱা, আর্থিক সামর্থ কেন্দ্রিভূত হোৱা, শোষকৰ কাৰণে অধিক সুৰক্ষিত শোষনৰ নতুন বিধি-ব্যবস্থা সুদৃঢ় হোৱা, পর্যাবৰণৰ ক্ষতি হোৱা, মানুহৰ পৰস্পৰ ব্যবহাৰত সম্বন্ধৰ ঠাইত বেপৰুৱা দৃষ্টি আৰু অমানবীয়তাৰ বৃদ্ধি হোৱা, এনে দোষ বোৰ বিশ্বত সর্বত্র দেখা পোৱা গৈছে। এই দোষ বোৰ আমাৰ যাতে নহয় তথা বর্তমান আমেৰিকাই নিজস্ব স্বার্থক আধাৰত যি আমদানী শুল্ক নীতি চলাইছে, তাৰ কাৰণে আমাকো কিছু কথাৰ পুনৰ বিচাৰ কৰিবলগীয়া হ’ব পাবে। সমগ্ৰ বিশ্ব পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ হৈ থাকে। কিন্তু নিজে আত্মনির্ভৰশীল হৈ, বিশ্ব জীৱনৰ একতাৰ প্রতি ধ্যান ৰাখি আমি এই পৰস্পৰ নির্ভৰতাক নিজৰ বাধ্যবাধক হব নিদিয়াকৈ নিজৰ ইচ্ছাৰে জীবন নিৰ্বাহ কৰক, এনেকুৱা আমি হ’ব লাগিব। স্বদেশী আৰু স্বাবলম্বনৰ কোনো পর্যায় নাই। বস্তুবাদী পৃথকামী দৃষ্টি আধাৰিত বিকাশৰ সংকল্প লৈ যি বিকাশক বস্তুবাদী আৰু উপ ভোগবাদী নীতি সমগ্র বিশ্বত প্রচলিত হৈ আছে তাৰ দুৰ পৰিনাম সকলোতে আৰু উত্তোৰত্তৰ বৃদ্ধি অতি মাত্রাত হৈ থকা আমি দেখা পাইছো। ভাৰততো বর্তমান ‘সেই নীতিৰ ফলতেই অনিয়মিত বৰষুণ আৰু অপ্রত্যাশিত ক’ম বৰষুণ, ভূম্মিস্খলন, নদী শুকাই যোৱা আদি পৰিণাম যোৱা তিনি চাৰি বছৰত অতি তীব্ৰতাৰে হৈ আছে।
“যোৱা বছৰটোত আমাৰ চুবুৰীয়া দেশ সমূহত বহুত উখল-মাখল লাগিছে। শ্রীলঙ্কা, বাংলাদেশত আৰু সদ্যহতে নেপালত যিদৰে জন-আক্রোশক হিংসাত্মক ঘটনাৰ উদ্রেক হৈ ক্ষমতাৰ পৰিবর্ত্তন হ’ল, ই- আমাৰ বাবে চিন্তাজনক। আমাৰ দেশত তথা জগততো ভাৰতবর্ষত এনে প্রকাৰৰ উপদ্রব বিচৰা শক্তি সক্রিয় হৈ আছে। চৰকাৰ প্রশাসনৰ সমাজৰ সৈতে বিছিন্ন হোৱা সম্বন্ধ, তৎপৰতা আৰু জনতামুখী প্রশাসকীয় ক্রিয়া-কলাপৰ অভাব , এই অসন্তোষৰ স্বাভাবিক আৰু তৎকালীন কাৰণ। কিন্তু হিংসাত্মক ঘটনাৰ উদ্রেকত বাঞ্চিত পৰিবর্তন অনাৰ শক্তি নাথাকে। গণতান্ত্রিক পথেৰেহে সমাজে আমূল পৰিবর্তন আনিব পাৰে। অন্যথা এনেকুৱা হিংসাত্মক পৰিস্থিতিও বিশ্বৰ আধিপত্যবাদী শক্তি সমূহে নিজৰ খেল খেলাৰ সুযোগ বিচৰাৰ সম্ভাবনা থাকে। আমাৰ চুবুৰীয়া দেশে, সাংস্কৃতিক দৃষ্টিৰে তথা জনতাৰ নিত্য সম্বন্ধৰ দৃষ্টিও ভাৰতৰ সৈতে যুক্ত হৈ আছে। এই সকল আমাৰে পৰিয়াল। তাত শান্তি থাকক, স্থিৰতা থাকক, উন্নতি হওক, সুখ আৰু সুবিধাৰ ব্যবস্থা হওক, ই আমাৰ বাবে আমাৰ হিত ৰক্ষাতকৈও অধিক আমাৰ স্বাভাবিক আত্মীয়তাৰ বাবে আবশ্যক ৷
বিশ্বৰ সর্বত্ৰে জ্ঞান-বিজ্ঞানৰ প্রগতি, সুখ, সুবিধাজনক শৈলীয়ে মানুহৰ জীবনত বহু প্রকাৰৰ ব্যবস্থা আৰামদায়ক কৰা স্বৰূপ, দূৰদর্শন মাধ্যম আৰু আন্তৰাষ্ট্রীয় বাণিজ্যৰ কাৰণে দুনিয়াৰ দেশবোৰৰ মাজত বৃদ্ধি হোৱা আত্মীয়তাৰ দৰে পৰিস্থিতিৰ সুখদায়ক ৰূপ দেখা যায়। কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্রগতিৰ গতি আৰু মনুষ্যৰ এইবোৰৰ সৈতে তালমিল খোৱাৰ গতি ইয়াৰ মাজত ব্যবধান বহুত। সেইকাৰণে সাধাৰণ মানুহৰ জীবনত বহুবোৰ সমস্যা উৎপন্ন হোৱা দেখা পোৱা গৈছে।
তেনেদৰে সকলোতে চলি থকা যুদ্ধক লৈ অন্য সৰু-বৰ কাজিয়া, , পর্য্যাবৰণৰ ক্ষৰণৰ কাৰণে প্রাকৃতিক উগ্ৰ প্ৰকোপ সকলো সমাজ তথা পৰিয়ালত হোৱা অবক্ষয়, নাগৰিক জীবনত বৃদ্ধি হোৱা অনাচাৰ-অত্যাচাৰ এনে সমস্যাবোৰো চলি থকা দেখা গৈছে। এইবোৰৰ পৰা পৰিত্ৰাণৰ উপায়ৰ প্রয়াস কৰা হৈছে ৷ কিন্তু এই সমস্যাবোৰৰ বৃদ্ধিক ৰখাবলৈ অথবা তাৰ সম্পূর্ণ অবসান ঘটোৱাত অসফল হৈছে। মানব মাত্রেই ইয়াৰ কাৰণে আহি পৰা অব্যৱস্থা, কলহ আৰু হিংসাক অধিক বৃদ্ধি কৰি সকলো প্ৰকাৰৰ মঙ্গল, সংস্কৃতি, শ্রদ্ধা, পৰম্পৰা আদিক সম্পূর্ণ ধ্বংশ কৰিলেহে আগলৈ নিজে নিজে এই সমস্যাবোৰ ঠিক হৈ পৰিব – এনেকুৱা বিকৃত আৰু বিপৰীত চিন্তাধাৰা লৈ চলা শক্তিসমূহৰ সংকট হোৱা সকলো দেশতে অনুভব হব ধৰিছে। ভাৰতবৰ্ষতো ক’ম বেছি পৰিমানে এইবোৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে এচামে অনুভব কৰি আছে। এতিয়া বিশ্বই এই সমস্যা সমাধানৰ বাবে ভাৰতীয় দৃষ্টিকোনৰ পৰা ওলোৱা চিন্তনৰ উপায়ৰ অপেক্ষা আশা কৰি আছে।
আমাক সকলোকে আশা আৰু আশ্বস্ত হব পৰা কথা এইটোৱেই যে আমাৰ দেশত সর্বত্রতে বিশেষকৈ নতুন প্রজন্মৰ মাজত দেশভক্তিৰ ভাবনা, আমাৰ সংস্কৃতিৰ প্রতি আস্থা আৰু বিশ্বাস নিৰন্তৰ বাঢ়ি আহিছে। সংঘৰ স্বয়ংসেৱকৰ লগতে সমাজত চলি থকা বিভিন্ন ধার্মিক, সামাজিক সংস্থা তথা ব্যক্তি, সমাজৰ অভাবগ্রস্ত বর্গক নিস্বার্থ সেৱা কৰাৰ কাৰণে বৃহৎ সংখ্যকে আগবাঢ়ি আহিছে আৰু এইবোৰৰ কাৰণে সমাজে নিজেই সক্ষম হোৱা আৰু নিজৰ চেষ্টাৰেই সম্মুখৰ সমস্যাবোৰৰ সমাধান কৰা আৰু অভাববোৰ পূৰণ কৰিবলৈ কৰা চেষ্টা বৃদ্ধি হৈছে। সংঘৰ স্বয়ংসেৱকে অনুভব কৰিছে যে “সংঘ আৰু সমাজৰ কামত প্রত্যক্ষ সহভাগী হোৱাৰ ইচ্ছা সমাজত বাঢ়ি আছে। সমাজক বুদ্ধিজীবি সকলৰ মাজতো বিশ্বত প্রচলিত বিকাশ তথা লোক প্ৰবন্ধনৰ আৰ্হিৰ উপৰিও নিজৰ দেশৰ জীৱন দৃষ্টি, প্রকৃতি তথা আৱশ্যকতাৰ আধাৰত নিজৰ স্বতন্ত্ৰ আৰু পৃথক ধৰণৰ কোনো আৰ্হি কেনেকুৱা হব পাৰে ইয়াৰ অনুসন্ধানৰ চিন্তা বাঢ়িছে।
ভাৰতীয় চিন্তন দৃষ্টি
বিশ্বক ভাৰতীয় দৃষ্টিৰ আধাৰত কৰা চিন্তনক সকলো আধুনিক মনিষী, স্বামী বিবেকানন্দৰ পৰা মহাত্মা গান্ধীজী, দীনদয়াল উপাধ্যায়জী, ৰাম মনোহৰ লোহিয়াজী আদি এনেকুৱা আমাৰ সমাজৰ নেতৃত্ব বহন কৰা সকলো মহাপুৰুষে উপৰোক্ত সকলো সমস্যাৰে পৰামর্শ কৰি এক সমান নির্দেশনা দিছে। আধুনিক বিশ্বৰ যি জীবন দৃষ্টি আছে সি সম্পূর্ণ ভুল নহয়, কিন্তু আধৰুৱা ৷ তাৰ কাৰণেই মানৱক ভৌতিক বিকাশ অবশ্যেই কিছু দেশ আৰু বৰ্গৰ বাবে আগবঢ়া দেখা যায়। সকলোৰে নহয়, সকলোকে নালাগে, অকল ভাৰতকেই আমেৰিকাৰ দৰে সমৃদ্ধ আৰু উন্নত ভৌতিক জীবন পাবলৈ হলে আৰু পাঁচখন পৃথিবীৰ আৱশ্যক হব বুলি কিছু বিশেষজ্ঞই কয়। আজিৰ এই প্রণালীকে ভৌতিক বিকাশৰ লগে লগে মানুহৰ মানসিক আৰু নৈতিক বিকাশ হোৱা নাই। সেইকাৰণে প্রগতিৰ লগে লগে মানৱ আৰু সৃষ্টিৰ সম্মুখত নতুন নতুন সমস্যা সমূহে প্রাণ সংকট হৈ থিয় হব ধৰিছে। ইয়াক কাৰণ সেই আধৰুৱা দৃষ্টি।
আমাৰ সনাতন, আধ্যাত্মিক, সমগ্ৰ আৰু একাত্ম দৃষ্টিত মনুষ্যৰ ভৌতিক বিকাশৰ লগতে মন, বুদ্ধি তথা আধ্যাত্মিকতাৰ বিকাশ আৰু দৃষ্টিৰ বিকাশ, মনুষ্যৰ আৱশ্যকতা-ইচ্ছা সমূহক অনুৰূপ আৰ্থিক স্হিতিৰ লগতে মানৱ সমূহ আৰু সৃষ্টিক লৈ কৰ্তব্য জ্ঞানক তথা সকলোতে আপোনত্বৰ প্ৰত্যক্ষ অনুভব কথাৰ শক্তি আছে৷ হাজাৰ বছৰে এই বিশ্বক আমি এক সুন্দৰ, সমৃদ্ধ আৰু শান্তি পূৰ্ণ, পৰম্পৰ সম্বন্ধক চিনি পোৱা, মনুষ্য সৃষ্টিক সহযোগী জীবন প্ৰস্হাপিত কৰিছো ৷ আমাৰ সমগ্ৰ তথা একাত্ম দৃষ্টিৰ আধাৰত, আজিৰ বিশ্বৰ আবশ্যকতাবোৰ পূৰন কৰি আজি বিশ্বই যিবোৰ সমস্যাৰ সম্মুখীন হৈ আছে তাৰ শাশ্বত সমাধান দিব পৰা এক নতুন ৰচনা বিশ্বৰ আৱশ্যকতা আছে৷ নিজৰ উদাহৰণেৰে সেই ৰচনাৰ অনুকৰণীয় আৰ্হি বিশ্বক প্ৰদান কৰা এই কাৰ্য নিয়তিয়ে ভাৰতবাসীৰ পৰা বিচাৰে৷
সংঘৰ চিন্তন
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই নিজৰ কাৰ্যৰ শতবৰ্ষ পূৰ্ণ কৰিলে৷ সংঘত বিচাৰধাৰা আৰু সংস্কাৰ লাভ কৰি সমাজ জীবনৰ বিভিন্ন পৰ্য্যায়ত, বিভিন্ন সংগঠনত, সংস্থাত তথা স্থানীয় স্তৰৰ পৰা ৰাষ্ট্ৰীয় স্তৰলৈকে স্বয়ংসেৱক সক্ৰিয় হৈ আছে৷ সমাজ জীৱনত সক্ৰিয় অনেক ভদ্ৰলোকৰ লগতো স্বয়ংসেৱক সকলৰ সহযোগ আৰু কথাবতৰা চলি থাকে ৷ এই সকলোবোৰৰ সঞ্চালিত অনুভবৰ আধাৰত সংঘৰ কিছু সাৰমৰ্মৰ কথা উনুকিয়াব ওলাইছে৷
1) ভাৰতবৰ্ষৰ উত্থানৰ প্ৰক্ৰিয়াই গতি লৈছে৷ কিন্তু আমি এতিয়াও সেই নীতি আৰু ব্যবস্থাৰ পৰিসীমাতে চিন্তা কৰি আছো ৷ যাৰ আধৰুৱা সেই নীতিৰ যি পৰিণাম পোৱা গৈছে তাৰ পৰাই স্পষ্ট হৈছে৷ এই কথা সত্য যে সেই প্ৰক্ৰিয়াৰে বিশ্বৰ লগতে আমিও আগতেই ইমান আগবাঢ়ি গৈছো যে সম্পূৰ্ণ পৰিবৰ্ত্তন কৰা সম্ভৱ নহব৷ লাহে লাহে মোট সলাব লাগিব৷ পিচে আমাৰ লগতে বিশ্বৰ সম্মুখত উদ্ভদ হোৱা সমস্যাবোৰ তথা ভবিষ্যতৰ বিপদৰ পৰা ৰক্ষা পোৱাৰ অইন উপায় নাই৷ আমি আমাৰ সমগ্ৰ আক একাত্ম দৃষ্টিৰ আধাৰত আমাৰ বিকাশ পথ বনাই, বিশ্বৰ সম্মুখত এক যশস্বী উদাহষণ ৰাখিব লাগিব৷ অৰ্থ আৰু কামৰ পিছত অন্ধহৈ দোৰী থকা দুনিয়াক পূজা অথবা ৰীতি-নীতিৰ বিপৰীতে, সকলোকে মুক্ত কৰিব পৰা, সকলোকে লগত লৈ চলা, সকলোৱে একেলগে উন্নতি কৰি ধৰ্মৰ পথ দেখুৱাবই লাগিব৷
2) সম্পূৰ্ণ দেশক এনেকুৱা আদৰ্শ চিত্ৰ বিশ্বৰ সম্মুখত দাঙি ধৰাৰ কাম কেবল দেশৰ ব্যবস্থাসমূহৰ কাম নহয়৷ কিয়নো ব্যবস্থাসমূৰ নিজৰ পৰিবৰ্তনৰ সামৰ্থ্য আৰু ইচ্ছা, দুয়োটাই সীমিত৷ এই বোৰৰ প্ৰেৰণা আৰু এই বোৰৰ নিয়ন্ত্ৰণ সমাজৰ প্ৰবল ইচ্ছাৰে হয়৷ সেই কাৰণে ব্যবস্থা পৰিবৰ্ত্তনৰ বাবে সমাজ জাগৃতি তথা ইয়াৰ আচৰণৰ পৰিবৰ্তন এই ব্যবস্থা পৰিবৰ্ত্তনৰ পূৰ্বচৰ্ত ৷ সমাজৰ আচৰণৰ পৰিবৰ্ত্তন ভাষণৰ দ্বাৰা অথবা গ্ৰন্থৰ দ্বাৰা নাহে ৷ সমাজক ব্যাপক জাগৰণ কৰিব লগা হয় তথা জাগৃতি আনিব খোজা সকলে স্বয়ঁ পৰিৱৰ্ত্তনৰ উদাহৰণত পৰিণত হব লাগে৷ ঠায়ে ঠায়ে এনে উদাহৰণ স্বৰূপ ব্যক্তি, যি সমাজৰ অত্যন্ত আপোন, তেওৰ জীবনত পাৰদৰ্শিতা থাকে, নিঃস্বাৰ্থতা থাকে আৰু যিয়ে সম্পূৰ্ণ সমাজক নিজৰ বুলি ভাবি সমাজৰ সতে নিজৰ নিত্য ব্যবহাৰ কৰে, এনে ব্যক্তি সমাজে ওচৰতে পাব পৰা হব লাগে৷ সমাজত সকলোৰে সৈতে থাকি নিজৰ উদাহৰণেৰে সমাজক প্ৰেৰণা যোগাব পৰা, এনে স্থানীয় সামাজিক নেতৃত্বৰ আবশ্যক৷ সেইকাৰণে ব্যক্তিৰ নিৰ্মাণৰ দ্বাৰা সমাজ পৰিবৰ্তন আৰু সমাজ পৰিৱৰ্তনৰ দ্বাৰা ব্যবস্থা পৰিবৰ্তন, এইটোৱেই দেশত আৰু বিশ্বত ’পৰিবৰ্তন অনাৰ শুদ্ধ পথ, এয়াই স্বয়ংসেৱক সকলৰ অনুভব৷
৩) এনে ব্যক্তিসমূহৰ নিৰ্মাণৰ ব্যবস্থা ভিন ভিন সমাজত সক্ৰিয় হৈ থাকে৷ আমাৰ সমাজত আক্ৰমণৰ দীঘলীয়া সময়ৰ এই ব্যবস্থা বিধ্বস্ত হৈ গ’ল৷ সেইকাৰণে ইয়াৰ যুগাণুকুল ব্যবস্থা ঘৰত, শিক্ষা পদ্ধতিত আৰু সমাজৰ কাৰ্য্য-কলাপত পুণৰ স্থাপিত কৰিব লাগিব৷ এইকাম কৰোঁতা ব্যক্তি তৈয়াৰ কৰিব লাগিব৷ মন বুদ্ধিৰে এই চিন্তাধাৰাক মানি লোৱাৰ পিছতো আচৰণত অনাৰ বাবে মন, বচন, কৰ্মৰ অভ্যাস সলনি কৰিব লগা হয়, তাৰ বাবে ব্যবস্থা লাগে ৷ সংঘৰ শাখাই সেই ব্যবস্থা৷ এশ বছৰে সকলো প্ৰকাৰৰ পৰিস্থিতিৰ মাজতো অতি আগ্ৰহেৰে এই ব্যবস্থাক সংঘৰ স্বয়ংসেৱক সকলৰ দ্বাৰা সততে চলাই থকা হৈছে আৰু আগলৈও এনেকৈয়ে চলাব লাগিব৷ সেই কাৰণে স্বয়ংসেৱক সকলে নিত্য শাখাৰ কাৰ্যক্ৰম সমূহ মনোযোগেৰে কৰি থাকি নিজৰ অভ্যাস বোৰক পৰিবৰ্তন কৰাক সাধনা কৰিব লগা হয় ৷ ব্যক্তিগত সদ গুণৰ তথা সামুহিকতাৰ সাধনা কৰা কথা সমাজৰ কাম কাজবোৰত সহভাগী, সহযোগী হৈ সমাজত সদগুণৰ আৰু সামুহিকতাৰ বাতাবৰণ নিৰ্মাণ কৰাৰ বাবেই সংঘৰ শাখা৷
৪) যিকোনো দেশৰ উত্থানৰ সকলোতকৈ মহত্ত্বপূৰ্ণ কাৰক হ’ল সেই দেশৰ সমাজৰ একতা ৷ আমাৰ ’দেশ বিবিধতাৰ ’দেশ ৷ অনেক ভাষা, অনেক পন্থ, ভৌগোলিক বিবিধতাৰ ৰহন-সহন, খোৱা বোৱা আদিকে অনেক প্ৰকাৰ, জাতি-উপজাতি আদি বিবিধতা আগৰে পৰাই আছে৷ যোৱা এহেজাৰ বছৰত ভাৰতবৰ্ষৰ সীমাৰ বাহিৰৰ দেশৰ পৰাও ইয়ালৈ কিছু বিদেশী সম্প্ৰদায় আহিছে৷ এতিয়া বিদেশী গুছি গ’ল কিন্তু সেই সম্প্ৰদায়ক মানি আজিও অনেক কাৰণত সেইবোৰ মানি চলা আমাৰে বন্ধু ভাৰতত বিদ্যমান আছে৷ ভাৰতৰ পৰম্পৰা অনুসৰি এইসকলোকে স্বাগত আৰু স্বীকাৰ কৰা হৈছে৷ এওলোকক আমি পৃথকতাৰ দৃষ্টিকে নাচাও৷ আমাৰ বিবিধতাক আমি নিজৰ নিজৰ বিশিষ্টতা বুলি মানো আৰু নিজৰ নিজৰ বিশিষ্টতাক লৈ গৌৰব কৰাৰ স্বভাবকো আজি বুজো৷ কিন্তু এই বিশিষ্টতাবোৰ ভেদাভেদৰ কাৰণ হব নালাগে৷ আমাৰ সকলো বিশিষ্টতাবোৰৰ উপৰিও আমি সকলো এখন ডাঙৰ সমাজৰ অঙ্গ৷ সমাজ, দেশ, সংস্কৃতি তথা ৰাষ্ট্ৰ হিচাবে আমি এক৷ এই আমাৰ ডাঙৰ পৰিচিতিয়েই আমাৰ বাবে সকলোৰে উৰ্দ্ধত, এই কথাটোৰ প্ৰতি আমি আটায়ে সদায় মনত ৰাখিব লাগিব৷ তাৰ কাৰণেই সমাজত সকলোৰে নিজৰ মাজৰ ব্যবহাৰ সম্ভাবনাপূৰ্ণ আৰু সংযমপূৰ্ণ হৈ থাকিব লাগিব৷ সকলোৰে নিজৰ নিজৰ শ্ৰদ্ধাসমূহ, মহাপুৰুষ তথা পূজাস্থান থাকে৷ মন, বচন, কৰ্মকে নিজৰ ভিতৰত এইবোৰৰ অবমাননা যাতে নহয় ইয়াৰ প্ৰতি ধ্যান ৰাখিব লাগিব৷ তাৰ বাবে সজাগতা অনাৰ আবশ্যকতা আছে৷ নিয়ম পালন, ব্যবস্থা পালন কৰা আৰ সম্ভাবপূৰ্ণ ব্যবহাৰ কৰা আদি এইকাৰণেই স্বভাব হ’ব লাগে৷ সৰু-বৰ কথাত অথবা মনত সন্দেহলৈ, আইন হাততলৈ ৰাষ্টালৈ ওলাই আহা, গুণ্ডাগিৰী, হিংসা কৰা এই প্ৰবৃত্তি ঠিক নহয়৷ মনত প্ৰতিক্ৰিয়া ৰাখি অথবা কোনো সম্প্ৰদায় বিশেষক উচতোৱাৰ বাবে নিজক শক্তি প্ৰদৰ্শন কৰা এনে ঘটনাবোৰ যোজনাবদ্ধ ভাবে কৰোৱা হয়৷ তেওঁলোকৰ হাতোৰাত আবদ্ধ হোৱাৰ পৰিণাম, তাৎকালীক আৰু দীৰ্ঘকালীক, দুয়োটা দৃষ্টিৰেই ঠিক নহয় ৷ এই প্ৰবৃত্তি সমূহৰ নিয়ন্ত্ৰণ আবশ্যক৷ চৰকাৰ-প্ৰশাসনে নিজৰ কাম পক্ষপাত শূন্য ভাবে তথা কোনো হেচাৰ প্ৰতি প্ৰভাবান্বিত নহৈ, নিয়ম অনুসাৰে কৰক৷ কিছু সমাজৰ সঞ্জন শক্তি আৰু তৰুণ প্ৰজন্ময়ো সজাগ আৰু সংগঠিত হব লাগিব৷ আবশ্যক অনুসাৰে হস্তক্ষেপো কৰিব লাগিব৷
৫) আমাৰ এই একতাৰ আধাৰক ডাক্তৰ আম্বেডকৰ চাহাবে Inherent cultural unity (অন্তৰ্নিহিত সাংস্কৃতিক একতা) বুলি কৈছে৷ ভাৰতীয় সংস্কৃতি প্ৰাচীন কালৰে পৰা চলি অহা ভাৰতৰ বিশেষতা ৷ ই সৰ্ব্বসমাবেশক৷ সকলো বিবিধতাক সম্মান আৰু স্বীকাৰ কৰাৰ শিক্ষা দিয়ে, কিয়নো সি ভাৰতৰ আধ্যাত্মিক সত্য তথা কৰুণা, পবিত্ৰতা আৰু তপস্যাৰ সদা চাৰৰ প্ৰতি অৰ্থাৎ ধৰ্মৰ ওপৰত আধাৰিত৷ এই দেশৰ পুত্ৰ ৰূপী হিন্দু সমাজে ইয়াক পৰম্পৰাৰে নিজৰ আচৰণেৰে যতন কৰিছে, সেইকাৰণে ইয়াক হিন্দু সংস্কৃতি বুলিও কয়৷ প্ৰাচীন ভাৰতত ঋষি-মুনি সকলে নিজৰ তপোবলেৰে ইয়াক নিঃসৃতন কৰিছে৷ ভাৰতৰ সমৃদ্ধ তথা সুৰক্ষিত পৰিবেশৰ কাৰণে তেওলোকে এই কামটো কৰিব পাৰিছে। আমাৰ পূৰ্বপুৰুষ সকলৰ পৰিশ্ৰম, ত্যাগ, আৰু বলিদানৰ কাৰণে এই সংস্কৃতি ফলে ফুলে জাতিষ্কাৰ হৈছে আৰু অক্ষুণ্ণ থাকি আজি আমালৈকে আহি পাইছে৷ এই আমাৰ সংস্কৃতিক আচৰন, আৰু আদৰ্শ হৈ পৰা আমাৰ পূৰ্ব্বপুৰুষ সকলৰ মনত গৌৰব আৰু কৃতিত্ব বিবেকপূৰ্ণ অনুসৰন তথা এইবোৰ যি কাৰণত সম্ভব হল সেই আমাৰ পবিত্ৰ মাতৃভূমিৰ প্ৰতি ভক্তি, এইবোৰ মিলি আমাৰ ৰাষ্ট্ৰীয়তা৷সকলো বিবিধতা সম্পূৰ্ণভাবে স্বীকাৰ আৰু সম্মান কৰাৰ লগতে আমাক সকলোকে একত্ৰ সম্মিলিত কৰা এই হিন্দু ৰাষ্ট্ৰীয়তাইহে আমাক সদায়ে এক কৰি ৰাখি আহিছে৷ আমাৰ ’Nation state’ দৰে কল্পনা নাই৷ ৰাজ্য আহে আৰু যায়, ৰাষ্ট্ৰ নিৰন্তৰ বিদ্যমান হৈ থাকে৷ আমাৰ সকলোৰে একতাৰ এই আধাৰ আমি কেতিয়াও পাহৰিব নালাগে৷
৬) সম্পূৰ্ণ হিন্দু সমাজ বল সম্পন্ন, শীল সম্পন্ন সংগঠিত স্বৰূপহে এই দেশক একতা, একাত্মতা, বিকাশ আৰু সুৰক্ষাৰ গেৰান্টি৷ হিন্দু সমাজ এইদেশৰ কাৰণে উত্তৰদায়ী সমাজ, হিন্দু সমাজ ’সৰ্ব-সমাবেশী৷ ওপৰৰ অনেক বিধ নাম আৰু ৰূপ দেখি, নিজকে পৃথক বুলি ভবা, মানুহৰ মাজত ভাগ ভাগ আৰু পৃথকতা থিয় কৰোৱা’ আমি আৰু তেওলোক’ এনে মানসিকতাৰ পৰা মুক্ত আৰু মুক্ত হৈ থাকিব৷ বসুবৈধ কুটুম্বকৰ্ম’ৰ উদাৰ বিচাৰধাৰাক পূৰ্ণ কৰোতা আৰু সংৰক্ষক হল হিন্দু সমাজ৷ সেইকাৰণে ভাৰতবৰ্ষক বৈভব সম্পন্ন আৰু সম্পূৰ্ণ বিশ্বতেই নিজৰ অপেক্ষিত আৰু উচিত যোগদান দিওতা দেশ হিচাপে গঢ় দিয়া, এইটো হিন্দু সমাজৰ কৰ্ত্তব্য ৷ ইয়াৰ সংগঠিত কাৰ্য্য শক্তিৰ দ্বাৰা, বিশ্বক নতুন পথ দিব পৰা ধৰ্মক সংৰক্ষণ কৰি, ভাৰতক বৈভব সম্পন্ন কৰা, এই সংকল্প লৈ সংঘই সম্পূৰ্ণ সমাজৰ সংগঠনৰ কাৰ্য্য কৰি আছে৷ সংগঠিত সমাজে সকলো কৰ্ত্তব্য নিজৰ বল বুদ্ধিৰে পূৰ্ণ কৰে৷ তাৰ বাবে বেলেগে অন্য কোনোবাই কিবা কৰাৰ আবশ্যকতা নাথাকে৷