॥ছাত্ৰসন্থাৰ নতুন ৰাজনৈতিক দল গঠনৰ দুঃস্বপ্ন ॥
সদৌ অসম ছাত্ৰ —অসমৰ মাটিত ওপজা এটা জাতীয় অৰাজনৈতিক সংগঠন । আমাৰ জাতীয় জীৱনৰ সংকটে- সম্পদে ছাত্ৰসন্থাই জন্মলগ্নৰে পৰা অতন্দ্ৰপ্ৰহৰীৰ ভূমিকা পালন কৰা কথা সংগঠনটোৱে ডিঙিফুলাই কৈ আহিছে । আমাৰ জাতীয় ইতিহাসৰ এটা বিশেষ সন্ধিক্ষণত ছাত্ৰসন্থাই প্ৰসৱ কৰা ‘অসম গণ পৰিষদে’ আঞ্চলিকতাবাদৰ সুঁতিয়েদি এটা পৰ্যায়লৈ আগবাঢ়ি গৈ ৰাজনৈতিক অপৰিপক্কতা , গণ- বিচ্ছিন্ন তা আৰু দলীয় অন্তৰ্কন্দলৰ বাবে এটা সময়ত এটা ব্যৰ্থ আৰু সংকুচিত ৰাজনৈতিক দললৈ পৰ্যবসিত হ’ল । এয়া সকলোৱে দেখা দুৰ্ভাগ্যজনক সত্য ! এজাক নিষ্ঠশীল সমাজমুখী নেতা , ৰাজনৈতিক পৰিপক্কতা , সবল গণ সমৰ্থন আৰু প্ৰশান্ত জাতীয়তাবাদৰ পৰা উদ্ভূত এক গণমুখী ৰাজনৈতিক দৰ্শন অবিহনে এটা সুস্থ আৰু গতিশীল ৰাজনৈতিক দলৰ নিৰ্মাণ সম্ভৱ নহয়। অসমৰ জনগণৰ হৃদয়স্পন্দন অনুভৱ কৰিব নোৱাৰা ছাত্ৰসন্থাৰ এই শক্তি আছেনে ? অৰাজনৈতিক ছাত্ৰসন্থাই নতুন এটা ৰাজনৈতিক দলৰ অবতৰীয়া প্ৰসৱ কৰিলে সেয়া হব সময় আৰু ইতিহাসে ক্ষমা কৰিব নোৱাৰা এটা ভয়ংকৰ ভুল । আৱেগ আৰু সপোনৰ ৰং বেছিদিনলৈ টিকি নাথাকে । আৱেগ আৰু সপোনৰ চক-মকা পোহৰে জীৱন আৰু সমাজৰ অন্তৰম সত্তা স্পৰ্শ কৰিব নোৱাৰে ।
ছাত্ৰসন্থাই আৰু এটা ৰাজনৈতিক দল প্ৰসৱ কৰিব বিচৰা শুনি মহাভাৰতৰ এতি আখ্যানলৈ মনত পৰিছে । সেয়া কৃষ্ণপুত্ৰ শাম্বৰ অৱতৰীয়া গৰ্ভধাৰণৰ আখ্যান । এদিনাখন বিশ্বামিত্ৰ , কণ্ব আৰু নাৰদমুনি একেলগে দ্বাৰকালৈ গৈ থকা অৱস্থাত যদুবংশৰ বীৰ সকলে এটা পাং পাতিলে । শাম্বক গৰ্ভৱতী নাৰীৰ ৰূপত সজাই মুনিত্ৰয়ক ৰগৰ কৰি সুধিলে – “এওঁৰ কি সন্তান হব ?” এই প্ৰতাৰনাত ক্ষোভিত হৈ মুনিয়ে অভিশাপ দিলে যে এই কৃষ্ণপুত্ৰ শাম্বই এডাল মুষল (লোহাৰ মাৰি ) প্ৰসৱ কৰিব আৰু সিয়েই যদুবংশ বিনাশ কৰিব ইয়াৰ কিছুদিন পিছত শাম্বই গৰ্ভধাৰণ কৰিলে আৰু এডাল মুষল প্ৰসৱ কৰিলে । এই মুষলডাল গুড়ি কৰি সাগৰত পেলাই দিয়া হ’ল আৰু তাৰ পৰাই এবিধ তীক্ষ্ণ তৃণৰ জন্ম হ’ল । এই তৃণৰ নিৰ্দয় আঘাততেই সুপ্ৰসিদ্ধ যদুবংশৰ বুকুলৈ নামি আহিল ধ্বংস আৰু মৃত্যুৰ চুনামি ।
সময় আৰু ইতিহাসৰ সকীয়নি আওকাণ কৰি ছাত্ৰসন্থাই দ্বিতীয় ৰাজনৈতিক দলটো প্ৰসৱ কৰিলে এইদলটো ৰাজনৈতিক যাত্ৰাৰ এটা আন্ধাৰ কেঁকুৰিত নিঃসঙ্গ -নিস্তেজ হৈ পৰি ৰোৱাৰ সম্ভৱনাই অধিক । প্ৰফুল্ল মহন্ত জাতীয় চকুমুদা নেতাবোৰে এই সত্য ইতিমধ্যে স্পষ্টকৈ প্ৰমান কৰি থৈছে । ইয়াৰ ফলত অসম আৰু অসমীয়াৰ অস্তিত্বলৈ অশনি সংকেত নামি অহাটো নিশ্চিত । অৱতৰতে আধাপকা হৈ ৰাজনীতিৰ চিৰধূসৰ ছাঁ-পোহৰত কৌতুক আৰু তৰল চাঞ্চল্য সৃষ্টি কৰাটো এটা জাতীয় সংগঠনৰ কাম হব নোৱাৰে ।
ছাত্ৰ সন্থাই পোষণ কৰা জাতীয়তাবাদ – ভাষাকেন্দ্ৰিক আৰু অৱেগসৰ্বস্ব । প্ৰশস্ত জাতীয়তাবাদৰ পৰা বহু নিলগত ছাত্ৰ সন্থাৰ ভাষাকেন্দ্ৰিক জাতীয়তাবাদৰ ফেনিল আৱেগৱৰে সৃষ্ট এটা অচহুৱা ৰাজনৈতিক দলৰ জন্মই আমাক ভৱিষ্যতৰ এখন ভয় লগা ছবিলৈ আঙুলিয়াি দিয়ে — যদুবংশ ধ্বংসৰ এক কৰুণকাতৰ ছবিৰ দৰে । ভাষাকেন্দ্ৰিক জাতীয়তাবাদৰ খণ্ডিত ধাৰণাৰে জনসমুদ্ৰত তুৰ্যনাদ সৃষ্টি কৰিব পাৰি কিন্তু এই মাটি আৰু মানুহৰ সত্তাক প্ৰতিনিধিত্ব কৰিব নোৱাৰি । ঐতিহ্য আৰু জীৱনবোধৰ প্ৰতি অন্ধ এনে খণ্ডিত জাতীয়তাবাদৰ দোহাই দি জাতীয় স্বভিমান আৰু স্বাধিকাৰ প্ৰতিষ্ঠা কৰিব নোৱাৰি ।
সেয়েহে উপদেশৰ সুৰত কওঁ — ছাত্ৰসন্থাই প্ৰশস্ত জাতীয়তাবাদৰ বোধিবৃক্ষৰ ছাঁত থিয় হৈ অসমৰ জনতাৰ হৃদয়স্পন্দন অনুভৱ কৰিবলৈ আগবাঢ়ি আহক । ছাত্ৰসন্থাৰ সৈনিক সকলৰ দেশপ্ৰেম আৰু জাতীয়তাবাদৰ শিপা মাটিৰ গভীৰলৈ প্ৰোথিত হওঁক । জ্যোতিপ্ৰসাদৰ জোনাকী বাটেৰে — ভুপেনদাৰ সত্যস্পৰ্শিত পথেৰে তেওঁলোকৰ সংগ্ৰামী সদ্ভাৱনা অগ্ৰসৰ হওঁক । আমাৰ কালোত্তীৰ্ণ দৰ্শন , সোণসেৰীয়া ঐতিহ্য , সাঁচতীয়া সংস্কৃতি আৰু জাতীয় স্বাভিমান সংৰক্ষণত তেওঁলোক ন উদ্যমেৰে ব্ৰতী হওঁক । গণজীৱনৰ সমস্যাবোৰ দাঙি ধৰিবলৈ বজ্ৰনিনাদ হৈ উঠক — কাৰণ ছাত্ৰসন্থাৰ জন্মলগ্ন আৰু জীৱনৰেখা এই ক্ষত-বিক্ষত মাটিৰ পৰা উৎসাৰিত এক ঐতিহ্য বিষ্ময় ।
---- বনজিৎ বৰ্মন----
॥বৰপেটাৰোড॥