আজিৰ এই তিথিৰ দিনটোতেই ভাৰতবৰ্ষৰ বহু কেইটা ঐতিহাসিক ঘটনা জড়িত হৈ আছে।
১] শ্ৰীৰামচন্দ্ৰই সীতাদেৱীক উদ্ধাৰ কৰি ১৪ বছৰ বনবাস শেষ কৰি অযোধ্যালৈ উভতি অহাৰ পিছত এই দিনটোতেই ৰাজসিংহাসনত আৰোহণ কৰিছিল । অৰ্থাৎ আজিৰ দিনটোৱেই শ্ৰীৰাম চন্দ্ৰৰ ৰাজ্যাভিষেকৰ দিন।
২] মহাভাৰতৰ যুদ্ধৰ অন্তত যুধিষ্ঠিৰৰো ৩১৩৮ খ্ৰীষ্টপূৰ্বত এই বৰ্ষ প্ৰতিপদ তিথিৰ দিনাই ৰাজ্যাভিষেক হৈছিল । সেয়ে ভাৰতবৰ্ষৰ বহু ঠাইত বৰ্তমানেও যুধিষ্ঠিৰ সংৱৎ প্ৰচলিত হৈ আছে ।
৩] খ্ৰীষ্টপূৰ্ব ৩১০২ চনৰ ১৮ ফেব্ৰুৱাৰীৰ দিনা শুকুৰবাৰে বিয়লি ২-৩০ বজাত ব্যাধৰ শৰত গুজৰাটৰ প্ৰভাস তীৰ্থত নৰদেহা ত্যাগ কৰি শ্ৰীকৃষ্ণ বৈকুণ্ঠলৈ গমন কৰাৰ দিনটোও আছিল বৰ্ষ প্ৰতিপদ তিথি । আৰু সিদিনাৰে পৰাই কলিযুগৰ আৰম্ভণীও হৈছিল । সেয়ে আজি কলি যুগাব্দ ৫১২৬ ।
৪] সমগ্ৰ ভাৰতবৰ্ষত প্ৰভাৱ বিস্তাৰ কৰা মহাৰাজ বিক্ৰমাদিত্যৰ ৰাজ্যাভিষেকৰো দিন আছিল এই বৰ্ষ প্ৰতিপদ তিথি । বিক্ৰমাদিত্যৰ ৰাজ্যাভিষেকৰ পৰা বিক্ৰম সংৱৎ আৰম্ভ হয় । আজিৰ পৰা বিক্ৰম সংৱৎ হ’ব ২০৮১ । ভাৰতবৰ্ষৰ বৃহৎ অঞ্চল জুৰি নতুন বছৰ ৰূপে এই বিক্ৰম সংৱৎ পালিত হৈ আহিছে । ইয়াক হিন্দু নৱবৰ্ষ বুলিও জনা যায় ।
৫] আমাৰ অসমকে ধৰি ভাৰতবৰ্ষৰ বহু ঠাইত শকাব্দ প্ৰচলিত হৈ আছে । আক্ৰমণকাৰী বহিৰাগত শক সকলৰ পৰাই এই শকাব্দ প্ৰচলিত । এই লৈ কেইবাটাও মতবাদ আছে । একাংশৰ মতে শক ৰজা কণিষ্কই তেওঁৰ নিজৰ ৰাজধানী মথুৰাৰ পৰা পেশোৱালৈ লৈ যোৱাৰে পৰা শকাব্দ প্ৰচলিত হয় । আন একাংশৰ মতে শালিবাহন ৰজাই শক সকলক দমন কৰাৰ দিনৰ পৰাই এই শকাব্দৰ প্ৰচলন হয় । আন একাংশৰ মতে দ্বিতীয় চন্দ্ৰগুপ্তই শকসকলক পৰাজিত কৰাৰ পৰাই এই শকাব্দৰ প্ৰচলন হয় । কাৰণ যিয়েই নহওক এই শকাব্দও বৰ্ষ প্ৰতিপদ তিথিৰ পৰাই আৰম্ভ হয় । আজিৰে পৰা শকাব্দ হ’ব ১৯৪৬ । উল্লেখযোগ্য যে আমাৰ অসমত ভাস্কৰাব্দৰ সমান্তৰালকৈ শকাব্দৰো প্ৰচলন আছে ।
৬] আজিৰ দিনটোতেই স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য্য সমাজ প্ৰতিষ্ঠা কৰিছিল ।
৭] ভাৰতবৰ্ষৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, ধৰ্মীয়, সকলো দিশতে আজি ৰাষ্ট্ৰবাদৰ যি এক উত্থান তথা জনজাগৰণ দেখা গৈছে তাৰ মূলতেই আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সঙ্ঘৰ দৰে সংগঠনৰ ব্যাপক প্ৰভাৱ । এই সংগঠনটোৰ সমৰ্থক আৰু বিৰোধী সকলোৰে দৃষ্টি আকৰ্ষণ কৰি সঙ্ঘই কেৱল স্বদেশতে নহয় ; বিশ্বৰ বিভিন্ন দেশতো ভাৰতীয় ৰাষ্ট্ৰবাদৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে । তেনে এক প্ৰভাৱশালী সংগঠনৰ যি গৰাকী প্ৰতিষ্ঠাতা, সেই প্ৰতিষ্ঠাতাজন যি আজি ভাৰতবাসীৰ অগোচৰ হৈ আছে ; তেনে এজন ব্যক্তি যাৰ নাম ডাঃ কেশৱ বলিৰাম হেডগেৱাৰ তেখেতৰো জন্ম এই বৰ্ষ প্ৰতিপদ তিথিৰ দিনাই হৈছিল বৰ্তমানৰ মহাৰাষ্ট্ৰৰ নাগপুৰত ( ১৮৮৯ চনৰ ১ এপ্ৰিলৰ দিনা ) ।
ভাৰতবৰ্ষৰ এনে বহুকেইটা ঐতিহাসিক ঘটনাৰ সাক্ষীৰে মহিমামণ্ডিত এই বৰ্ষ প্ৰতিপদ তিথি আমাৰ ভাৰতীয় কাল গণনাৰো আৰম্ভণি। এই দিনটোতেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল বুলি কোৱা হয়। সেয়েহে আজিৰ এই বৰ্ষপ্ৰতিপদ তিথিটো আমাৰ বাবে এক অতি আনন্দ, গৌৰৱ তথা গুৰুত্বপূৰ্ণ দিন ।
ভাৰতীয় কালগণনা
আমাৰ ভাৰতবৰ্ষৰ প্ৰায়বোৰ পূজা-পাতল, উৎসৱ-পাৰ্বণ আদি তিথি মতে পালন কৰা হয় । যেনে – শঙ্কৰদেৱৰ জন্ম বা তিৰোভাৱ তিথি, লক্ষ্মী পূজা, দৌল উৎসৱ, দীপাৱলী, দুৰ্গা পূজা, জন্মাষ্টমী, অম্বুবাচী আদি আদি । এই তিথিসমূহ নিৰ্দ্ধাৰিত হয় পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰা চন্দ্ৰৰ গতি অনুসৰি । চন্দ্ৰ গতি অনুসৰি এই গতিক দুটা ভাগত ভাগ কৰা হৈছে – শুক্লপক্ষ আৰু কৃষ্ণপক্ষ । প্ৰতিপদ তিথিৰ পৰা পূৰ্ণিমালৈ শুক্লপক্ষ আৰু পৰৱৰ্তী প্ৰতিপদৰ পৰা অমৱস্যালৈ (আঁউসী) কৃষ্ণপক্ষ । এই পদ্ধতিৰে যি কালগণনা কৰা হয় তাকেই কোৱা হয় চান্দ্ৰমাহ । আনহাতে সূৰ্য্যৰ চাৰিওফালে পৃথিৱীৰ পৰিভ্ৰমণৰ আধাৰত যি কালগণনা কৰা হয় তাকেই কোৱা হয় সৌৰমাহ । আমাৰ বিহু তিনিটাকে ধৰি ভাৰতবৰ্ষৰ আন বহু উৎসৱ এই সৌৰমাহ মতে কৰা হয় ।
আমাৰ ভাৰতবৰ্ষত চান্দ্ৰমাহ আৰু সৌৰমাহ দুয়োটাৰে প্ৰচলন আছে ।
একো একোটা পক্ষৰ (অৰ্থাৎ শুক্ল বা কৃষ্ণ পক্ষৰ )প্ৰথম যি তিথি যাক প্ৰতিপদ তিথি বুলি কোৱা হয় ; বছৰৰ প্ৰথমটো এই প্ৰতিপদ তিথিকেই কোৱা হয় বৰ্ষ প্ৰতিপদ তিথি বুলি ।
আমি জানো যে – সূৰ্য্যই যেতিয়া চিত্ৰা নক্ষত্ৰত প্ৰৱেশ কৰে তেতিয়া তাক কোৱা হয় চৈত্ৰ (অসমীয়াত চ’ত) মাহ । বিশাখা নক্ষত্ৰত প্ৰৱেশ কৰিলে বৈশাখ (বহাগ) মাহ আদি । চান্দ্ৰমাহ মতে চ’ত মাহেই হৈছে বছৰৰ প্ৰথমটো মাহ । আৰু এই চ’ত মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথিটোকেই বছৰৰ প্ৰথম তিথি বা দিন ৰূপে অৰ্থাৎ বৰ্ষ প্ৰতিপদ ৰূপে আমাৰ দেশত অতি প্ৰাচীন কালৰ পৰাই গণ্য হৈ আহিছে ।
এই বৰ্ষ প্ৰতিপদ তিথিৰ সৈতে আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ সম্পৰ্কও আছে বুলিও প্ৰাচীন ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী সকলে ঘোষণা কৰিছিল ।
আমাৰ ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী সকলে এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু ধ্বংসৰ কালগণনা কৰি থৈ গৈছে । অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ড যে সৃষ্টি আৰু ধ্বংস যে এক চক্ৰৰ বাহিৰে আন একো নহয় তাক উল্লেখ কৰি থৈ গৈছে । আধুনিক পদাৰ্থবিজ্ঞানী তথা জ্যোতিৰ্বিজ্ঞানী সকলেও বিশ্ব ব্ৰহ্মাণ্ডৰ এই চক্ৰৰ কথা স্বীকাৰ কৰিছে । এতিয়ালৈকে কিমানবাৰ এই সৃষ্টি আৰু ধ্বংস চক্ৰ চলিল তাৰ কোনো হিচাব পাবলৈ নাই ।
আমাৰ ভাৰতৰ প্ৰাচীন ঋষি-মুনি সকলে, জ্যোতিৰ্বিজ্ঞানী সকলে গণনাৰ আধাৰত এই চক্ৰৰ কাল দাঙি ধৰিছিল ; যাক বিশ্বই ভাৰতীয় কালগণনা বুলি অভিহিত কৰিছে ।
ভাৰতীয় কালগণনাই অতি সূক্ষ্মাতিসূক্ষ্ম সময়ৰ পৰা আৰম্ভ কৰি দিন, সপ্তাহ, পক্ষ, মাহ, ঋতু(ছয় ঋতু), আয়ন (উত্তৰায়ন, দক্ষিণায়ন) > বছৰ > যুগ > মহাযুগ > মন্বন্তৰ > কল্প আদিত ভাগ কৰি সেইবোৰৰ নামকৰণো কৰিছে ।
উদাহৰণ :-
যুগ চাৰিটা – সত্য, ত্ৰেতা, দ্বাপৰ আৰু সত্য ।
মহাযুগ ৭১ টা
মন্বন্তৰ ১৪ টা – স্বায়ম্ভৱ, স্বাৰোচিষ, উত্তমি, তামস, ৰৈৱত, চাক্ষুস, ৱৈৱস্বৎ, সাৰ্ৱণি, দক্ষ সাৰ্ৱণি, ব্ৰহ্ম সাৰ্ৱণি, ধৰ্ম সাৰ্ৱণি, ৰূদ্ৰ সাৰ্ৱণি, ৰৌচ্য সাৰ্ৱণি, আৰু ইন্দ্ৰ সাৰ্ৱণি ।
কল্প পাঁচটা – মহৎকল্প, হিৰণ্যগৰ্ভকল্প, ব্ৰহ্মকল্প, পদ্মপত্ৰ আৰু বৰাহকল্প ।
এই আটাইবোৰ কালগণনা সৃষ্টিৰ সৈতে সম্পৰ্কিত । আৰু এই সৃষ্টিৰ প্ৰথম দিনটোৱেই হৈছে বৰ্ষ প্ৰতিপদ ।
আমাৰ ভাৰতীয় কালগণনাৰ এক চমু পৰিচয় ইয়াত দাঙি ধৰিলোঁ ।
আমাৰ যুগ চাৰিটা । যুগানুসৰি সেইবোৰৰ সময় এনেধৰণৰ –
সত্য যুগ = ১৭,২৮,০০০ বছৰ ।
ত্ৰেতাযুগ = ১২,৯৬,০০০ বছৰ ।
দ্বাপৰ যুগ = ৮,৬৪,০০০ বছৰ ।
কলি যুগ = ৪,৩২,০০০ বছৰ ।
সত্য, ত্ৰেতা আৰু দ্বাপৰ যুগ ক্ৰমে কলিযুগৰ কালখণ্ডৰ ৪ গুণ, ৩ গুণ আৰু ২ গুণ ।
বৰ্তমানে কলিযুগ ৫১২৫ বছৰ পাৰহৈ আজি [ ৬ এপ্ৰিল ‘২৪] “বৰ্ষ প্ৰতিপদ”ৰ পৰা ৫১২৬ বছৰ আৰম্ভ হ’ল । ইয়াকে কোৱা হ’ব কলি যুগাব্দ ৫১২৬ ।
এই চাৰিওটা যুগ সম্পূৰ্ণ হ’লে অৰ্থাৎ ৪৩,২০,০০০ বছৰ সম্পূৰ্ণ হ’লে তেনে কালখণ্ডক কোৱা হয় মহাযুগ । এনে মহাযুগ আছে ৭১ টা । বৰ্তমানে ৭১ টা মহাযুগৰ ২৮ নম্বৰ মহাযুগ চলি আছে । অৰ্থাৎ আমি ২৭টা মহাযুগ অতিক্ৰমি ২৮ নম্বৰ মহাযুগৰ কলিযুগত বসবাস কৰি আছোঁ । আৰু ৪৩ টা মহাযুগ সম্পন্ন হ’বলৈ বাকী আছে ।
এনে ৭১ টা মহাযুগ মিলি হয় এক মন্বন্তৰ (অৰ্থাৎ এক মহাযুগ = ৪৩,২০,০০০ বছৰ × ৭১ মহাযুগ = ৩০,৬৭,২০,০০০ বছৰ = এক মন্বন্তৰ ) ।
এনে মন্বন্তৰ আছে ১৪ টা । (এক মন্বন্তৰ = ৩০,৬৭,২০,০০০ × ১৪ মন্বন্তৰ = ৪২৯,৪০,৮০,০০০ বছৰ ) বৰ্তমানে ৭ নম্বৰ মন্বন্তৰ চলি আছে । যাক কোৱা হয় ৱৈৱস্বত মন্বন্তৰ । আৰু ৭ টা মন্বন্তৰ সম্পূৰ্ণ হ’বলৈ বাকী আছে ।
অৰ্থাৎ আমি মুঠ ১৪টা মন্বন্তৰৰ ভিতৰত ৭ নম্বৰ মন্বন্তৰৰ, ৭১ টা মহাযুগৰ ভিতৰত ২৮ নম্বৰ মহাযুগৰ, মূঠ চাৰিটা যুগৰ ভিতৰত কলিযুগৰ ৪,৩২,০০০ বছৰৰ ভিতৰত ৫১২৫ বছৰহে অতিক্ৰম কৰিছোঁ ।
এইদৰে ১৪ টা মন্বন্তৰ সম্পূৰ্ণ হ’লে তাক কোৱা হয় কল্প । এই কল্প পাঁচটা । আমি বৰ্তমানে পাঁচ নম্বৰ কল্পত বসবাস কৰি আছোঁ ; যাক কোৱা হয় শ্বেত বৰাহ কল্প ।
মহাপুৰুষ শঙ্কৰদেৱে এঠাইত লিখিছে –
নালাগে স্বৰ্গতো কল্পবাস ।
ভাৰতত জন্মিয়া অল্পতে হইব নাশ ।।
তেখেতে কল্প সমান সময়ো স্বৰ্গত বাস কৰিব নিবিচাৰে । বৰঞ্চ অল্পায়ু লৈও ভাৰতবৰ্ষৰ দৰে দেশত জন্ম ল’ব বিচাৰে ।
পাঁচটা কল্প সম্পূৰ্ণ হ’লে সি হ’ব ব্ৰহ্মাৰ এদিন । পুনৰ পাঁচটা কল্প সম্পূৰ্ণ হ’লে সি হ’ব ব্ৰহ্মাৰ এৰাতি । এইদৰে এদিন আৰু এৰাতিৰ হিচাবত ব্ৰহ্মাই ১০০ বছৰলৈ জীয়াই থাকিব । বৰ্তমানে ব্ৰহ্মাৰ আয়ুস চলি আছে ৫০ বছৰ আৰু এদিন ।
( আমি বিদ্যালয়ত বিজ্ঞানৰ পুথিত পঢ়িছিলোঁ যে বৰ্তমান সূৰ্য্যই তাৰ আধা বয়স অতিক্ৰম কৰিছে । )
এইদৰে ব্ৰহ্মাৰ ১০০ বছৰত মৃত্যু ঘটিব অৰ্থাৎ বৰ্তমানৰ সৃষ্টি ধ্বংস হ’ব ।
ব্ৰহ্মাৰ ১০০ বছৰ পূৰ্ণ হ’লে সেয়া হ’ব অনন্ত শয্যাত থকা শ্ৰীবিষ্ণুৰ মাথো এটা চকুৰ পলক । বিষ্ণুৰ এই এটা চকুৰ পলকত সোমাই আছে চাৰিযুগ + ৭১ মহাযুগ + ১৪ মন্বন্তৰ + ৫ কল্প + ৫ কল্প = ব্ৰহ্মাৰ ১ দিন ৰাতি । এইদৰে ১০০ বছৰ । অৰ্থাৎ বিষ্ণুৰ এবাৰৰ চকুৰ পলকত এবাৰৰ সৃষ্টি ধ্বংস হয় ।
এনে এক বিৰাট কালগণনাৰে ভাৰতে অতি প্ৰাচীন কালতেই সৃষ্টি আৰু ধ্বংসৰ কালচক্ৰ নিৰ্ণয় কৰিছিল । এই সৃষ্টিৰ সৈতে বৰ্ষ প্ৰতিপদ তিথিৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে ।
ভাৰতবৰ্ষৰ প্ৰাচীন এই বিৰাট আৰু প্ৰায় নিখুঁত কালগণনা দেখি প্ৰখ্যাত আধুনিক জ্যোতিৰ্বিজ্ঞানী আমেৰিকাৰ Carl Sagan এ তেওঁৰ COSMOS নামৰ গ্ৰন্থখনত লিখিছে –
The Hindu religion is the only one of the world’s great faiths dedicated to the idea that the Cosmos itself undergoes an emmense, indeed and infinite, number of deaths and rebirths. It is the only religion in which the time scale correspond to those of modern scientific Cosmology. Its cycles run from our ordinary day and night to day and night of Brahma, 8’64 billion years long.
Longer then the age of the Earth or the Sun and about half the time since the Big Bang. And there are much longer time scales still.
শ্ৰীভৱৰঞ্জন ৰায়
গুৱাহাটী
৯ এপ্ৰিল, ২০২৪
*_যুগাব্দ : ৫১২৬