‘বীৰ সাভাৰকাৰ’ আজিও প্ৰাসংগিক…
আজি ২৮ মে’, স্বাতন্ত্ৰ্যবীৰ সাভাৰকাৰৰ জন্মজয়ন্তী। ১৪৩ বছৰৰ পাছতো আজিও সাভাৰকাৰ প্ৰাসংগিক আৰু সময়োপযোগী।
যেতিয়াই মনলৈ নৈৰাশ্য আহে, অৱসাদ বা মানসিক হতাশাই আৱৰি ধৰে, তেতিয়াই আন্দামানৰ ক’লা পানীৰ অন্ধকাৰ কাৰাগাৰত বন্দী, মৰাপাটৰ কাপোৰ পৰিহিত, হাতত গধুৰ লোৰ শিকলি পিন্ধি থকা সাভাৰকাৰক এবাৰ স্মৰণ কৰক। নিজেই ঘানি টানি তেল উলিওৱা আৰু দুটাকৈ আজীৱন কাৰাদণ্ড ভোগ কৰা সাৱৰকাৰক মনত পেলাওক, যাৰ মুক্তিৰ কথা বাদেই, সেই অন্ধকাৰ কক্ষৰ পৰা ওলাই অহাটোও অসম্ভৱ যেন লাগিছিল। তেনে এক অতি বিষম, প্ৰতিকূল আৰু মনটোক সম্পূৰ্ণৰূপে ভাঙি পেলাব পৰা বিপৰীত পৰিস্থিতিতো সাভাৰকাৰে নিৰ্ভীকভাৱে গাইছিল—
অনাদি মি, অনন্ত মি, অৱধ্য মি ভলা
মাৰীল ৰিপূ জগতী অসা কৱণ জন্মলা..!
(অৰ্থাৎ, মই অনাদি, মই অনন্ত, মই অবধ্য [যাৰ বধ কৰিব নোৱাৰি]। মোক হত্যা কৰিব পৰা শত্ৰু এই পৃথিৱীত এতিয়াও জন্মই হোৱা নাই।)
কি অপূৰ্ব আত্মবিশ্বাস, কি জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ, কি অদম্য মানসিক শক্তি! যদি তেনে এক চৰম পৰিস্থিতিতো সাভাৰকাৰে এনেদৰে ভাবিব পাৰিছিল, তেন্তে আপুনি-মই কোন কূটা? আচলতে ‘সাভাৰকাৰ’ নামৰ এই পাঁচটা আখৰৰ শব্দটোৱেই হৈছে নৈৰাশ্য আৰু অৱসাদ (ডিপ্ৰেছন) দূৰ কৰাৰ এক মূল মন্ত্ৰ!
মোৰ ধাৰণা হয়, ইজৰাইলে চাগে সাভাৰকাৰ ডাঙৰীয়াক নিজৰ ‘ৰাষ্ট্ৰ পুৰুষ’ বুলি মানি লৈছে। চল্লিছৰ দশকৰ আৰম্ভণিতে সাৱৰকাৰ জীয়ে যিবোৰ কথা কৈছিল, ইজৰাইলে আখৰে আখৰে সেইবোৰ পালন কৰিলে। অৰ্থাৎ, এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলাৰ এই মূল মন্ত্ৰটো ইজৰাইলৰ তদানীন্তন নেতাসকলে ভালদৰে জানিছিল। সেইবাবেই, মাত্ৰ ৯০ লাখ জনসংখ্যাৰ ইজৰাইল আজি সমগ্ৰ বিশ্বৰ ভিতৰতে এখন অপ্ৰতিৰোধ্য তথা শক্তিশালী ৰাষ্ট্ৰ। সাভাৰকাৰ জীয়েও সদায় এই কথাই কৈ আহিছিল —
• নিজৰ মাতৃভাষা আৰু ৰাষ্ট্ৰভাষাত শিক্ষা প্ৰদান কৰা।
• সামৰিক শিক্ষা বাধ্যতামূলক কৰা।
• দেশৰ সীমা সুনিশ্চিত কৰা; কিয়নো দেশৰ সীমা তৰোৱালৰ ধাৰেৰেহে নিৰ্ধাৰণ হয়, যঁতৰৰ সূতাৰে নহয়।
• দেশক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত কৰা।
আমি ইয়াৰ এটাও নীতি মানি নললোঁ। দেশৰ সীমাৰ ক্ষেত্ৰত আমি ইমানেই অৱহেলা কৰিলোঁ যে গিলগিট আৰু বাল্টিস্তানৰ দৰে সামৰিক দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ অঞ্চলসমূহ আমি পাকিস্তানৰ হাতত তুলি দিলোঁ। পূব আৰু পশ্চিম পাকিস্তানৰ সীমান্তৰ অৱস্থাও একেই আছিল। বৰ্তমানৰ বাংলাদেশৰ এনে চাৰিখন গাঁও আছিল, যিবোৰ ৰেডক্লিফে ভাৰতৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰিছিল। প্ৰায় এমাহ ধৰি তাৰ গাঁওবাসীয়ে ভাৰতৰ ত্ৰিৰংগা পতাকাও উৰুৱাইছিল। কিন্তু ভাৰতে নিজৰ অধিকাৰ সাব্যস্ত নকৰিলে, তাত কোনো ভাৰতীয় প্ৰতিনিধি গৈ নাপালে; অৱশেষত পাকিস্তানী সেনা তাত উপস্থিত হ’ল আৰু সেই চাৰিখন গাঁও পাকিস্তানৰ অংশ হৈ পৰিল..!
সাভাৰকাৰ জীৰ বহুতো দূৰদৰ্শী নীতি গ্ৰহণ নকৰাৰ বাবেই আমি নিজৰ দেশৰ এক অপূৰণীয় ক্ষতি কৰিলোঁ..!
