‘মাতৃ নামে সত্যসন্ধ্যা, পিতা কুসুমবৰ, তেওঁৰে পুত্ৰ আমাৰ গুৰু শ্ৰীমন্ত শংকৰ’।যিজনা জগতগুৰুৰ কৰকমলৰ স্পৰ্শত প্ৰাণস্পন্দিত হৈ উঠিছিল অসমীয়াৰ জীৱন; যিজনা মহাপুৰুষে ধৰ্ম-কলা-সংস্কৃতিৰ মাজেৰে মৰ্ত্যলোকতেই নিশ্চিত কৰিলে পৰমব্ৰহ্মৰ সান্নিধ্য; মানৱী ৰূপতো যি মায়াপী সত্তাৰ ঊৰ্ধ্বত- সেইজনা জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৬ সংখ্যক তিৰোভাৱ তিথি। গুৰু বন্দনাৰে মুখৰিত হ’ব সত্ৰ-নামঘৰসমূহৰ চৌপাশ। ভক্তি ৰসৰ এক জীপাল পৰিৱেশৰ মাজত ৰাজ্যজুৰি সৰ্বগুণাকাৰ গুৰুজনাক স্মৰণ কৰিব ৰাজ্যৰ জণগনে। সত্ৰ নগৰী বৰপেটাত মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষ্যে আয়োজন কৰা হৈছে কীৰ্তন মহোৎসৱ।
ইফালে পুৱাৰে পৰা নাম-প্ৰসংগৰে ৰাজ্যৰ আকাশে-বতাহে মুখৰিত হৈছে হৰিনামৰ ধ্বনি। সত্ৰভূমি মাজুলী,সত্ৰনগৰী বৰপেটাৰ লগতে জন্মস্থান বৰদোৱাৰ আলিপুখুৰীতো ভকত-বৈষ্ণৱে গুৰুজনাৰ নাম-কীৰ্তন কৰিছে।
ভক্তিৰসত বুৰ গৈছে সমগ্ৰ ৰাজ্যৰ সত্ৰ-নামঘৰ।