শিক্ষক সকল হৈছে মমবাটিৰ দৰে। নিজেই গলি বহু ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ পোহৰ বিলাই।
শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা এই দিৱস। শিক্ষা হৈছে জীৱন আলোকিত কৰা এক মাধ্যম। শিক্ষকসকলৰ সন্মানাৰ্থে তথা শিক্ষকসকলক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ সমগ্ৰ বিশ্বত ৫ ছেপ্তেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়।১৯৬২ চনৰ পৰা ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। এজন মহান ভাৰতীয় শিক্ষক তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত শিক্ষক দিৱস পালন কৰা হয়।
দাৰ্শনিক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ সমূহ ভাৰতীয়ৰ এজন শ্ৰদ্ধাৰ ব্যক্তি। ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদলৈকে অধিষ্ঠিত হৈছিল যদিও তেওঁ সদায় নিজকে এজন শিক্ষক হিচাপে পৰিচয় দিবলৈ গৌৰৱবোধ কৰিছিল। শিক্ষকতা আছিল তেখেতৰ জীৱনৰ ধৰ্ম। সেয়ে,এইজনা মহান ব্যক্তিৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়।
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰ তাৰিখে, সেইসময়ৰ মাদ্ৰাছৰ তিৰুতানি নামে গাঁৱত। তেওঁৰ জন্ম হৈছিল এটা তেলেগু ব্ৰাহ্মণ পৰিয়ালত। ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ পিতৃৰ নাম আছিল বীৰস্বামী আৰু তেওঁৰ মাতৃৰ নাম আছিল সীতাম্মা।
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ১৯৪৬ ৰ পৰা ১৯৫২ চনলৈ ইউনেস্ক’ত ভাৰতৰ প্ৰধান প্ৰতিনিধি আছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ডঃ ৰাধাকৃষ্ণণ ছোভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ সংবিধান সভালৈ নিৰ্বাচিত হৈছিল। ১৯৪৯ চনত গঠন হোৱা ভাৰতৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ তেওঁ সভাপতি আছিল আৰু অতি দক্ষতাৰে তেওঁ সফলতাৰে এই শিক্ষা আয়োগৰ প্ৰতিবেদন প্ৰস্তুত কৰিছিল।
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ১৯৫২ চনত ভাৰতৰ উপৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হয়। আৰু তেওঁ পুনৰবাৰ ১৯৫৭ টো ভাৰতৰ উপৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হয়। তাৰপাছতেই ডঃ ৰাধাকৃষ্ণণে ১৯৬২ চনত ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছত ডঃ ৰাধাকৃষ্ণণে তেওঁৰ ৰাজনৈতিক জীৱনৰ অন্ত পেলায়।
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ এজন গুণী জ্ঞানী ব্যক্তি আছিল। তেওঁ খুব অধ্যয়নশীল ব্যক্তি আছিল। তেওঁ সৰ্বমুঠ ২৭ বাৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল। তেওঁ শান্তিৰ নোবেলৰ বাবে মনোনীত হৈছিল এঘাৰবাৰ আৰু সাহিত্যৰ নোবেলৰ বাবে মনোনীত হৈছিল ১৬বাৰ। তেওঁ বহুতো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে।
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল এক জ্ঞানৰ মূৰ্তি। ১৯৭৫ চনৰ ২২ জুনৰ দিনা তেওঁৰ মৃত্যু হয়। তেওঁ নিজকে সদায় শিক্ষকৰূপে পৰিচয় দি ভাল পাইছিল। আজিৰ ভাৰতীয়ই তেখেতৰ অৱদানৰ বাবে তেখেতক সদায় স্মৰণ কৰে। তেওঁ কেৱল ভাৰতৰে নহয় তেওঁ এজন বিশ্বৰ বৰেণ্য ব্যক্তি আছিল।