News আম্বেদকাৰৰ পূণ্যতিথি উপলক্ষে চাফাই কৰ্মীৰ সত্ৰীয়া, ভোৰতাল নৃত্যত প্ৰাণ পাই উঠিল গুৱাহাটী। ADMIN December 5, 2022 *বাল্মীকি সংগীত বিদ্যালয়ৰ প্ৰচেষ্টাক প্ৰশংসা মুখ্যমন্ত্ৰীৰ* ৪ ডিচেম্বৰ চাফাইকৰ্মীৰ ভোৰতাল আৰু সত্ৰীয় নৃত্যত প্ৰাণ পাই উঠিল গুৱাহাটী। সোণাৰাম খেলপথাৰত ২০০ গৰাকী শিল্পীৰ ভোৰতাল নৃত্য আৰু ৫০০গৰাকী শিল্পীৰ সত্ৰীয়া নৃত্যৰ ছন্দোবদ্ধ প্ৰদৰ্শনৰ বিমোহন। দেওবাৰে বিয়লি সোণাৰাম খেলপথাৰত বাল্মীকি সংগীত বিদ্যালয়ৰ উদ্যোগত আয়োজিত হ’ল সংবিধান প্ৰণেতা ড০ ভীমৰাও আম্বেদকাৰৰ পুণ্যতিথি উপলক্ষে এক নান্দনিক কাৰ্যক্ৰম। এই উপলক্ষ্যে অনগ্ৰসৰ বুলি সততে ভাবি লোৱা গুৱাহাটী মহানগৰৰ বিশ টা বস্তি অঞ্চলৰ চাফাইকৰ্মী সমাজৰ সহস্ৰাধিক শিল্পীয়ে পৰিৱেশন কৰিলে ভোৰতাল, সত্ৰীয়া নৃত্য, বিহু নৃত্য, বিহাৰী লোক নৃত্য, পাঞ্জাবী লোক নৃত্যৰ লগতে অসমীয়া সংস্কৃতিৰ অপূৰ্ব সমলৰাজি। ডাঃ হেডগেৱাৰ স্মাৰক সমিতি পৰিচালিত সংগীত বিদ্যালয়খনৰ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠান উপভোগ কৰি বাল্মীকি সংগীত বিদ্যালয়ৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰীয়ে। সমাজৰ প্ৰতি স্তৰৰ লোকৰ সম্ভাৱনীয়তাত দেশৰ হকে উত্সৰ্গা কৰিব লাগে বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। আজিৰ অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহ সৰকাৰ্যবাহ ৰাম দত্ত চক্ৰধৰে কয় যে, শ্ৰেষ্ঠ ভাৰত নিৰ্মাণ কৰিবলৈ আমি সকলোৱে প্ৰয়াস কৰিছো। অতীতত ভাৰতবৰ্ষ বিশ্ব শ্ৰেষ্ঠ ভাৰত আছিল আৰু পুনৰ ভাৰতবৰ্ষক বিশ্ব শ্ৰেষ্ঠ কৰিবলৈ সকলোৱে যত্ন কৰিব লাগিব৷ আনহাতে, আম্বেদকাৰে ভাৰতীয় সমাজ খন আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল বুলি সদৰি কৰি তেখেতে কয়, ভাৰতবৰ্ষৰ সকলো স্তৰৰ লোকে যাতে সমান অধিকাৰ, সুবিধা পায় তাৰ বাবে আম্বেদকাৰে কাম কৰিছিল। ভাৰতবৰ্ষ আগতে স্বাধীন আছিল, কিন্তু আমি কিয় পৰাধীন হলো, এয়া আম্বেদকাৰে চিন্তা চৰ্চা কৰিছিল। বৰ্তমান সমাজ অৰ্থৰ ওপৰত চলিছে, এয়া সঠিক কথা নহয়, সমাজত সমতাৰে কাম কৰিলেহে সমাজ আগবাঢ়ি যাব বুলি প্ৰকাশ কৰি সৰ সৰকাৰ্যবাহ গৰাকীয়ে ভগৎ সিঙে ফাচীৰ পূৰ্বে ছাফাই কৰ্মীৰ হাতেৰে ৰুটি খাবলৈ বিচৰা প্ৰসংগ ব্যক্ত কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে প্ৰশংসা কৰিলে ড:হেডগেৱাৰ স্মাৰক স্মৃতিৰ উদ্যোগত প্ৰতিষ্ঠা হোৱা বাল্মীকি সংগীত বিদ্যালয়ৰ এনে প্ৰচেষ্টাক। আজি সমতাৰ ছন্দেৰে জীবনৰ জয়গান শীর্ষক অনুষ্ঠানত উপস্থিত থাকি খুব ভাল কাম কৰা বুলি অনুভব প্ৰকাশ কৰি পুনৰ কয়, ২০১০ চনত বস্তিৰ লৰা ছোৱালীক লৈ নাটক কৰাৰ পৰিকল্পনা কৰি কাম কৰিবলৈ চেষ্টা কৰি সম্পূর্ণ সফল হব নোৱাৰিলে। কিন্তু আজি হেডগেৱাৰ স্মাৰক সমিতি সফল হৈছে বুলি প্ৰকাশ কৰি শৰ্মা পূজাৰীয়ে ভাষন প্ৰসংগত কয়, কোনো লোককে তলৰ শ্ৰেণী বুলি ভাবিব নালাগে বা তলত ৰখাৰ চেষ্টা কৰিব নালাগে। প্ৰকৃতিত অসমতা বুলি একো নাই। সকলো গছ একেলগে থাকে, অৰণ্যত জীব জন্তু একেলগে থাকে তেনে ক্ষেত্ৰত মানুহৰ মাজত বৈষম্য কিয় বুলি প্ৰশ্ন উত্থাপন কৰি মানুহে ধৰ্ম, ধন,ক্ষমতা আদিৰে মানুহে সমাজখন থানবান কৰি ভাগ ভাগ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে। বৈষম্যৰ বিৰুদ্ধে আম্বেদকাৰে যিখন সংবিধান ৰচনা কৰি ই পৃথিবীৰ ভিতৰতে শ্ৰেষ্ঠ সংবিধান বুলি সদৰি কৰি পুনৰ কয়, কেবল আম্বেদকাৰৰ দৰে এগৰাকী অসাধাৰণ ব্যক্তিৰ বাবেহে এনে অসম্ভব কাম সম্ভব হৈছে। আৰম্ভণিত আম্বেদকাৰৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট ব্যক্তি সকলে। আজিৰ অনুষ্ঠানত দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল দেৱগোস্বামী, উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, চমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ নিগমানন্দ অধিকাৰী, শুৱালকুছি ঈশ্বৰহাটী সত্ৰৰ সত্ৰাধিকাৰ ৰাজীবলোচন সন্তৰ লগতে কেবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত আদৰণি ভাষন প্ৰদান কৰে আয়োজক সমিতিৰ সভাপতি ৰাম সিঙে আৰু শেষত শলাগৰ শৰাই জ্ঞাপন কৰে আদৰণি সমিতিৰ সম্পাদক শিবা বাচফৰে। Continue Reading Previous Previous post: সমগ্ৰ বিশ্বই দেখিছে হাৰিয়ানাৰ কন্যাৰ শক্তি: দ্ৰৌপদী মুৰ্মুNext Next post: RSS Chief Mohan Bhagwat Inaugurates Photo Exhibition Of Heroes Of 1962 Sino-India War Related News Military action is a necessary and inevitable step for the security of the country – RSS Military action is a necessary and inevitable step for the security of the country – RSS May 9, 2025 RSS Concludes 15-Day ‘Sangh Shiksha Varg’ Training Camp in Manipur RSS Concludes 15-Day ‘Sangh Shiksha Varg’ Training Camp in Manipur May 3, 2025