ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক সকলৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফলত ডা: হেডগেৱাৰ স্মাৰক সমিতিৰ আকাংক্ষিত ‘ সুদৰ্শনালয় ’ ভৱনটোৰ আজি শুভ উদ্বোধন কৰা হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যবৃদ্ধিৰ বাবে এই ভৱনটি নিশ্চয়কৈ উপযোগী হ’ব বুলি স্বয়ংসেৱক সকলে আশা কৰিছে৷ এই উপলক্ষে বৰ্ষ প্রতিপদা তিথিত হেঙেৰাবাৰীস্থিত এই ভৱনটিৰ ( সুদৰ্শনালয় ) ‘ গৃহ প্ৰবেশ ’ অনুষ্ঠানৰ দিনজোৰা বিভিন্ন মাঙ্গলিক কাৰ্যক্ৰম অনুষ্ঠিত হয়। সুদৰ্শনালয় ভৱনটো সুৰেশ সোণীজীৰ জ্যেষ্ঠ প্ৰচাৰক তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কার্যকাৰিনী সদস্য সুৰেশ সোণীৰ কৰ কমলেৰে গৃহ প্ৰবেশৰ শুভ উদ্বোধনী কার্যক্রম অনুষ্ঠিত হোৱাৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক লোকক উদ্দেশ্যি তেখেতে বৌদ্ধিক প্ৰদান কৰে ৷ উল্লেযোগ্যভাবে ইয়াৰ পূৰ্বে পুৱা ৭’৩০ বজাত বন্তি প্ৰজ্বলন, ৮ বজাৰ পৰা নাম-প্ৰসংগ আদি অনুষ্ঠিত হয়। উল্লেখ্য যে এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী গৰাকীও উপস্থিত থাকে , গুৱাহাটীৰ হেঙেৰাবাৰীত ডা: হেডগেৱাৰ স্মাৰক সমিতিয়ে সুদৰ্শনালয় ভৱনটো নিৰ্মাণ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক ব্যবহাৰ কৰিবলৈ দি স্বয়ংসেৱক সকলৰ এটা দীৰ্ঘদিনীয়া অভাব পূৰণ কৰিলে। উল্লেখ্য, আজিৰ সুদৰ্শনালয় ভৱন উদ্ধোধনী অনুষ্ঠানত অসমৰ শাসকীয় দলৰ গৰিষ্ঠ সংখ্যক মন্ত্রী-বিধায়কো উপস্থিত আছিল।