কৰোনোত্তৰ মানৱসমাজঃ এক নব্য জীৱনধাৰা ll
চীনৰ য়ুহানৰ পৰা আতংকৰ ক’লা ডেউকা মেলি সমগ্ৰ বিশ্বত সংহাৰ আৰু সন্ত্ৰাসৰ সূচনা কৰা কৰ’না ভাইৰাছ নামৰ ক্ষুদ্ৰ অনুজীৱটোৰ সম্মুখত নিজকে বিশ্বশ্ৰেষ্ঠ প্ৰজাতি বুলি ফিতাহি মৰা মানৱকুল নিস্তেজ-নিঃসহায় হৈ আত্মসমৰ্পণ কৰা এই বিৰল পৰিঘটনাই উন্মোচিত কৰিছে সত্যস্পৰ্শিত নতুন নতুন দিশ ।
সাধাৰণ দৃষ্টিৰে এই মৃত্যুস্ৰাৱী পৰিঘটনাই প্ৰকৃতিৰ প্ৰতুল প্ৰতাপ আৰু প্ৰতিশোধকেই চিহ্নিত কৰিলেও বিষয়টো অন্যধৰণে ভৱাৰ অৱকাশ বেছি । ‘চীনক চিনা টান’ কথাষাৰ আকৌ এবাৰ প্ৰমাণিত হ’ল কৰ’ণা সংহাৰৰ মাজেদি । কৰ’ণা — চীনৰ জৈৱিক অস্ত্ৰ যাৰ দ্বাৰা বাৰুদৰ গৰ্জন অথবা ৰক্তপাত অবিহনে চীনে এক ঐতিহাসিক কূটনৈতিক বিজয় সাব্যস্ত কৰিলে । লক্ষ লক্ষ মানুহৰ বাবে গণকবৰ সৃষ্টি কৰাই নহয়, বিশ্বঅৰ্থনীতিকো তচনচ কৰি এক পৈশাচিক আনন্দ লাভ কৰিলে । এয়াই চীনৰ অক্ষমনীয় পৰিচয় ।
অলেখ মৃত্যু আৰু ক্ষতিৰ মাজতো কৰোনোত্তৰ মানৱ সমাজলৈ বোধ আৰু চেতনাৰ অভিনৱ ৰেঙণি বিচ্ছুৰিত হৈছে । মানুহ কিমান সীমাবদ্ধ আৰুসংকুচিত সেয়া মদগৰ্বী ৰাষ্ট্ৰনেতাৰ পৰা সাধাৰণ শ্ৰমিকজনলৈ সকলোৱে ভালকৈ বুজি পালে । কৰোনা সংকটে আমাক প্ৰকৃতিক ভাল পাবলৈ, সকলো জীৱ-জন্তুৰ সৈতে সহাৱস্থান কৰি জীয়াই থকাৰ এক ধ্ৰুপদী শিক্ষা দিলে । প্ৰকৃতিয়ে যে আমাৰ জীৱনৰ আদি আৰু শেষ পাঠশালা সেই সত্য মানুহে ভালকৈ বুজি পালে । চিৰিয়াখানা বা গড়ালৰ আবদ্ধ জীৱ-জন্তুৰ বন্দিত্ব কিমান যন্ত্ৰণাময়– সেই কৰুণ সত্য লকডাউনৰ বন্দিত্বৰ সোৱাদে মানুহক শিকালে । তদুপৰি এই সংকটৰ পৰা সুৰক্ষা আৰু চাফচিকুণতাৰ পাঠ অপৰিহ ৰূপত শিকিবলৈ মানুহ বাধ্য হ’ল । বিপদৰ পৰত থকাবোৰে নথকাবোৰক সহায় কৰাৰ এক সুস্থ মানসিকতাও মানুহে অৰ্জন কৰিলে । ‘বসুধৈৱ কুটুম্বকম’ দৃষ্টিৰে মানৱতাৰ বিশাল পতাকাৰ তলত ঐক্যবদ্ধ ভাৱে জীয়াই থকাৰ এক সাৰ্বজনিক; সাৰ্ব্বজনীন পোহৰ কৰোনা সংকটে মানৱ সমাজখনত ছটিয়াই দিলে । আত্মনিৰ্ভৰশীলতা আৰু কৰ্মসংস্কৃতিৰ প্ৰমূল্যবোধেৰে জাতীয় স্বাভিমান বজাই ৰখাৰ নিয়ত প্ৰচেষ্টাত ব্ৰতী হ’বলৈ অফুৰন্ত প্ৰেৰণা পোৱা গ’ল । মুঠতে সময়ৰ নতুন শিকনীয়ে কৰোনোত্তৰ মানৱ সমাজলৈ নৱ্য জীৱনধাৰাৰ উজ্জ্বল ৰেঙণি কঢ়িয়াই আনিলে ।
সমগ্ৰ বিশ্বৰ বাবে চিহ্নিত হোৱা দুটা প্ৰধান সমস্যা — জনবিস্ফোৰণ আৰু সৰ্বগ্ৰাসী প্ৰদূষণ (বায়ু, শব্দ, পানী আদিৰ প্ৰদূষণ) ৰ বিপৰীতে কৰোণা সংকটে ভূমিৰ ভাৰ কিছু দূৰ কৰাৰ উপৰি সমগ্ৰ প্ৰদূষণ বন্ধ কৰি এক সতেজ পাৰিপাৰ্শ্বিকতাৰ সূচনা কৰিছে । অতীতৰ অনিন্দ্যসুন্দৰ প্ৰকৃতি সাৰ পাই উঠিছে । কৰোনোত্তৰ মানৱ সমাজৰ বাবে দুটা গুৰুত্বপূৰ্ণ দিশ হব — প্ৰকৃতি প্ৰেম আৰু স্বামী বিবেকানন্দৰ বিশ্ব-বীক্ষাৰ বাটেদি এখনি সেউজীয়া ধৰনী সৃষ্টি কৰা– য’ত মানৱ সৃষ্ট আতংক কৰোনাৰ সংহাৰী ৰূপ নাথাকে, নবেল বঁটা বুটলি ভাগৰি পৰা বিজ্ঞানীৰ কৰোনাৰ সম্মুখত আত্মসমৰ্পণৰ দৃশ্যও নাথাকে । সেইখন পৰিক্ষীত সমাজত মানুহে মানুহৰ বাবে ত্যাগৰ বাটেদি আগুৱাই যাব । মানুহ যে চিৰ সহস্যময় প্ৰকৃতিৰ এটা ক্ষুদ্ৰ অংশহে মাথোন ; বিজ্ঞানৰ যাদুৰে নহয়, প্ৰেম আৰু দৰ্শনৰ আলোকপিয়াসী যাত্ৰাৰেহে এই গ্ৰহৰ বুকুত মানুহৰ স্থায়িত্ব অমৰ হৈ থাকিব — এই সত্য কৰোনোত্তৰ মানৱ সমাজে নিশ্চয় উপলব্ধি কৰিব ।
বনজিৎ বৰ্মন