লিখনি ক্ৰমাং ― ১
খিলাফৎ আন্দোলন : প্ৰাসংগিকতা আৰু অধ্যয়ন
ডাঃ শ্ৰীৰংগ গোড়বোলে
প্ৰথম বিশ্বযুদ্ধৰ পিছত তুৰ্কীৰ অটোমান সাম্ৰাজ্যৰ বিঘটন আৰু তুৰ্কীৰ খলিফা পদৰ সমাপ্তিৰ আশংকাৰ ফলস্বৰূপে ভাৰতীয় মূলৰ মুছলমানসকলৰ মাজত দ্বেষৰ উৎপন্ন হৈ (১৯১৯–১৯২৪) খিলাফৎ আন্দোলনে গা কৰি উঠিছিল । খিলাফৎ আন্দোলনৰ প্ৰধান দাবী আছিল খলিফা ( শাব্দিক অৰ্থ : উত্তৰাধিকাৰী, সমগ্র বিশ্বৰ মুছলমানসকলৰ ধৰ্মীয় আৰু লৌকিক প্ৰমুখ ) পুনৰ স্হাপন । এই বছৰ খিলাফৎ আন্দোলনৰ এশ বছৰ পূৰ্ণ হ’ব আৰু এশ বছৰ গৰকাৰ পাছতো এই আন্দোলনে বিভিন্ন ধৰণৰ বিতৰ্কত অৰিহণা যোগাই আহিছে । এই আন্দোলনৰ লগত নিশ্চিত ৰূপে ধাৰ্মিক স্বীকৃতি আৰু ঐতিহাসিক পৃষ্ঠভূমি নিহিত হৈ আছিল। এই আন্দোলনে আমাৰ স্বাধীনতা সংগ্ৰামক প্ৰভাৱান্বিত কৰাৰ লগতে বিভাজন প্ৰক্ৰিয়াকো তীব্ৰতৰ কৰি তুলিছিল । খিলাফৎ আন্দোলনৰ প্ৰতিধ্বনি আজিও অহৰ্নিশে গুঞ্জিত হৈ আছে।
খিলাফৎ আন্দোলন আৰু অসহযোগ আন্দোলন
অধিক সংখ্যক ভাৰতীয়ৰ কাৰণে খিলাফৎ আন্দোলন আৰু অসহযোগ আন্দোলনৰ ধাৰণা আজিও স্পষ্ট নহয়। যোৱা কেইবা দশকজুৰি ভাৰতীয়সকলক অবগত কৰোৱা হৈছে যে ১৯২০ চনৰ ৪ ছেপ্টেম্বৰত মহাত্মা গান্ধীৰ দ্বাৰা স্বাধীনতা আন্দোলন আৰম্ভ কৰা হৈছিল আৰু ইয়াৰ উদ্দেশ্য আছিল ” স্বশাসন আৰু পূৰ্ণ স্বাধীনতা ” লাভ কৰা । ২১ মাৰ্চ ১৯১৯ চনৰ ৰাওলাট আইন আৰু ১৩ এপ্ৰিল ১৯১৯ চনৰ জালিয়ানাৱালা বাগৰ হত্যাকাণ্ডৰ পিছত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ ব্ৰিটিছ সংশোধন প্ৰক্ৰিয়াৰ পৰা পৃথক হৈ পৰিছিল। এইয়া হৈছে ৱিকিপিডিয়া জৰিয়তে প্ৰদান কৰা তথ্য যি বৰ্তমান সমাজৰ বেছি সংখ্যক শিক্ষিত লোকৰ বাবে জ্ঞানৰ ভাণ্ডাৰ হৈ পৰিছে। নিজকে ইতিহাসবিদ বুলি পৰিচয় দিয়া এচাম ৰাজনৈতিক মতবাদৰ লগত জড়িত ব্যক্তিয়ে কব বিচাৰে যে ” গান্ধীজীৰ ইচ্ছা আছিল অসহযোগ আন্দোলন আৰু খিলাফৎ আন্দোলনক একত্ৰিত কৰি ভাৰতবৰ্ষৰ হিন্দু আৰু মুছলমান সমুদায়ে সহযোগিতাৰে আগবাঢ়ি গলে ভাৰতবৰ্ষৰ ঔপনিবেশিক শাসনৰ অন্ত পেলাব পাৰিব । এই আন্দোলনে ইমানেই জনপ্ৰিয়তাৰ জোৱাৰ উৎপন্ন কৰিছিল যে ভাৰতবৰ্ষত সঁচাকৈয়ে ঔপনিবেশিকতাৰ অভূতপূৰ্ব নিদৰ্শন প্ৰতিষ্ঠা হৈছিল ।( Theams and Indian history part lll , দ্বাদশ শ্ৰেণীৰ ইতিহাসৰ পাঠ্যপুথি ,NCRT ৰ দ্বাৰা প্ৰকাশিত পৃষ্ঠা ৩৫০ )
ইতিহাসৰ এই তথ্য সমূহে আমাক স্পষ্ট কৈ কব বিচাৰে যে অসহযোগ আন্দোলন আছিল কংগ্ৰেছৰ মৌলিক ধাৰণা যাৰ লক্ষ্য আছিল ” স্বৰাজ ” প্ৰাপ্তি । একমাত্ৰ স্বৰাজ প্ৰাপ্তিৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখিয়েই এই আন্দোলন আৰম্ভ কৰা হৈছিল । ( History of national Congress , pattabi sitaramaya ,CWC Madres,1935 page 334,335) । তেওঁ যদি প্ৰকৃততে ইতিহাসৰ জনক হয় তেন্তে ইতিহাসবিদসকলে এই তথ্য সমূহৰ ওপৰত পৰীক্ষণ কৰা উচিত কিয়নো এইয়া ইতিহাসক লৈ কৰা কোনো ধেমালি নহয়তো ?
আচলতে অতি সূক্ষ্ম আৰু নিৰপেক্ষ ভাৱে খিলাফৎ আন্দোলনৰ বিশ্লেষণ হোৱা অত্যন্ত আৱশ্যক । সমাজত যদি বেছি সংখ্যকেই ভিত্তিহীন তথ্য প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে তেন্তে তাৰ অন্তৰালত থকা প্ৰকৃত সত্য কেতিয়াবা হেৰাই যোৱাৰ উপক্ৰম হয় । এই তথ্য প্ৰায়েই দলীয় ৰাজনীতিৰ দ্বাৰা পৰিচালিত হয় আৰু খিলাফৎ আন্দোলনো ইয়াৰ ব্যতিক্ৰম নহয় ।
ৰাজনৈতিক পটভূমি
২০১৮ চনৰ ২৫ অক্টোবৰত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নিজা ৱেবছাইটত খিলাফৎ আন্দোলনৰ ওপৰত এটি লিখনি প্ৰকাশিত হৈছিল। উক্ত লিখনিত কোৱা হৈছিল যে খিলাফৎ আন্দোলন হৈছে ভাৰতবৰ্ষক বৃটিছ শাসনৰ পৰা মুক্ত কৰাবৰ কাৰণে লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপ সমূহৰ ভিতৰত অন্যতম। ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ তত্বাৱধানত হিন্দু আৰু মুছলমানসকলক বৃটিছ শাসনৰ বিৰুদ্ধে যুজিবলৈ লোৱা প্ৰয়াসেই হৈছে খিলাফৎ আন্দোলন। এই প্ৰয়াস তেতিয়া আৰু অধিক দৃঢ় হৈ পৰিছিল যেতিয়া মাহাত্মা গান্ধীয়ে ঔপনিবেশিকতাৰ বিৰুদ্ধে সামুহিক বিক্ষোভ উজাগৰ কৰিবলৈ খিলাফৎ আন্দোলন আৰু অসহযোগ আন্দোলনক একাকাৰ কৰাৰ সিদ্ধান্ত লৈছিল। মহাত্মা গান্ধীয়ে খিলাফৎ আন্দোলনক হিন্দু আৰু মুছলিম তথা তেওঁলোকৰ নিহিত উদ্দেশ্য আৰু অস্তিত্ব ৰক্ষাৰ এক সুযোগ হিচাপে গ্ৰহণ কৰিছিল। মহাত্মা গান্ধীয়ে আৰম্ভ কৰা স্বায়ত্ব শাসন যাক স্বৰাজ আন্দোলন বুলিও কোৱা হয় সেই আন্দোলনৰ সৈতে জড়িত চিন্তা আৰু দাবী সমূহ সন্নিবিষ্ট কৰিছিল এই দুয়োটা উদ্দেশ্য পূৰ্তিৰ বাবে অসহযোগ আন্দোলনৰ ৰূপৰেখা প্ৰস্তুত কৰিছিল। খিলাফৎ আন্দোলনক ভাৰতৰ স্বাধীনতা আন্দোলন আৰু হিন্দু মুছলিমৰ একতাৰ প্ৰতীক ৰূপে প্ৰদৰ্শিত কৰা হৈছিল।ইয়াৰ প্ৰধান কাৰণ আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু খিলাফৎ আন্দোলনৰ নেতাসকলৰ পৰস্পৰৰ মাজত হোৱা সম্পৰ্ক। মহাত্মা গান্ধীৰ ভাৱ হৈছিল, হিন্দু মুছলিমৰ মাজত একতা গঢ় লৈ উঠিছিল। মহাত্মা গান্ধীয়ে বুজি পাইছিল যে হিন্দু আৰু মুছলিমসকলৰ সন্মিলিত প্ৰচেষ্টা আৰু স্বাধীনতাৰ বাবে কৰা সংঘৰ্ষৰ ফলতহে বৃটিছ শাসনৰ পৰা মুক্তি পোৱাটো সম্ভৱ। (HTTPS://www.inc.in/en/in focus/the khilafat-movement-a-landmark-movement -in-indias-journey-to-freedom)
শৈক্ষিক পটভূমি
পূৰ্বাগ্ৰহৰে গ্ৰস্ত কিছু ইতিহাসবিদে এই বিষয়ত যথেষ্ট অপপ্ৰচাৰো চলাইছে । স্কটিছ ইতিহাসবিদ ছাৰ হেমিল্টন গিব(১৮৯৫-১৯৭১) এ খিলাফৎ আন্দোলনক ক্ৰমবৰ্ধমান হিন্দু ৰাষ্ট্ৰবাদৰ প্ৰতিক্ৰিয়া বুলি উল্লেখ কৰিছে। তেওঁ লিখিছে ― বিশ্বৰ সমগ্ৰ মুছলমান ৰাষ্ট্ৰৰ ভিতৰত ভাৰততেই একমাত্ৰ ইছলামৰ আন্তঃৰাষ্ট্ৰীয় দিশটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় । কিন্তু ইয়াত তেওঁলোকৰ উদ্দেশ্য আৰু হিন্দু ৰাষ্ট্ৰবাদৰ বিপৰীতে আত্মৰক্ষাৰ দৃষ্টিভংগী গ্ৰহণ কৰা হয়।
কেতিয়াবা কেতিয়াবা ইতিহাসবিদসকলৰ চৰ্চাই নিকৃষ্টতম স্তৰলৈ অবনমিত হয়। কানাডাৰ ইছলামিক ইতিহাসবিদ উইলফ্ৰেদ কেন্টৱেল স্মিথে (১৯১৬―২০০০) Modern Islam in India : in social analysis (mineraba book stall, Lahore)
নামৰ গ্ৰন্থখনত লিখিছে যে গ্ৰামীণ অঞ্চলত “খিলাফৎ” শব্দৰ আন এক অৰ্থ প্ৰচলিত আছে। জনসাধাৰণে ভাৱে যে খিলাফৎ শব্দটো উৰ্দু শব্দৰ পৰা আহিছে যাৰ অৰ্থ হৈছে ” বিৰোধ ” বা ” প্ৰতিবাদ ” আৰু সেয়েহে তেওলোকে খিলাফৎ মানে চৰকাৰৰ বিৰুদ্ধে কৰা প্ৰতিবাদ বুলি ভাবি ললে। তেওঁলোক সদায় ইছলামৰ প্ৰতি জাগ্ৰত আছিল কিন্তু মহম্মদ আৰু অটোমান তুৰ্কী সাম্ৰাজ্যৰ বিষয়ে একেবাৰে অজ্ঞ আছিল (পৃষ্ঠা ২৩৪) । ডি. ডি. টেণ্ডুলকাৰে তেওঁৰ Mahatma : life of mohan das karamchand Gandhi ( খণ্ড ২ ,পৃষ্ঠা ৪৭) ত এই অজ্ঞতাৰ বিষয়ে উল্লেখ কৰিছে। অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ দ্বাৰা প্ৰকাশিত আৰু তৎকালীন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ দ্বাৰা উন্মোচিত” santanory history of Indian national Congress 1885―1985( Academic foundation,Delhi 1985 part 2,page 60) নামৰ গ্ৰন্থখনত এই কথা উল্লেখ আছে। এইয়া একো আচৰ্যৰ বিষয় নহয় যে এই খণ্ডৰ সম্পাদকদ্বয় ক্ৰমে ৰবীন্দ্ৰ কুমাৰ আৰু বি.এন পাণ্ডে আছিল কিয়নো তেওঁলোক দুয়োজনেই নেহৰুবাদী ধৰ্মনিৰপেক্ষ সিদ্ধান্তৰ অগ্ৰণী যোদ্ধা আছিল। শৈক্ষিক বিতৰ্কৰ আন এক উদাহৰণ হৈছে খিলাফৎ আন্দোলনক অখিল ইছলামৰ পৰিৱৰ্তে অখিল ভাৰতীয় ইছলামৰ ৰূপত চিত্ৰিত কৰা হৈছে। (khilafat movement ; Religious symbolism and political Mobilization , Gal minalt ,Colombia university press 1982 ) আন এজন বিখ্যাত ইতিহাসবিদ প্ৰফেচাৰ ভোজনন্দন প্ৰসাদ সিংহই বিহাৰত ১৯২০-২২ চনত খিলাফৎ আৰু অসহযোগ আন্দোলনৰ ধৰ্ম নিৰপেক্ষতাৰ দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল (prociding of Indian history Congress part 63 2020,page 615―621) তেওঁ দোষাৰোপ কৰিছিল যে তেওঁৰ ধাৰ্মিক দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰক লঘু কৰাৰ উদ্দেশ্যে জানিবুজি বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছিল। সম্পূৰ্ণ নিজা উদ্দেশ্য পূৰ্তিৰ বাবে আন্দোলনৰ নাম উল্লেখ কৰালৈকে সুবিধা অনুসৰি আঁতৰাই দিয়া হৈছিল। তেওঁ এই কথাখিনি স্পষ্ট কৰিবলৈ ৰফিক জাকাৰিয়াৰ লিখনিৰ উদ্ধৃতি দি কৈছে যে তেওঁ কেনেকৈ নিজৰ লিখনি ” The truth about the khilafat movement ” (The Hindustan Times New Delhi,24 August 1997) ত বিভ্ৰান্তিৰ সৃষ্টি আৰু প্ৰচাৰৰ বিৰোধিতা কৰিছিল তাৰ উল্লেখ কৰিছে।
এইজন বিখ্যাত ইতিহাসবিদৰ মতে খিলাফৎ আন্দোলন আছিল ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰবাদৰ গান্ধীবাদী ৰণনীতিৰ পৰিণাম । এই আন্দোলনৰ আন এক দিশো আছে যেনে স্বাধীন আৰু লোকতান্ত্ৰিক ভাৰতৰ উদ্দেশ্যৰে মহাত্মা গান্ধীয়ে আৰম্ভ কৰা খিলাফৎ আন্দোলন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰীয় আন্দোলন ৰূপে পৰিগণিত হৈছিল। ইয়াৰ উপৰিও ” অহিংসা ” অসহযোগ আৰু খিলাফৎ আন্দোলনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছিল।
ইতিহাসৰ অৱমাননা
খিলাফৎ আন্দোলনক এনেকুৱা এক আকস্মিক ঘটনা বুলি কব বিচৰা হৈছিল যাৰ কোনো ধাৰ্মিক বা ঐতিহাসিক পটভূমি নাছিল । বৰ্তমানলৈকেও খিলাফৎ আন্দোলনৰ হিন্দু বিৰোধী ভাৱমূৰ্তি দূৰ কৰাৰ চেষ্টা অব্যাহত আছে । উদাহৰণ স্বৰূপে গাৰ্গী চক্ৰৱৰ্তীৰ “Mainstream” (part 53 cl.no.6 New Delhi 25 January 2020) ত লিখিছে যে “অখিল ইছলামিক বিচাৰধাৰাই পশ্চিমীয়া সাম্ৰাজ্যবাদৰ বিৰুদ্ধে বিশ্বৰ মুছলিম সম্প্ৰদায়ক একত্ৰিত কৰিবৰ বাবে উঠিপৰি লাগিছিল কিন্তু ১৯১১ চনত ইটালী আৰু তুৰ্কীৰ মাজত যুদ্ধ আৰম্ভ নোহোৱালৈকে ভাৰতত ই এক শক্তি হিচাবে পৰিগণিত হ’ব পৰা নাছিল । ব্ৰিটেইনে ইটালীৰ লগত গুপুত সন্ধি কৰাৰ পাছত ভাৰতীয় মুছলমানসকল ইংৰাজৰ পৰা ফালৰি কাটি আহিল।তেওঁলোকে ধৰি ললে যে ব্ৰিটিছ সাম্ৰাজ্যবাদে তেওঁলোকৰ ইছলামিক সংস্কৃতি ধ্বংস কৰাৰ অপচেষ্টা চলাইছে। ” ইছলাম সংকটত” এই ভয়ে খ্ৰীষ্টান আৰু ব্ৰিটিছ ঔপনিবেশিবাদৰ বিৰুদ্ধেহে তীব্ৰ বিৰোধ আৰু ঘৃণাৰ সৃষ্টি কৰিছিল যিটো হিন্দুসকলৰ বাবে সমূলি নাছিল।” চক্ৰৱৰ্তীৰ লেখা একপ্ৰকাৰৰ গৱেষণা পত্ৰ আছিল যাৰ শীৰ্ষক আছিল “Globalization and Religious Diversity: Issues, Prespectives and the Relevance of Gandhian Philosophy” .
দিল্লীৰ আম্বেদকাৰ ইউনিভাৰ্চিটি আৰু আৰহুছ ইউনিভাৰ্চিটি য়ে ডেনমাৰ্কৰ দ্বাৰা আয়োজিত এখন ইন্টাৰনেচনেল উইন্টাৰ স্কুলত ২০২০ চনৰ ৮-১৪ জানুৱাৰী এই পত্ৰ পাঠ কৰা হৈছিল। মন কৰিবলগীয়া কথা যে বৈশ্বিক ইছলামক এতিয়া পশ্চিমীয়া সাম্ৰাজ্যবাদৰ প্ৰতিক্ৰিয়াৰ ৰূপত চিত্ৰিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
যদি স্বঘোষিত ধৰ্মনিৰপেক্ষ বাদী সকলৰ এই অৱস্থা হয় তেন্তে কট্টৰ ইছলাম পন্হী সকলৰ অৱস্থা কি হ’ব ? ত্ৰিনিদাদ আৰু টোবেইগো চৰকাৰৰ বিদেশ মন্ত্ৰালয়ত কৰ্মৰত অধিকাৰী শেখ ইমৰাণ হুছেইনে ১৯৮৫ চনত ইছলামিক মিছনৰ কাৰণে নিজৰ জীৱন সমৰ্পিত কৰিবৰ বাবে চাকৰি ত্যাগ কৰিছিল। তেওঁ খিলাফৎ আন্দোলনৰ বিষয়ে এই বুলি লিখিছিল যে “ব্ৰিটিছ ঔপনিবেশিক শাসনে ইছলামৰ বিকল্প হিচাবে ইউৰোপীয় ৰাজনৈতিক ধৰ্মনিৰপেক্ষতাক তৰোৱালৰ বলেৰে বলবৎ কৰিছিল। হিন্দু আৰু মুছলমান দুয়োটা সম্প্ৰদায়ে শেষত ধৰ্ম নিৰপেক্ষতাৰ এক নব্য ইউৰোপীয় ধৰ্মক প্ৰত্যাহ্বান জনাইছিল আৰু নিজৰ স্বদেশী ৰাজনৈতিক সংস্কৃতিক বাহাল কৰিবলৈ আৰু সংৰক্ষিত কৰিবলৈ দাবী উত্থাপন কৰিছিল। খিলাফৎ আন্দোলনে ইউৰোপীয় ঔপনিবেশিক ব্যৱস্থাৰ অশ্বেত দেশসমূহৰ ওপৰত জাপিব বিচৰা ৰাজনৈতিক ধৰ্মনিৰপেক্ষতা আৰু সাংবিধানিক লোকতন্ত্ৰৰ সম্পূৰ্ণ ব্যৱস্থাক ধ্বংস কৰাৰ ভাবুকি দিলে আৰু সেইকাৰণে তুৰ্কীৰ খিলাফৎ আন্দোলনক নি:শেষ কৰিবলৈ মুস্তাফা কামালে তুৰ্কীৰ নতুন ধৰ্মনিৰপেক্ষ গণৰাজ্যৰ লগত মিলিত হৈ ব্ৰিটিছ চৰকাৰে ৰণনীতি তৈয়াৰ কৰিলে যাৰ জৰিয়তে খিলাফৎ আন্দোলন আৰু হিন্দু মুছলমানৰ মিত্ৰ জোঁটক ব্যৰ্থ আৰু ভঙ্গ কৰিব পাৰে।” (The Return of Khilafat) মন কৰিবলগীয়া কথা, কিদৰে খিলাফৎ আন্দোলনক স্বদেশী সংস্কৃতিৰ ৰক্ষণ আৰু বৰ্ণভেদৰ বিৰুদ্ধে কৰা সংঘৰ্ষৰ ৰূপত প্ৰস্তুত কৰা হৈছে!
অতীতৰ পৰা বৰ্তমান লৈ
বুৰঞ্জীবিদৰ ৰূপত বিশিষ্ট চিন্তাধাৰাৰ লগত জড়িত এক শ্ৰেণীৰ ব্যক্তি আছে যি সকলে ভাৱে যে খিলাফৎ আন্দোলনক ঢাল হিচাবে ব্যৱহাৰ কৰি ভাৰতবৰ্ষৰ বৰ্তমান ৰাজনৈতিক অৱস্থাৰ পট পৰিৱৰ্তন কৰিব পাৰি। এনে এক প্ৰচেষ্টা ৰ অন্তৰ্গত প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক জ্ঞানপ্ৰকাশে খিলাফৎ আন্দোলন আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক (CAA ) ৰ মাজত সামঞ্জস্য আছে বুলি কব বিচাৰে। তেওঁ লিখিছে যে ” ভাৰতবৰ্ষত আৰ.এছ.এছৰ প্ৰেৰণাত হোৱা আক্ৰমণৰ সন্মুখীন হ’ব লগা মুছলমানসকলে এই কথাটোৰ ওপৰত বিশেষ গুৰুত্ব দি কয় যে তেওঁলোক মুছলমানৰ লগতে ভাৰতীয় হে , মুছলমান বনাম ভাৰতীয় নহয় । খিলাফৎ আন্দোলনত মুছলমানসকলৰ অভিযোগৰ ব্যৱহাৰ কৰি ব্ৰিটিছ বিৰোধী ৰাষ্ট্ৰবাদী আন্দোলনৰ সূচনা কৰা মহাত্মা গান্ধীৰ প্ৰচেষ্টাৰ কথা মনলৈ আহে। ( why the protest remind as of Gandhi’s khilafat movement Economic Times 12 January – 2020)
খিলাফৎ আন্দোলনৰ বিষয়ে নতুন প্ৰচাৰ নিম্নলিখিত বিন্দু কেইটাৰ ওপৰত হোৱাটো নুই কৰিব নোৱাৰি : “এয়া আচলতে ভুক্তভোগী এটা সম্প্ৰদায়ৰ জৰিয়তে তেওঁলোকৰ ঔপনিবেশিক গৰাকীৰ বিৰুদ্ধে আৰম্ভ কৰা এক আন্দোলন আছিল যি আন্দোলন অমুছলমান সহোদৰ সকলক লগত লৈ মহাত্মা গান্ধীৰ ব্যাপক নেতৃত্বত সঞ্চালিত কৰা হৈছিল।” এতিয়া ‘ঔপনিবেশিক গৰাকী’ ক ‘হিন্দু সংখ্যাগুৰু’ ৰ লগত আৰু ‘অ মুছলমান সহোদৰ সকলৰ’ ৰ ঠাইত দমনকাৰী হিন্দু ব্ৰাহ্মণবাদী ব্যৱস্থাৰ বলি হোৱা দলিতৰ লগত যদি সালসলনি কৰা হয় তেন্তে আপোনাৰ বাবে বৰ্তমান সময়ত এক বিষাক্ত চৰ্চাই গা কৰি উঠিব । খিলাফৎ আন্দোলনৰ ওপৰত নিৰ্মাণ হোৱা এই নতুন চৰ্চা তাৎক্ষণিক ভাৱে আঁতৰাই পেলোৱাৰ প্ৰয়োজন আহি পৰিছে। এই মানসিকতা বৰ্তমান সভ্যতাক পুনৰ সপ্তম শতিকাৰ পৰিৱেশলৈ লৈ যোৱাৰ এক ধৰ্মীয় ষড়যন্ত্ৰ চলিছে। যি সকলে ইতিহাসক পাহৰিবলৈ যত্ন কৰে তেওঁলোকে সেই ইতিহাসকেই পুনৰাবৃত্তি কৰিব লগা হয় । কিন্তু এইটোও সিমানেই সত্য যে যি সকলে ইতিহাসক অস্বীলাৰ কৰে তেওঁলোকে সেই ইতিহাসৰ পুনৰাবৃত্তি কৰিবলৈকো সুযোগ নাপায়। বিবেকৰ প্ৰয়োগেৰে তেল পানীৰ মাজত প্ৰভেদ বিচাৰ কৰাৰ সময় সমাগত।