ডিজিটেল ডেস্ক: গুৱাহাটীঃ ধেমাজি জিলাৰ গোগামুখত এগৰাকী কণমানি ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰা কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে শিশু শিক্ষা সমিতি অসমে। উল্লেখ্য যে, যোৱা ৪ মে’ত শিশু শিক্ষা সমিতি, অসমৰ অন্তর্ভুক্ত শংকৰদেৱ শিশু নিকেতন, গোগামুখৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী দীপশিখা শইকীয়াক ঘৰত কোনো নথকাৰ সুযোগ লৈ কেইবাটাও নৰপিশাচে দলবদ্ধভাৱে ধৰ্ষণ কৰি ডিঙিত গামোচাৰে বান্ধি হত্যা কৰি ওলোমাই থৈ যায়। এই জঘন্য ঘটনাৰ উচিত তদন্ত আৰু ধৰ্ষণকাৰীৰ কঠোৰতকৈ কঠোৰ শাস্তি দাবী কৰি শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে কয়, ‘জোৰ পুৰি হাত পাইছে। আমি আৰু কিমান জাষ্টিছ ফৰ বুলি লিখি ছ’চিয়েল মিডিয়াত হেছটেগ চলাম? আমাক সমাধান লাগে। এনে জঘন্য কাণ্ড সংঘটিত কৰা নৰপিশাচবোৰক চূড়ান্ত শাস্তি প্ৰদান কৰিব লাগে।’ এনে ঘটনা কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি মন্তব্য কৰি শিশু শিক্ষা সমিতিৰ সাধাৰণ সম্পাদকজনে সকলোকে নৰপিশাচকেইটাৰ চূড়ান্ত শাস্তিৰ দাবীত স্থানীয় প্ৰশাসনৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আহ্বান জনায়। ইফালে কণমানি ৯ বছৰীয়া শিশুটিৰ আত্মাৰ শান্তিৰ বাবে ৭ মে, শুক্ৰবাৰে সন্ধিয়া ৬ বজাত বিদ্যাভাৰতী পৰিয়ালৰ ৰাজ্যৰ প্ৰতিখন শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য-আচাৰ্যা, কাৰ্যকৰ্তা, পৰিচালনা সমিতিৰ সদস্য, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্র-ছাত্ৰী সকলোৱে নিজ নিজ গৃহত এগচিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ আহবান জনাইছে শিশু শিক্ষা সমিতি অসমে ।