ডঃ বি আৰ আম্বেদকাৰ কেৱল দলিতৰ বাবে নহয় তেওঁ সমগ্ৰ ভাৰত বৰ্ষৰ তথা বিশ্বৰ বাবেই এজন শ্ৰেষ্ঠ মহাপুৰুষ - শ্ৰী দত্তাত্ৰেয় হোসবোলে,সৰকার্যবাহ,ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ
পৃথিবীৰ বৃহত্তম তথা ভাৰতবৰ্ষৰ
সংবিধান প্ৰণেতা ডঃ বাবা সাহেব আমৱেদকাৰৰ আজি জন্ম জয়ন্তী। এই উপলক্ষে গুৱাহাটী মহানগৰৰ এখন সেৱা বস্তিত অনুষ্ঠিত এক কার্যসূচীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মাননীয় সৰ কার্যবাহ শ্ৰী দত্তাত্ৰেয় হোসবোলে উপস্থিত হৈ ডঃ বাবা সাহেব আম্বেদকাৰৰ মূৰ্তিত মাল্যাৰ্পন কৰে । অনুষ্ঠানত মাল্যাৰ্পন কৰি সৰ কাৰ্যবাহ দত্তাত্রেয় হোসবোলােয়ে অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জনায়। ডঃ বি আৰ আম্বেদকাৰৰ প্ৰসংগত সৰ কাৰ্যবাহ গৰাকীয়ে কয় যে ডঃ বি আৰ আম্বেদকাৰ কেৱল দলিতৰ বাবে নহয় তেওঁ সমগ্ৰ ভাৰত বৰ্ষৰ তথা বিশ্বৰ বাবেই এজন শ্ৰেষ্ঠ মহাপুৰুষ । আনহাতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰ কাৰ্যবাহ দত্তাত্রেয় হোসবোলােয়ে মহানগৰৰ সেৱা বস্তিতৰ কার্যসূচীত উপস্থিত থকি সংবিধান প্ৰণেতা গৰাকীৰ মূৰ্তিত মাল্যদান কৰাৰ উপৰি দলিত সমাজৰ মাজত উপস্থিত থকাত সেৱা বস্তিতৰ দলিত সমাজৰ লোক সকলে সংঘৰ সৰকার্যবাহ গৰাকীক আন্তৰিক ধন্যবাদ জনায় । সৰ কাৰ্যবাহ দত্তাত্রেয় হোসবোলাে উক্ত স্থানত উপস্থিত হোৱা কাৰ্যক মহা দলিত সংঘৰ মুখ্য উপদেষ্টা শ্ৰী মাত ঈশ্বৰ ৰাও জীয়ে মত প্ৰকাশ কৰে যে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ কার্যবাহ গৰাকী আমাৰ মাজত উপস্থিত হোৱাটো আমাৰ সমাজৰ বাবে পৰম সৌভাগ্যৰ বিষয় ।
