Dr. Mohan Bhagwat নতুন দিল্লী, ১৫ মেঃ ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ সৰসংঘচলক শ্ৰী মোহনজী ভাগৱতে আজি কৰ’না সন্দৰ্ভত ভাৰতবাসীক উদ্দেশ্যি কয় যে ভাৰতীয় সমাজে নিশ্চিতভাৱে দৃঢ়তা, নিৰন্তৰ প্ৰচেষ্টা আৰু ধৈৰ্য্যৰে কৰোনা জয় কৰিব। তেওঁ কয় যে দেশৰ জটিলতাৰ এইসময়ত গুণাগুণ আৰু দোষৰ বিষয়ে আলোচনা কৰাৰ সময় নহয়, কিন্তু এই সময়ত সমাজৰ সকলো শ্ৰেণীয়ে একেলগে কাম কৰি সামূহিক প্ৰচেষ্টা কৰিব লাগিব যাতে আমি এই সংকট দূৰ কৰিব পাৰোঁ। ‘হাম জীতেংগে- পাজিতিতি আনলিমিটেড’ বক্তৃতা শৃংখলাৰ পঞ্চম আৰু অন্তিম দিনা শ্ৰী ভাগৱতে তেওঁৰ ভাষণত এনেদৰে দেশবাসীক সম্বোধন কৰি মন্তব্য প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ সৰসংঘচালক গৰাকীয়ে পুনৰ কয় যে যদি দেশৰ সকলোৱে এটা দল হিচাপে কাম কৰে, তেন্তে আমি সামূহিকতাৰ জৰিয়তে নিজৰ আৰু সমাজৰ গতি বৃদ্ধি কৰিব পাৰোঁ। এই সময়ত, আমি আমাৰ সকলো পাৰ্থক্য পাহৰি একেলগে কাম কৰিব লাগিব। শ্ৰী ভাগৱতে কয় যে প্ৰথম ঢৌৰ পিছত, আমি এক বিশৃংখল অৱস্থাত আছিলো আৰু এতিয়া তৃতীয় ঢৌৰ কথা আছে। ইয়াৰ ফলত অৰ্থনীতি, নিযুক্তি, শিক্ষা আদিৰ ওপৰত গভীৰ প্ৰভাৱ পৰিছে। অনাগত দিনবোৰত অৰ্থনীতি অধিক প্ৰভাৱিত হ’ব পাৰে, সেয়েহে আমি এতিয়াৰ পৰা ইয়াৰ বাবে প্ৰস্তুতি হব লাগিব। ভৱিষ্যতৰ এই প্ৰত্যাহ্বানবোৰ আলোচনা কৰিবলৈ ভয় নকৰিবলৈ দেশবাসীক আহ্বান জনায় কয় যে, আমি আগন্তুক প্ৰত্যাহ্বানবোৰৰ মোকাবিলা কৰিবলৈ সময়মতে প্ৰস্তুত হোৱাটো গুৰুত্বপূৰ্ণ বিষয়। তেখেতৰ বক্তব্যত পুনৰ কয় যে নিজকে সতৰ্ক, সক্ৰিয় আৰু স্বাস্থ্যৱান কৰি ৰাখি আমি ধৈৰ্য্য আৰু অনুশাসনৰ সৈতে সেৱাত জড়িত হোৱা উচিত। কৰোনা ৰোগীসকলে বিচনা, অক্সিজেন আদি নিশ্চিত কৰিবলৈ প্ৰচেষ্টা কৰিব লাগে। সেৱাৰ কামত নিয়োজিত সংগঠনবোৰে সহযোগিতা কৰা উচিত। আপুনি আপোনাৰ চাৰিওফালৰ পৰিয়ালবোৰৰ বিষয়ে চিন্তা কৰা উচিত যিবিলাক বিত্তীয় সংকটত আছে। ঘৰত খালী হৈ বহি নাথাকিব, নতুন কিবা শিকিব, পৰিয়ালত যোগাযোগ বৃদ্ধি কৰিবকৰিবলৈও আহ্বান জনায়। শ্ৰী ভাগৱতে কয় যে সফলতা হজম কৰিব লাগিব আৰু একেৰাহে আগবাঢ়িবলৈ আমি প্ৰত্যেকে সাহস কৰিব আগবাঢ়িব লাগিব। ভাৰত এখন প্ৰাচীন ৰাষ্ট্ৰ আৰু ভাৰতবৰ্ষই অতীতত বহুতো বহু বাৰ দুৰ্যোগৰ সন্মুখীন হৈছিল। কিন্তু যেতিয়াই দেশবাসীয়ে নানান দুৰ্যোগৰ সময়ত এতিয়াও মূৰ তুলি সকলোবোৰত আমি জয়লাভ কৰিছো, এইবাৰো কৰ’নাৰ বিৰুদ্ধে যুঁজত আমি সকলোৱে জিকিম বা জিকিবই লাগিব। ইয়াৰ বাবে আমি সকলোৱে কৰোনাক আমাৰ শৰীৰৰ পৰা আঁতৰাই ৰাখিব লাগিব আৰু মনটো প্ৰতিমুহূৰ্ততে ইতিবাচক কাম-চিন্তাৰে ধৰি ৰাখিব লাগিব। এই কঠিন পৰিস্থিতিত কোনো কাৰণতে আমি ধৈর্য নেহেৰুৱাই নিৰাশ হোৱাৰ প্ৰয়োজন নাই । কিন্তু ইয়াৰ সৈতে যুঁজিবলৈ আৰু জিকিবলৈ সমগ্র দেশবাসীয়ে সংকল্প লোৱাৰ প্ৰয়োজন আছে। ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ সৰসংঘচালক গৰাকীয়ে নিজৰ বক্তব্য প্ৰকাশ কৰি পুনৰ কয় যে, “এনে ধৰণৰ বাধা অতিক্ৰম কৰি মানৱতা সদায় পূৰ্বতে দেশবাসীয়ে আগবাঢ়ি গৈছে আৰু এইবেলিও নিশ্চয় আগবাঢ়ি যাব বুলি আশা ব্যক্ত কৰে। উল্লেখ্য, কোভিড সঁহাৰি দলৰ দ্বাৰা আয়োজিত বক্তৃতা অনুষ্ঠান ১১ মেৰ পৰা ১৫ মে’লৈ দৈনিক আবেলি 4:30 বজাত 100 তকৈও অধিক মিডিয়া প্লেটফৰ্মত সম্প্ৰচাৰ কৰা হৈছিল। বক্তৃতা শৃংখলাটোৰ উদ্দেশ্য আছিল কৰোনা সংকটৰ সন্মুখীন হ’বলৈ সমাজত এক ইতিবাচক পৰিৱেশ সৃষ্টিকৰাত সহযোগিতা কৰি সকলোৱে আগবাঢ়ি যাওক।

ডাঃ মোহন ভাগৱতজীৰ উদ্বোধনী বক্তব্য
শ্ৰদ্ধেয় মহন্ত নৃত্যগোপাল জী মহাৰাজৰ লগতে উপস্থিত সকলো সন্তগণ,ভাৰতৰ মাননীয় আৰু জনপ্ৰিয় প্ৰধানমন্ত্ৰী মহোদয়, উত্তৰ প্ৰদেশৰ মাননীয় ৰাজ্যপাল মহোদয়া, উত্তৰ প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, সকলো সজ্জন মাতা-ভগিনী সকল।
আজি আনন্দৰ ক্ষণ। বহুতো প্ৰকাৰৰ আনন্দ। এটা সংকল্প লোৱা হৈছিল। মোৰ মনত পৰিছে, তেতিয়াৰ আমাৰ সংঘৰ সৰ সংঘচালক বালা চাহব দেওৰসদেৱে এই পদক্ষেপ লোৱাৰ পূৰ্বে আমাক সোঁৱৰাই দিছিল যে বহুত পৰিশ্ৰম কৰিব লাগিব, কমেও বিশ-ত্ৰিশ বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰিলেহে আমি সফল হ’ব পাৰিম। আমি পৰিশ্ৰম কৰিলো আৰু ত্ৰিশতম বছৰৰ আৰম্ভণীতে আমাৰ সংকল্প পূৰ্ণ হোৱাৰ আনন্দ প্ৰাপ্ত হৈছে। প্ৰাণপণে চেষ্টা কৰা হৈছিল, অনেক লোকে প্ৰাণাহুতি দিলে, তেওঁলোক আজি অশৰীৰী ৰূপে ইয়াত উপস্থিত আছে, কাৰণ প্ৰত্যক্ষ ভাৱে তেওঁলোক আমাৰ মাজত উপস্থিত হ’ব নোৱাৰে। এনে বহুতো লোক আছে, যিসকল সোঁশৰীৰে ইয়াত উপস্থিত থকাত অপাৰগ। ৰথ যাত্ৰাৰ নেতৃত্ব প্ৰদান কৰা আডৱানীজী নিজৰ বাসগৃহৰ পৰাই আজিৰ এই কাৰ্যসূচী প্ৰত্যক্ষ কৰিছে। এনে বহুতো লোক আছে, যিসকল আহিব পাৰে অথচ নিমন্ত্ৰণ পোৱা নাই, পৰিস্থিতিয়েই এনেকুৱা। হ’লেও তেওঁলোকে নিজ নিজ স্থানৰ পৰাই এই কাৰ্যক্ৰম উপভোগ কৰি আছে। সমগ্ৰ দেশতে আজি আনন্দৰ লহৰ। কেইবা শতিকাৰ আশা পূৰণ হোৱাৰ আনন্দ। কিন্ত সকলোতকৈ আনন্দৰ কথা ভাৰতক আত্মনিৰ্ভৰশীল কৰিবলৈ যিটো আত্মবিশ্বাস আৰু আত্মজ্ঞানৰ আৱশ্যকতা আছিল তাৰ মূৰ্ত আৰু সাকাৰ স্বৰূপ নিৰ্মাণৰ শুভাৰম্ভ আজি হৈ আছে৷
ইয়াত আধাৰ হৈছে আমাৰ আধ্যাত্মিক দৃষ্টি। এই সমগ্ৰ জগত সীতা ৰামময়৷ সমস্ত জগতত নিজক দেখা আৰু নিজৰ মাজত জগতক দেখাৰ যি ভাৰতীয় দৃষ্টিকোণ, যাৰ কাৰণে প্ৰত্যেকগৰাকী ব্যক্তিৰ আচৰণ আজিৰ বিশ্বত সকলোতকৈ আত্মীয়তাপূৰ্ণ আৰু এই দেশৰ সামূহিক আচৰণ সকলোৰে লগত ‘বসুধৈৱ কুটুম্বকম্’ৰ হয়। এনেকুৱা আচৰণ আৰু আমাৰ দায়িত্ববোধ, বাহ্যিক জগতৰ মায়াজালৰ দোমোজাৰ মাজতো আশাৰ বাট উলিয়াই সকলোকে আগবঢ়াই নিয়াৰ যি মানসিকতা, তাৰ ভেঁটি আজি ইয়াত নিৰ্মাণ হৈ আছে৷ পৰমবৈভৱ সম্পন্ন আৰু সকলোৰে কল্যাণ সাধন কৰিব পৰা ভাৰত, যাৰ নিৰ্মাণৰ শুভ আৰম্ভণি আজি এনে এগৰাকী নেতাৰ হাতেৰে হৈ আছে এইটো আৰু আনন্দৰ কথা। এনে আনন্দৰ মুহূৰ্তত সেইসকলৰ তখাও মনলৈ আহে, এনে লাগে যেন অশোক (সিংহল)জী, মহন্ত পৰমহংস দাস জী আজি আমাৰ মাজত থকা হ’লে কিমান ভাল হ’লহেতেন! কিন্তু ঈশ্বৰৰ যি ইচ্ছা সেয়াই হ’ব। মোৰ ধাৰণা যিসকল ইয়াত আছে তেওঁলোক আন্তৰিকতাৰে আৰু যিসকল নাই তেওঁলোক অশৰীৰি ৰূপে আজিৰ এই উৎসৱৰ আনন্দ উপভোগ কৰি আছে, এই আনন্দৰ সৌষ্ঠৱ বৃদ্ধিও কৰি আছে। আমিও এই আনন্দ উপভোগ কৰিব লাগে।
এতদ্দেশপ্ৰসূতস্য সকাশাদগ্ৰজন্মনঃ।
স্বং স্বং চৰিত্ৰং শিক্ষৰেণ পৃথিব্যাং সৰ্বমানৱাঃ।।
জীয়াই থকাৰ শিক্ষা দিব লাগিব। সমগ্ৰ বিশ্ব আজি কৰোনাৰ ফলত ত্ৰস্তমান। সমগ্ৰ বিশ্ব আত্মমন্থনত ব্যস্ত হৈ পৰিছে। আত্মশ্লেষণ কৰি আছে – ভুল ক’ত হ’ল? ক’ৰ পৰা বাট ওলাব? দুটা পথ দেখিলে, তৃতীয় পথ কিবা আছেনে? হয় আছে। আমাৰ ওচৰত আছে৷ আমি দিব পাৰিম৷ এই দিয়া কামটো আমি কৰিব লাগিব৷ তাৰ প্ৰস্তুতিৰ বাবে সংকল্প কৰাৰ দিন আজি৷ তাৰ বাবে প্ৰয়োজন হোৱা তপস্যা আৰু পুৰুষাৰ্থ আমি কৰিছোঁ৷ প্ৰভু শ্ৰীৰামৰ চৰিত্ৰৰ মাধ্যমেৰে যেতিয়া আমি প্ৰত্যক্ষ কৰিম, তেতিয়া দেখিম যে সকলো পুৰুষাৰ্থ, পৰাক্ৰম, বীৰত্ব আমাৰ তেজৰ সিৰাই সিৰাই প্ৰবাহমান, ই হেৰাই যোৱা নাই। আমি আৰম্ভ কৰিলেই হ’ল৷ এই বিশ্বাস, প্ৰেৰণা, স্ফুৰণ আজি আমাক এই দিনটোৱে দিছে৷ এইখিনি সকলো ভাৰতীয়ৰে প্ৰাপ্য ইয়াত কোনো দ্বিমত নাই৷ কিয়নো ৰাম সকলোৰে আৰু সকলোতে ৰাম আছে৷
ইয়াত এতিয়া বিশাল মন্দিৰ নিৰ্মাণ হ’ব, সকলো প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে৷ দায়িত্বও বিতৰণ হৈ গৈছে। যাৰ যি কাম কৰিব। তেনে স্থলত আমাৰ কৰ্তব্য কি হ’ব? আমাৰ কাম হ’ব আমাৰ মনৰ অযোধ্যাক সজাই-পৰাই তুলিব লাগিব৷
এই ভব্য কাৰ্যৰ বাবে প্ৰভু শ্ৰীৰামক যি ধৰ্মৰ প্ৰতিমূৰ্তি বুলি কোৱা হয়, সেই যুক্ত কৰোৱা জন, ধাৰণ কৰা জন, উদ্ধাৰ কৰা জন, সকলোৰে উন্নতি কৰাৰ ধৰ্ম, সকলোকে নিজৰ বুলি স্বীকাৰ কৰাৰ ধৰ্ম, সেই ধ্বজাক নিজৰ কান্ধত লৈ সমগ্ৰ বিশ্বক সুখ-শান্তি দিওঁতা ভাৰতৰ আমি নিৰ্মাণ কৰিব লাগিব৷ তাৰবাবে আমি আমাৰ মনটোক অযোধ্যা বনাব লাগিব। ইয়াত মন্দিৰ নিৰ্মাণ হোৱাৰ সমান্তৰালভাৱে আমাৰ মনৰ মন্দিৰো নিৰ্মাণ হ’ব লাগিব৷ ইয়াৰ আৱশ্যকতা আছে৷ সেই মন মন্দিৰ কেনেকুৱা হ’ব –
কাম ক্ৰোধ মদ মান মোহা। লোভ ন ক্ষোভ ন ৰাগ ন দ্ৰোহা।।
জিন কে কপট দম্ভ নহি মায়া। তিন কে হৃদয় বসহুঁ ৰঘূৰায়া।।
জাতি পাতি ধনু ধৰমু বড়াই। প্ৰিয় পৰিৱাৰ সদন সুখদাই।।
সব তজি তুম্হহি ৰহই উৰ লাই। তেহি কে হৃদয় ৰহহু ৰঘূৰাই।।
আমাৰ অন্তৰখনো ৰামৰ ঘৰ হ’ব লাগিব। তাৰবাবে সকলো ত্ৰুটি, বিকাৰ, দ্বেষ, শত্ৰুতাৰে মুক্ত, সংসাৰৰ পৰিস্থিতি যিয়েই নহওক কিয় সকলো পৰিস্থিতে টিকি থকাৰ বাবে সমৰ্থ হ’ব লাগিব। অন্তৰৰ পৰা সকলো প্ৰকাৰৰ ভেদাভেদক তিলাঞ্জলি দি অকল নিজৰ দেশবাসীৰে নহয় ববৰঞ্চ সমগ্ৰ বিশ্বকে আপোন কৰিব পৰা ক্ষমতা থকা এই দেশৰ নাগৰিক তথা সমাজ গঢ়াৰ কাম এয়া। সেই সমাজ গঢ়াৰ এক বাস্তৱ, সাকাৰ প্ৰতীক, যি চিৰদিনে প্ৰেৰণা দি থাকিব সেই প্ৰেৰণাস্ৰোত ইয়াত গঢ় লবলৈ গৈ আছে। ভব্য ৰাম মন্দিৰ নিৰ্মাণৰ কাম ভাৰতবৰ্ষত থকা লাখ লাখ মন্দিৰৰ মাজত এটা মন্দিৰ নিৰ্মাণৰ কাম নহয়। সেই সকলোবিলাক মন্দিৰত থকা মুৰ্তিবিলাকৰ যি তাৎপৰ্য সেই তাৎপৰ্যৰ পুণৰ প্ৰকটীকৰণ আৰু তাৰ পুনৰস্থাপন কৰাৰ শুভাৰম্ভ আজি ইয়াত যোগ্য হাতেৰে হৈছে। এই মাংগলিক মুহূৰ্তত মই আপোনালোক সকলোকে অভিনন্দন জনাই মোৰ মনলৈ অহা কথাখিনি আপোনালোকৰ মন্থনৰ বাবে উপস্থাপন কৰি সামৰণি মাৰিছো।
বহুত বহুত ধন্যবাদ
