ডা৹ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ৰ সৌজ্ন্যত গুৱাহাটী মহানগৰীৰ বিভিন্ন স্হানত নৃত্য কৰ্মশালা |
সংগীত আৰু নৃত্য কলাৰ জৰিয়তে সমাজ সংস্কাৰিত, বিকশিতৰ লগতে আহ্লাদিত হব পাৰে । সংগীত আৰু নৃত্য কলাই মানুহৰ মন প্ৰশান্তিৰে ভৰাই মানসিক স্তৰ বহু দূৰ আগুৱাই লৈ যোৱাত সহায় কৰে। নৃত্য আৰু সংগীত সমাজৰ এনে এক মাধ্যম যাৰ জৰিয়তে সকলো শ্ৰেনীৰ ব্যক্তিৰ উৎকৰ্ষ সাধিত হব পাৰে ।
এনে এক প্ৰচেষ্টাৰে ডা৹ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ৰ সৌজন্যত গুৱাহাটী মহানগৰৰ বিভিন্ন স্হানত নৃত্য কৰ্মশালাৰ আয়োজন কৰি পৰিচালনা কৰি থকা হৈছে । বিশেষকৈ গুৱাহাটী মহানগৰৰ আৰ্থিক ভাবে পিছপৰা বিভিন্ন অঞ্চলত এই কৰ্মশালা সমূহ অনুষ্ঠিত কৰা হৈছে । সাতদিনীয়া এই কৰ্মশালা সমূহ সম্পূৰ্ন ৰূপে বিনামূলীয়াকৈ আয়োজন কৰা হৈছে বুলি ডা: হেডগেৱাৰ স্মাৰক সমিতিয়ে জানিবলৈ দিছে। উক্ত কৰ্মশালাত অসমৰ জাতীয় প্ৰাণ স্বৰূপ সত্ৰীয়া নৃত্যৰ লগতে ভোৰতাল নৃত্যৰ প্ৰশিক্ষণ দিয়া হব । ইতিমধ্যে ৮টা স্হানত এই কৰ্মশালা আৰম্ভ কৰা হৈছে ।