পেৰিছ অলিম্পিকৰ প্ৰাক্ষণত হামাছ সন্ত্রাসবাদীৰ ভাবুকিক লৈ চিন্তিত হৈ পৰিছে আয়োজক লগতে বিশ্ববাসী। হামাছ সন্ত্রাসবাদীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এটা ভাবুকিমূলক ভিডিঅ’ শ্বেয়াৰ কৰিছে। পেৰিছ অলিম্পিকলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত সন্ত্রাসবাদীৰ আক্ৰমণৰ ভাবুকিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে। পেৰিছত তেজৰ নদী বব বুলি সকীয়াই দিছে হামাছ সন্ত্রাসবাদীয়ে। ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈকে চলিব বিশ্বৰ সৰ্ববৃহৎ ক্রীড়া মহোৎসৱখন। মঙলবাৰে মুক্তি পোৱা ভিডিঅ’টোত নিজকে হামাছ সন্ত্রাসবাদীৰ সদস্য বুলি দাবী কৰা এজন মুখাপিন্ধা ব্যক্তিয়ে আৰবী ভাষাত কথা কোৱাৰ লগতে পেলেষ্টাইনৰ উত্তেজনা চলি থকাৰ মাজতে ‘জায়নিষ্ট শাসন’ক সমর্থন কৰা বাবে ফ্ৰান্সৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রনক ভাবুকি দিয়া দেখা গৈছে। পেলেষ্টাইনৰ পতাকা লৈ ক’লা কাপোৰ পিন্ধি সন্ত্রাসবাদীজনে ঘোষণা কৰে যে পেৰিছৰ ৰাজপথত তেজৰ নদী বৈ যাব। ভিডি’টোৰ সামৰণিত ব্যক্তিগৰাকীয়ে ভুৱা কটা মূৰ এটা লৈ আছে। অৱশ্যে এই ভিডি’টোৰ সত্যতাক লৈ প্রশ্ন উত্থাপন হৈছে। ইপিনে, পেৰিছ প্রশাসনে এই বিষয়টোক সহজভাৱে লোৱা নাই। ভিডি’টোৰ আধাৰত তদন্ত আৰম্ভ কৰিছে। আয়োজক দেশখনে অলিম্পিকৰ সময়ত নিৰাপত্তাৰ দিশত সৃষ্টি হ’ব পৰা সমস্যাৰে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে। কাৰণ, অলিম্পিকত সন্ত্রাসবাদীৰ এনে আক্ৰমণৰ তিক্ত অভিজ্ঞতা আছে। ১৯৭২ চনৰ মিউনিখ অলিম্পিকত এনেধৰণৰ ঘটনা সংঘটিত হৈছিল। উক্ত চনৰ অলিম্পিকত ১১জন ইজৰাইলীক পেলেষ্টাইনী উগ্রপন্থীয়ে তেওঁলোকে থকা গেমছ ভিলেজত আক্রমণ কৰি হত্যা কৰিছিল। ইফালে, ১৯৯৬ চনৰ আটলান্টা অলিম্পিক গেমছতো একেধৰণৰ কাণ্ড সংঘটিত হৈছিল। ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশৰ প্রতিযোগী অলিম্পিকত অংশ লোৱাৰ উদ্দেশ্যে পেৰিছত উপস্থিত হৈছে। উল্লেখ্য যে কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্বৰ সৰ্ববৃহৎ ক্রীড়া মহোৎসৱখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা হাতত লৈছে আয়োজকে।