ভাৰত মাতাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলেনেৰে আৰম্ভ হোৱা এই সৰ্বাঙ্গ সুন্দৰ কাৰ্যসূচীত , প্ৰজ্ঞা ফাওণ্ডেচনৰ ধ্যেয় গীত পৰিৱেশন কৰে গোলাঘাট বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ।
শিক্ষক মানে কেৱল আনুস্থানিক শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ বাহিৰেও সমাজৰ বিবিধ স্তৰত বিভিন্নজন শিক্ষক আছে যিয়ে নিজৰ ঈশ্বৰ প্ৰদত্ত বিদ্যাৰে কেইবাটাও প্ৰজন্মলৈ নিজৰ জ্ঞান বিলাই আছে অথচ সমাজত উপেক্ষিত অথবা কোনো আনুস্থানিক স্বীকৃতিৰ পৰা বঞ্চিত হৈ আছে।
প্ৰজ্ঞা ফাউণ্ডেচনৰ উদ্যোগত গোলাঘাটত আয়োজন কৰা ‘গুৰু পূজন’ শীৰ্ষক অতি অগতানুগতিক ,ৰুচিকৰ , গাম্ভীৰ্যপূৰ্ণ অনুস্থানটোত সমাজৰ চাৰু/ কাৰু /লোক /বাদ্য /বিদ্যা আদি সামৰি প্ৰায় ১৫ জন ‘গুৰু’ক সম্পূৰ্ণ সনাতনী আচাৰ পদ্ধতিৰে সম্বৰ্দ্ধনা জনাই সমাজলৈ এক বিশেষ যোগাত্মক বাৰ্তা দিয়াৰ চেষ্টা কৰে।
বৰ্তমানৰ ৰুচিহীন ,কেৱল উৎসৱমূখী, তৰল আয়োজনবোৰৰ বিপৰীতে প্ৰজ্ঞা ফাউণ্ডেচনে গুৰুক সন্মান জনোৱাৰ নিমিত্তে কৰা এই ভব্য আয়োজনে প্ৰকৃতাৰ্থত ‘গুৰু পূজন’ৰ পৰম্পৰাক প্ৰতিফলিত কৰিলে৷
প্ৰজ্ঞা ফাওণ্ডেশ্যনৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক সৌন্দৰ্য্য ভূঞা হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘচালক শশাঙ্কজিৎ বৰাৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক দীনেশ গগৈ । ইয়াৰোপৰি এই অগতানুগতিক অনুষ্ঠানত প্ৰজ্ঞা ফাওণ্ডেচনৰ গোলাঘাট জিলা প্ৰভাৰী পদ্মৰাগ গোস্বামী , ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গোলাঘাট জিলা প্ৰচাৰক নিপন বৰা , বোকাখাট জে ডি এছ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ সুবোধ বৰা , শিশু শিক্ষা সমিতি অসমৰ যোৰহাট বিভাগৰ সহ: বিভাগ নিৰীক্ষক উমেশ বৰাৰ লগতে কেইবাজনো গণ্য মান্য ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে