লিখক : মৃণাল গোস্বামী
আগতে অসমৰ শ্ৰম শক্তিৰ অভাব দূৰ কৰিছিল বিহাৰী সকলে, 2003 চনত আলফাই অসমত বিহাৰী হত্যা কৰা আৰু ” অসম একমাত্ৰ অসমীয়াৰ ” হুংকাৰ দিয়াৰ পিছত তেওঁলোক নহা হল, এতিয়া শ্ৰম যুক্ত সকলো কাম কৰে বাংলাদেশী মুলৰ লোকে যাক আমি কওঁ মীয়া।
এতিয়া অসমৰ শ্ৰম খণ্ড সম্পূৰ্ণ কাৰ দখলত সেয়া সকলোৱে জানে। আগতে আমাৰ পকা ঘৰ বিলাক বনাবলৈ বিহাৰী ৰাজমিস্ত্ৰী আহিছিল, ছমাহ কাম কৰি দুমাহ মানৰ কাৰণে ঘৰলৈ যায়, কষ্ট উপাৰ্জিত ধনেৰে ঘৰ খনত কিবা এটা কৰিবলৈ গৈছিল। কিন্তু যাওঁতে অসমীয়া ছোৱালী বোৱাৰী ফুচলাইছিল নিয়া নাছিল। এতিয়া কি হৈছে,অসমৰ চৰে চৰে খিলঞ্জীয়া অসমীয়া ছোৱালী বোৱাৰী, কাম কৰিবলৈ যাওঁতে লগতে লৈ অহা। প্ৰতি দিনে ছোৱালী বোৱাৰী নিৰুদ্বেষ হোৱাৰ বাতৰি পাই থাকো।
এতিয়া আকৌ আন্দোলন হৈছে, বহিৰাগত খেদা অভিযান হৈছে?? ইয়াৰ লক্ষ কি হব পাৰে?? নিশ্চিত ভাবে বিহাৰী ,মাৰোৱাৰী ৰ দখলত থকা ব্যৱসায় মীয়াৰ দখললৈ যাব এইবাৰ।
নামনি অসমৰ বহু গাঁৱত অসমীয়া খিলঞ্জীয়া লোকে মীয়াৰ হাতত খেতি পথাৰ বন্ধক দিলে আৰু শেষত অধিকাৰ হেৰুৱালে আৰু এতিয়া সেই মাটিত মীয়া মহাজনৰ অধীনত খিলঞ্জীয়া অসমীয়াই কাম কাজ কৰি ভাত মুকলি কৰে, খিলঞ্জীয়া মহিলা সকলে মীয়াৰ ঘৰত কাম কৰে।
নামনি অসমৰ দৰে উজনি অসমতো এদিন অসমীয়াই মীয়াৰ ঘৰত কাম কৰিব লগা হব এদিন,কাৰণ অসমীয়াৰ ব্যৱসায় কৰাৰ অভিজ্ঞতা নাই,নেট ৱর্ক নাই, ধন নাই। কাৰ ওচৰত আছে এই সকলো,, মীয়াৰ হাতত।
বিহাৰী মাৰোৱাৰীয়ে এৰি যোৱা ব্যৱসায় প্ৰতিষ্ঠান বোৰ চলাব লাগিবই কোনোবাই, নহলে অসমীয়াই আলু ,পিয়াজ ,চাউল আদি কত পাব?? সেই প্ৰয়োজন পুৰাবলৈ ব্যৱসায় প্ৰতিষ্ঠান ,দোকান ,গুদাম মীয়াকে দিব লাগিব,উপাই নাই । যিদৰে ইটা ভাটা চলাবলৈ, ঘৰ বনাবলৈ মীয়া শ্ৰমিক নলগালে উপাই নাই এতিয়া আমাৰ, কাৰণ বিহাৰী মিস্ত্ৰী ,নুনীয়া নাহে আসমলৈ আজিকালি, তেওঁলোক পঞ্জাব যায়,দিল্লী যায়,দক্ষিণ ভাৰত যায়। কাৰণ সেইবোৰ ঠাইত উপাৰ্জন ভাল, অসমত গুলি খোৱাৰ ভয়।
আগতে বিহাৰী শ্ৰমিকৰ ওপৰত পঞ্জাৱী সকলে ও অত্যাচাৰ কৰিছিল, বিহাৰী নোযোৱা হল,পঞ্জাবত খেতি কৰিব মানুহ নোযোৱা হল,আজিকালি বিহাৰী শ্রমিক যোৱা ৰেলৰ সময়ত পঞ্জাৱী কৃষকে লচী, পাৰাঠা লৈ ৰৈ থাকে, India Today ৰ প্ৰবন্ধ ,বিচাৰিলে এতিয়াও পাম।
শ্ৰম খণ্ড ললে ,ব্যৱসায় খণ্ড লব এতিয়া,, তাৰ পাছত অসমৰ ৰাজনৈতিক সৰ্বোচ্চ ক্ষমতা লবলৈ কিমান দিন??? একমাত্ৰ আগৰ ব্যৱসায় কৰিয়েই অসমৰ ৰাজনীতিৰ গতি সলাই দিলে মাত্ৰ এজনে, সকলো ব্যৱসায় তেওঁলোকৰ হাতত আহিলে কোনে ৰখাব পাৰিব তেওঁলোকক ??
জাতি ৰক্ষা আবেগেৰে নহয় বিবেকেৰে হয়, 1978 চনৰ পৰা আবেগেৰে আন্দোলন কৰি কৰি কি হল পৰিণাম বুজিবলৈ যত্ন কৰিব হল।