
মঞ্জিৰা ডেকা
স্বামী বিবেকানন্দই প্ৰথম ব্যক্তি যিজনাই বিশ্ববাসীৰ সন্মূখত ভাৰতীয় সনাতন সভ্যতা-সংস্কৃতি, ধৰ্ম,দৰ্শনৰ গৌৰৱোজ্জ্বল ঐতিহ্য তথা গৰিমা বিশ্ববাসীৰ আগত তুলি ধৰিবলৈ সক্ষম হৈছিল ৷
শ্ৰীৰামকৃষ্ণৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ স্বামী বিবেকানন্দই শংকৰাচাৰ্যৰ বেদান্ত দৰ্শনৰ বাখ্যাৰে
হিন্দু ধৰ্ম যেতিয়া পাশ্চাত্য সংস্কৃতি আৰু খ্ৰীষ্টানধৰ্মৰ আক্ৰমণবশত: অধ:পতিত হোৱাৰ উপক্ৰম হৈছিল, সেই সময়তে কেৱল ভাৰতবৰ্ষতে নহয়,সমগ্ৰ বিশ্বতে হিন্দুধৰ্মৰ গৰিমা প্ৰকাশ কৰিছিল,আৰু এই ধৰ্ম যে বিশ্বৰ সমস্ত ধৰ্মৰে পিতৃস্বৰূপ তাকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল আৰু হিন্দুৃধৰ্মৰ উচ্চতম আদৰ্শসমূহৰ বলতে যে পৃথিৱীত এক সৰ্বজনগ্ৰাহ্য নতুন ধৰ্ম গঢ় দিব পাৰি তাকো প্ৰতিপন্ন কৰিব চেষ্টা কৰিছিল ৷
ধৰ্মীয় সংঘাটৰ ফলত মানুহৰ মাজত হিংসা-বিদ্বেষ বাঢ়ি পৃথিৱীত শান্তি বিঘ্নিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সেয়ে তেখেতে গভীৰ মানৱতবাদৰ বশবৰ্তী হৈ বিশ্বৰ সকলো ধৰ্মালম্বী লোককে একেটা ছাতিৰ তলত থিয় হ’বলৈ পৰামৰ্শ আগবঢ়াইছিল ৷
এইগৰাকী মহাপুৰুষে বিদেশত ভাৰতৰ প্ৰশংসা কৰিলেও নিজৰ দেশৰ হিন্দু সকলক আত্মপৰিচয় পুন: সোঁৱৰাই দিয়াৰ লগতে হিন্দুধৰ্মৰ দোষবোৰ লগতে হিন্দুসকলৰ মাজত থকা আচাৰসৰ্বস্বতা, অশ্পৃশ্যতা,ইৰ্ষা আদি দোষবোৰ আঙুলিয়াই দিয়াত কৃপনালী কৰা নাছিল ৷
ৰাজাৰায়মোহন ৰায়ৰ নেতৃত্বত গঠিত ব্ৰহ্ম সমাজৰ সংস্কাৰ আন্দোলনতো জড়িত হৈ সেই সময়ত হিন্দু ধৰ্মৰ মাজত থকা কু-সংস্কাৰ আৰু বৈষম্যৰ ভাবধাৰা আতৰাবলৈয়ো চেষ্টা কৰিছিল ৷
স্বামী বিবেকানন্দই ‘কৰ্মৰ ৰহস্য’ ত কৈছিল—“আধ্যাত্মিক জ্ঞানেই হ’ল একমাত্ৰ বস্তু যি চিৰকালৰ বাবে আমাৰ দুখৰ অন্ত পেলাব পাৰে,অন্য সকলো জ্ঞানে এটা সময়ৰ বাবেহে অভাৱ পূৰণ কৰিব পাৰে ৷ কেৱল মাত্ৰ আত্মাৰ জ্ঞানে হে শাৰী়ৰিক বা মানসিক অভাৱ চিৰকালৰ বাবে নিৰ্মূল কৰিব পাৰে ৷ সেইবাবে আধ্যাত্মিকভাৱে মানুহক সহায় কৰাটোৱে হ’ল মানুহক দিব পৰা সৰ্বশ্ৰেষ্ঠ সহায় ৷
অইন এঠাইত বিবেকানন্দই কৈছিল— পৃথিৱীত আমি মানুহৰ বিভিন্ন শ্ৰেণী দেখা পাওঁ ৷ প্ৰথমতে দেৱতুল্য কিছুমান মানুহ যাৰ আত্মত্যাগ সম্পূৰ্ণ হৈছে,যি জীৱন বলিদান দিও আনৰ ভালৰ বাবে কাম কৰে,দেশৰ বাবে,দহৰ মংগলৰ বাবে কাম কৰে ৷ সেইসকল শ্ৰেষ্ঠতম মানুহ ৷ এনেকুৱা এশজন মানুহো দেশত থাকিলে দেশখন হতাশাত নোভোগে ৷ কিন্তু দুৰ্ভাগ্যজনক কথা এয়াই যে তেনেকুৱা মানুহৰ সংখ্যা দিনে দিনে কমি আহিছে বা তেনেই নগণ্য ৷
দ্বিতীয়তে, কিছুমান ভাল মানুহ আছে যিসকলে নিজৰ হানি নোহোৱালৈকে অন্যৰ বাবে ভাল কাম কৰে ৷
তৃতীয় এক শ্ৰেণীৰ মানুহ আছে যিসকলে নিজৰ ভাল কৰে আৰু আনৰ অপকাৰ কৰে বা অনিষ্ট কৰে ৷
চতুৰ্থ এক শ্ৰেণীৰ মানুহ আছে যিসকলে আনৰ অপকাৰ বা আনক দুখ-কষ্ট দিবৰ বাবে কাম কৰে বা জন্ম লাভ কৰে ৷ কুকৰ্ম কৰাটো তেওঁলোকৰ স্বভাৱত পৰিণত হয় ৷
স্বামী বিবেকানন্দ, আমাৰ পবিত্ৰ ভাৰতভূমিত সনাতন ধৰ্ম-সভ্যতা-সংস্কৃতিয়ে জন্ম দিয়া এনে এগৰাকী সিদ্ধ পুৰুষ যিগৰাকীয়ে সমগ্ৰ বিশ্বৰ বাবে এটাই মাত্ৰ ধৰ্মৰ (universal religion) সপোন দেখি এটা ছাতিৰ তলত সকলোকে ঠিয় হ’বলৈ আহ্বান কৰিছিল ৷
সেই গৰাকী ক্ষণজন্মা ভাৰতমাতৃৰ অমৃত সন্তানৰ পবিত্ৰ আত্মাক জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ ৷