ভাৰতীয় কিষাণ সংঘ,দৰং জিলাৰ উদ্যোগত আৰু উজ্জ্বল জ্যোতি এফ,আই,জিৰ সহযোগত আজি মঙলদৈ সমষ্টিৰ নিজ ৰঙামাটি গাঁওৰ কেওঁট পাৰাত গোপাষ্টমী তিথি উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় কিষাণ সংঘৰ ৰাষ্ট্ৰীয় সম্পাদক মোহিনী মোহন মিশ্ৰ ,ভাৰতীয় কিষাণ সংঘৰ অসম প্ৰান্তৰ সাংগঠনিক সম্পাদক কৃষ্ণ কান্ত বড়া আৰু সম্পাদক কুমুদ চহৰীয়া।
কাৰ্যসূচী অনুসৰি শতাধিক কৃষকৰ উপস্থিতিত গো মাতা পূজন কাৰ্যসূচী ৰূপায়ন কৰা হয়। অনুষ্ঠানত বিশিষ্ট গো পালক উপেন্দ্ৰ ডেকা, খঙীধৰ ডেকা আৰু ভবেন ডেকাক সম্বৰ্ধনা জনোৱা হয়।
সভাত মোহিনী মোহন মিশ্ৰই নিজৰ ভাষণত গো পালন আৰু সংবৰ্ধনৰ আৱশ্যকীয়তা তথা গুৰুত্বৰ বিষয়ে বক্তব্য আগবঢ়ায়। আজিৰ বিশ্বৰ জলবায়ু পৰিবৰ্তনৰ এই সংকটময় সময়ত পৰিবেশ সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত গো আধাৰিত কৃষি কৰ্ম তথা গৰুৰ গোৱৰ আৰু গো মুত্ৰৰ সঠিক ব্যৱহাৰৰ বিকল্প অন্য উপায় নাই বুলি উল্লেখ কৰি মিশ্ৰই বৈজ্ঞানিক সকলে আমাৰ দেশী গৰুৰ গোৱৰ আৰু গোমুত্ৰৰ ঔষধী গুণৰ কথা গৱেষণাৰ জড়িয়তে স্বীকৃতি দিছে যদিও এই কথা হাজাৰ হাজাৰ বছৰ আগতেই ভাৰতীয় শাস্ত্ৰ সমূহত বৰ্ণনা কৰা হৈছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে।
গোমুত্ৰ অৰ্কৰ নিয়মীয়া সেৱনে কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ব্যাধিৰো নিৰাময় কৰিব পাৰিছে বুলি সদৰি কৰি মিশ্ৰই গৰুৰ গোৱৰ বেক্টেৰিয়া আৰু অন্যান্য অপকাৰী অনুজীৱ নাশক হোৱাৰ কাৰণেই পৰম্পৰাগত ভাৱে ভাৰতীয় সংস্কৃতিত অতীজৰে পৰা ইয়াৰ ব্যৱহাৰ হৈ আহিছে বুলি বক্তব্য প্ৰকাশ কৰে। আনহাতে, কিষাণ সংঘৰ অসম প্ৰান্তৰ সাংগঠনিক সম্পাদক কৃষ্ণ কান্ত বড়াই কয় যে গৰুৰ গুৰুত্ব জানি বুজিয়েই অসমীয়াৰ বাপতি সাহোন বহাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু ৰূপে পালন কৰা হৈ আহিছে। ৰাসায়নিক সাৰ আৰু বিষাক্ত কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ ত্যাগ কৰি বিষমুক্ত শস্য উৎপাদনৰ লক্ষ্য ৰাখি কৰ্ম কৰিবলৈ বড়াই কৃষক সমাজক আহ্বান জনায়।
সভাৰ অন্তত আমন্ত্ৰিত অধিকাৰী সকলে ভাৰতীয় কিষাণ সংঘৰ অনুপ্ৰেৰণাত গঢ়ি উঠা Mangaldoi Farmer Producer Company Limited নামৰ FPC ৰ অন্তৰ্গত উজ্জ্বল জ্যোতি এফ আই জিয়ে ( Farmer Interested Group) কৰা মাকৈ খেতি আৰু বিভিন্ন শাক পাচলিৰ খেতি পৰিদৰ্শন কৰে। উল্লেখ্য,
প্ৰায় ১০০ হেক্টৰ ভুমিত এইবাৰ মাকৈ খেতি কৰা হৈছে।