বিশ্ব সংবাদ কেন্দ্ৰ (গুৱাহাটী) – ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যবাহ ডাঁ. মনমোহন বৈদ্য ডাঙৰীয়াই সংঘৰ স্বয়ংসেৱক সকলৰ ৰাষ্ট্ৰীয় যোগদানৰ ওপৰত আধাৰিত ‘‘কৃতিৰূপ সংঘ দৰ্শন’’ নামৰ পুথি উদ্ঘাটন কাৰ্যক্ৰমৰ সম্বোধনী ভাষণ প্ৰসংগত ‘‘ভাৰতবৰ্ষৰ মুলধাৰা আধ্যাত্মিক’’ বুলি উল্লেখ কৰে। হিন্দু সমাজে সকলোকে আদৰি লয়। ই হ’ল প্ৰাচীন ভাৰতীয় দৰ্শনৰ মুলমন্ত্ৰ। ধৰ্ম হ’ল বিশুদ্ধ ভাৰতীয় শব্দ কিন্তু ইয়াৰ অৰ্থ পূজা নহয়। ধৰ্মৰ অৰ্থ হ’ল- জীৱনটোক সcলন কৰি ৰখা। এই সcলন লৰচৰ হ’লেই ধৰ্মৰ হানি হোৱাটো নিশ্চিত।’’
বৈদ্য ডাঙৰীয়াই উল্লেখ কৰি কয় যে এই পুথিত স্বয়ংসেৱক সকলৰ কাৰ্যক প্ৰত্যক্ষ প্ৰকাশ কৰিছে। ভাৰতবৰ্ষৰ আধ্যাত্মিক তথা দৰ্শনেই হ’ল ভাৰতৰ পৰিচয়। অন্য দেশৰ লোক সকলো ভাৰতবৰ্ষৰ প্ৰতি আকৃষ্ট হয়। ভাৰতবৰ্ষ সত্যৰ ওপৰত আধাৰিত। ইয়াৰ মূল কাৰণ হ’ল আধ্যাত্মিকতা। স্বামী বিবেকানন্দ ডাঙৰীয়াৰ দ্বাৰা চিকাগোৰ ১১ চেপ্তেম্বৰ তাৰিখে ১২৫ তম বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে দিয়া ভাষণত তেখেতে কৈছিল যে আমাৰ ধৰ্ম শ্ৰেষ্ঠতম ধৰ্ম, সকলো ধৰ্মকে মান্যতা প্ৰদান কৰে। ই ভাৰতীয় বিচাৰ প্ৰণালী। অন্য ধৰ্মতকৈ নিজ ধৰ্ম শ্ৰেষ্ঠতা সিদ্ধ কৰা মানে হত্যা কৰা বুজায়। বিবেকানন্দ ডাঙৰীয়াই কয় যে ‘‘সকলো ধৰ্মক অনুসৰণ কৰাই হ’ল ভাৰতৰ দৰ্শন।’’
মনমোহন বৈদ্য ডাঙৰীয়ই উল্লেখ কৰে যে ‘‘আল ইন ওৱান, আল আৰ ওৱান নহয়। ইণ্ডিয়া ইজ দা ক্ৰান্তি আফ ডাইৱৰ্চ কালচাৰ এণ্ড বি চেলিব্ৰেট ডাইৱৰ্চ কালচাৰ।’’ বিবিধতাৰ মাজত একতাই হ’ল ভাৰতৰ বৈশিষ্ট্য। ভাৰতবৰ্ষত কেতিয়াও অন্ন-শস্য বিক্ৰি কৰা নাছিল, বিনিময় প্ৰথাৰ দ্বাৰাহে বয়-বস্তুসমূহৰ বেপাৰ বাণিজ্য কৰা হৈছিল। ভাৰতীয় জীৱন দৰ্শনৰ দৃষ্টিত অৰ্থ আৰু কামৰ পৰিবৰ্তে মোক্ষ প্ৰাপ্তিৰ আশা কৰা হয়। ‘মই’ৰ পৰা ‘আমি’লৈ পৰিৱৰ্তিত হয়। ধৰ্মৰ ব্যাখ্যা সম্পূৰ্ণ স্পষ্ট। ধৰ্মচক্ৰ সদায় বৃত্তকাৰ। ধৰ্মৰ পৰাই মোক্ষ প্ৰাপ্ত হয়। আচৰণ প্ৰণালী হ’ল ধৰ্মৰ অভিন্ন অংগ। সেয়ে আজিও ধৰ্মনিৰপেক্ষ হোৱাৰ প্ৰয়াস অব্যাহত আছে। স্বামীজীয়ে ‘‘জগতৰ হিততেই মোৰ মোক্ষ প্ৰাপ্ত হ’ব। বসুন্ধৈৱ কুটুম্বকম’’ বুলি প্ৰকাশ কৰিছিল।
সংঘ এক ন্যায় বিভাগৰ আন্দোলন। শাখা হ’ল সমাজক এঘণ্টাকৈ সময় প্ৰদান কৰা স্থান। সংঘৰ শাখাত সকলো সমান আৰু নিস্বাৰ্থ ভাবেৰে সমাজক সময় দিয়া। সংঘ সংস্কাৰৰ আদি পাঠশালা। ভাল ব্যক্তি নিৰ্মাণ কৰি দেশৰ হৈ কাম কৰাৰ প্ৰশিক্ষণ দিয়া হয়। সংঘৰ স্বয়ংসেৱক সকলৰ দ্বাৰা ১,৭০,০০০ সেৱা কাৰ্য প্ৰত্যক্ষ ৰূপত চলাই থকা হৈছে। ভাৰতীয় দৰ্শনক সমাজ জীৱনত প্ৰতিফলিত কৰাই হ’ল সংঘৰ লক্ষ্য। সমাজত ধৰ্মচক্ৰ প্ৰৱৰ্তন হৈ থাকিব। আমিও প্ৰতিটো সুক্ষ্ম-সুক্ষ্ম কাৰ্য কৰি থাকিব লাগিব। তেতিয়াহে সমাজ ব্যৱস্থা সcলন হৈ থাকিব।