সংবিধান_দিৱস
============
অসমৰ কুলধৰ চলিহা দেৱে সংস্কৃত ৰাষ্ট্ৰ ভাষা হব লাগে বুলি প্ৰস্তাৱ দিছিল
সংস্কৃত ভাষাটো ভাৰতৰ সকলো ৰাজ্যৰ প্ৰধান ভাষা সমূহৰ জননী অৰ্থাৎ মাতৃভাষাৰো মাতৃভাষা। অসমীয়া, বঙালী, ওড়িয়া গুজৰাটী, হিন্দী, মাৰাঠী আনকি দক্ষিণ ভাৰতৰ সকলো ৰাজ্যৰ ভাষাৰে অধিকাংশ শব্দ সংস্কৃত ভাষাৰ পৰা আহিছে ।
বিশ্বৰ খ্যাতি থকা মনিষী সকলে সংস্কৃতৰ বিষয়ে বহু কথাই কৈ গৈছে —
Prof. Max Muller এ কৈছিল , “Sanskrit is the greatest language in the world, the most wonderful and the most perfect.”
Professor Bopp এ কৈছিল , “Sanskrit was at one time the only language of the world.”
আনহাতে M. Dubo’s এ সংস্কৃতৰ বিষয়ে লিখিছে –
“Sanskrit is the origin of the modern languages of Europe.”
সংস্কৃত (সংস্কৃতম) ভাৰতৰ প্ৰাচীন শাস্ত্ৰৰ ভাষা। প্ৰাচীন ঋষি মুনিসকলৰ দ্বাৰা গভীৰ ধ্যানৰ পিছত এই ভাষাৰ বৰ্ণ সমূহ গ্ৰহণ কৰিছিল। যোৱা তিনি হাজাৰ বছৰৰ আগলৈকে সংস্কৃত ভাষাই ভাৰতবৰ্ষৰ মূল ভাষা আৰু অধিক প্ৰচলিত ভাষা আছিল ।
ভাৰতৰ প্ৰাচীন ঋষি মুনিৰ ভাষা বুলি কোৱা সংস্কৃত বৰ্তমান আধুনিক বিশ্বৰ বিভিন্ন প্ৰান্তত সমাদৰ লাভ কৰা ভাষা হৈ পৰিছে। ব্ৰহ্মাণ্ডৰ পৰা অহা বাবে সংস্কৃত ভাষাক দেৱতাৰ ভাষা বুলি কোৱা হয় আৰু বিভিন্ন ঋষিৰ মাধ্যমেৰে আহি বৰ্তমান পৃথিৱীত কেউদিশ বিয়পি পৰিছে।
ভাৰতৰ সংবিধান ৰচনাৰ সময়ত সংবিধান সভাই ১৯৪৯ চনৰ ১২ চেপ্তেম্বৰৰ পৰা ১৪ চেপ্তেম্বৰৰ দিন কেইটাত ভাৰতৰ ভাষাৰ ওপৰত আলোচনা কৰিছিল, আলোচনা হৈছিল সংস্কৃতক ৰাজ ভাষা বা ৰাষ্ট্ৰ ভাষা কৰাৰ ওপৰত । আলোচনাৰ প্ৰথম প্ৰস্তাৱ ৰাখিছিল গোপালস্বামী আয়েংগাৰে, তেখেতৰ প্ৰস্তাৱত সংস্কৃতক বিশেষ গুৰুত্ব দিয়া নাছিল যদিও হিন্দীকে ধৰি ভাৰতৰ আন আন ভাষা সমূহৰ বিকাশৰ কথা কবলৈ যাওতে অসমীয়া , বঙালী আদি ভাষা সমূহৰ লগতে সংস্কৃত ভাষাৰ বিকাশৰ কথাও উল্লেখ কৰিছিল ।
সেইদিনাই সংবিধান সভাৰ এজন মুছলমান সদস্য
নজৰুদ্দীন আহমদে সংস্কৃত ভাষাক এক উচ্চ স্তৰৰ ভাষা বুলি প্ৰশংসা কৰি প্ৰফেচাৰ মেক্স মুলাৰ , প্ৰফেচাৰ বপ, ডাব্লিউ চি টেইলৰ, চাৰ উইলিয়াম জনছ আদি বিশ্বৰ বিখ্যাত মনিষী সকলে সংস্কৃত ভাষাৰ ওপৰত আৰু পানিণিৰ ব্যাকৰণৰ ওপৰত কি কি মন্তব্য দিছিল সেই কথা ডাঙি ধৰিলে ।
১৩ চেপ্তেম্বৰৰ দিনাৰ আলোচনা আৰম্ভ কৰি সংবিধান সভাৰ সদস্য আৰ বি ধূলেকাৰে হিন্দিৰ লগতে সংস্কৃতক সমৰ্থন কৰি ক’লে — “আপোনালোকৰ কিছুমান লোকে সংস্কৃত ৰাষ্ট্ৰ ভাষা হোৱাটো বিচাৰে। সংস্কৃত হৈছে বিশ্বৰ আন্তৰ্জাতিক ভাষা । এই ভাষা হৈছে সমগ্ৰ বিশ্বৰ ভাষা। সংস্কৃত ভাষাত চাৰিশ ধাতু আছে , সংস্কৃত সকলো ধাতুৰে মূল। আপোনালোকে দেখিব হিন্দী ৰাষ্ট্ৰ ভাষা হোৱাৰ পাছত এদিন সংস্কৃত বিশ্বৰ ভাষা হৈ যাব।”
সংস্কৃতক ৰাষ্ট্ৰ ভাষা কৰিব লাগে বুলি প্ৰথম প্ৰস্তাৱ ডাঙি ধৰিলে পশ্চিম বঙ্গৰ লক্ষ্মীকান্ত মৈত্ৰই ।
তেখেতৰ তথ্য সমৃদ্ধ দীঘলীয়া ভাষণৰ অন্তত ভাৱনাত্মক হৈ সকলোকে অনুৰোধ কৰি ক’লে — “আপোনালোকে আপোনালোকৰ পূৰ্ৱজৰ ভাষা সংস্কৃতক অন্তৰৰ পৰা সন্মান কৰা উচিত । এবাৰটো সংসাৰ খনক জনাওঁক যে আমি আমাৰ আধ্যাত্মিক সংস্কৃতিৰে সুসম্পন্ন পৰম্পৰাৰ সন্মান কৰিব জানো । ”
তাৰ পাছত উৰিষ্যাৰ লক্ষ্মীনাৰায়ণ চাহুৱে সংস্কৃত ভাষাক ৰাষ্ট্ৰ ভাষা হিচাপে সমৰ্থন কৰি কলে – “যদি দক্ষিণৰ সকলো ভাই আৰু সকলো লোকে সংস্কৃতক মানি লয় (ৰাষ্ট্ৰ ভাষা ) তেন্তে মোৰ কোনো আপত্তি নাই , ময়ো মানি লম ।”
সেইদিনাই পশ্চিম বঙ্গৰ সদস্য শ্যামা প্ৰসাদ মুখাৰ্জীয়ে তেওঁৰ ভাষণত ক’লে — “আজি মানুহে সংস্কৃতক হাঁহে, সম্ভৱতঃ এই কাৰণেই যে কোনো এখন আধুনিক ৰাজ্যই যি কাম কৰিব লগা হয় ই সেই কামত নাহিব বুলি …এই ভাষাত এতিয়াও বহুত বৃহৎ জ্ঞানৰ ভাণ্ডাৰ আছে যি এতিয়াৰ প্ৰজন্মই নহয় আগৰ প্ৰজন্ময়ো বহুত জ্ঞান লাভ কৰিছে । প্ৰকৃততে ইয়াৰ পৰা সভ্য সংসাৰৰ বহুত জ্ঞান আৰু বিদ্যা প্ৰেমীয়ে জ্ঞান লাভ কৰিছে । ই আমাৰ ভাষা , ই ভাৰতৰ মাতৃ ভাষা । আমি ইয়াৰ প্ৰতি কেৱল মৌখিক সহানুভূতি জনালে বা আদৰ প্ৰদৰ্শন কৰিলেই নহয় , নিজৰ ৰাষ্ট্ৰৰ হিত সাধনৰ বাবে আৰু নিজৰ আত্মসাক্ষাৎকাৰ আৰু জ্ঞান প্ৰাপ্ত কৰিবৰ কাৰণে প্ৰাচীন কালত আমি কোন বিলাক বিধি সঞ্চিত কৰিছো আৰু ভৱিষ্যতেও কৰিব পৰা যাব । বাস্তৱতে মই বিচাৰিছো যে সংস্কৃতক ভাৰতীয় ৰাষ্ট্ৰীয় শিক্ষা প্ৰণালীত ইয়াৰ সন্মানিত স্থান প্ৰাপ্ত হওঁক ।”
বৰ্তমানৰ চেন্নাইৰ ডঃ পী সুব্বাৰায়ণে সংস্কৃত ভাষাক পোন্ধৰটা স্বীকৃতি প্ৰাপ্ত ভাষাৰ ভিতৰত ধৰিবলৈ প্ৰস্তাৱ আগ বঢ়াই আৰু বৰ্তমানৰ মুম্বাইৰ
বী এম গুপ্তে য়ে ক’লে যে – তেওঁ সংস্কৃতৰ বিৰোধী নহয় আৰু সভাত উপস্থিত অধিকাংশই সংস্কৃতৰ বিৰোধ কৰিব নোৱাৰে কিয়নো ই আমাৰ ৰক্তত প্ৰবিষ্ট হৈ আছে , ই আমাৰ মাতৃভাষাৰ মূল সোঁত আৰু আমাৰ সংস্কৃতিৰ ভাণ্ডাৰ। কেৱল এয়ে নহয় মই সংস্কৃত সাহিত্যৰ প্ৰশংসা কৰো , সংসাৰৰ গভীৰতম বিচাৰ আৰু সুন্দৰতম কৱিত্ব সংস্কৃত ভাষাতেই আছে ।”
সংবিধান সভাৰ সদস্য লক্ষ্মীকান্ত মৈত্ৰই সংস্কৃত ভাষাক ৰাষ্ট্ৰ ভাষা হিচাপে বিচৰা পাচত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম সভাপতি , স্বাধীনতা যুজাঁৰু , ভাৰতীয় সংবিধান সভাৰ সদস্য কুলধৰ চলিহা দেৱে সংস্কৃত ভাষাক ৰাষ্ট্ৰ ভাষা হিচাপে মানি লবৰ বাবে প্ৰস্তাৱ আগবঢ়াই স্পষ্ট ভাবে কৈছিল– ” মোৰ নিজৰ ধাৰণা যে সংস্কৃত ভাষাক ৰাষ্ট্ৰ ভাষা হিচাপে স্বীকৃত কৰিব লাগে , সংস্কৃত গোটেই ভাৰততে চানি আছে । আপুনি যিমান চেষ্টা কৰক বা নকৰক সংস্কৃতৰ পৰা সাৰি থাকিব নোৱাৰে । ই আমাৰ সকলো সংস্থাতে ব্যাপ্ত হৈ আছে আৰু আমাৰ জীৱনত তাৰেই দৰ্শন সঞ্চাৰিত হৈ আছে ।
আমাৰ যি বিলাক সুন্দৰ অথবা মূল্যবান বস্তু উপলব্ধ হয় আৰু যি আদৰ্শক আমি বহুমূল্য বুলি ভাবো , যাক লৈ আমি সংঘৰ্ষ কৰো সেই সকলো বিলাক আমাৰ সংস্কৃত সাহিত্যৰ পৰাই প্ৰাপ্ত হৈছে।”
১৪ চেপ্তেম্বৰৰ দিনা সংবিধান সভাই ভাষাৰ ওপৰত হোৱা আলোচনাত হিন্দীক বিশেষ প্ৰাধান্য দিলে । চৰ্দাৰ হুকুম সিং , ডঃ পুৰুষোত্তম দাস টেণ্ডন আদি সকলে হিন্দী ভাষাক বিশেষ প্ৰাধান্য দিলে । চৰ্দাৰ হুকুম সিঙে যদিও প্ৰথমে সংস্কৃত আৰু হিন্দী দুয়োটা ভাষাৰ কথা কৈছিল তথাপিও কোনো ৰাজনৈতিক কথাৰ বাবে মত সলাই হিন্দী ভাষাকেই গুৰুত্ব দিলে।
ডঃ ভীমৰাও আম্বেদকাৰে সংবিধান সভাত কোনো প্ৰস্তাৱ আগ বঢ়োৱা নাছিল যদিও ১৯৪৯ চনৰ ১১ চেপ্তেম্বৰৰ দিনা প্ৰকাশিত Hindustan Standard কাকতত প্ৰকাশিত বাতৰি অনুসৰি ডঃ অম্বেদকাৰ সংস্কৃত ভাষাক অধিকাৰিক ভাষা হিচাপে গ্ৰহন কৰাৰ পক্ষত আছিল । কাকতত প্ৰকাশ হোৱা মতে এজন পত্ৰকাৰৰ প্ৰশ্নত তেখেতে ওলোটাই সুধিছিল — “সংস্কৃত হলে কি অসুবিধা হব ? ”
সংবিধান সভাৰ অধিকাংশ সদস্যই সংস্কৃত ভাষাক প্ৰশংসা কৰিছিল যদিও অৱশেষত ১৯৪৯ চনৰ ১৪ চেপ্তেম্বৰত কেৱল হিন্দী ভাষাকহে ৰাষ্ট্ৰভাষা হিচাপে প্ৰস্তাৱ গ্ৰহণ কৰা হ’ল ।
ভূৱন ভাষা সংস্কৃতম্ ভৱন ভাষা সংস্কৃতম্ ।
ভাৰতভূমি পৰিলসিত, কাৱ্য মনোজ্ঞ ভাষা সংস্কৃতম্।।
জুলা শৰ্মা
অসম