
সমতাৰ ছন্দেৰে জীৱনৰ জয়গান — এক অনুপম অনুভৱ
যোৱা ৩ ডিচেম্বৰ তাৰিখে মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ড০ ভীমৰাও আম্বেদকাৰদেৱৰ পুণ্য তিথি উপলক্ষ্যে ডা০ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ৰ উদ্যোগত আয়োজন কৰা “সমতাৰ ছন্দেৰে জীৱনৰ জয়গান” নামৰ এক ভৱ্য সাংস্কৃতিক অনুষ্ঠানৰ সাক্ষী হৈ ৰ’ল মহানগৰীৰ কেইবাসহস্ৰ নাগৰিক। আয়োজনৰ বিশালতা আৰু দৰ্শকৰ উপস্থিতিৰ দৃষ্টিৰে এই অনুষ্ঠানটো অসাধাৰণ নহ’লেও যিয়ে এই অনুষ্ঠানটোক আনবোৰ সাংস্কৃতিক অনুষ্ঠানৰ পৰা পৃথক কৰিছিল, সেইটো আছিল অংশগ্ৰহণকাৰী শিল্পীসকল আৰু তেওঁলোকে পৰিৱেশন কৰা গীত আৰু নৃত্য। এই অনুষ্ঠানটোত মহানগৰীৰ বিভিন্ন সেৱা বস্তিত বাস কৰা চাফাই কৰ্মীসকলৰ এহাজাৰ শিশুৱে পৰিৱেশন কৰিছিল মহাপুৰুষ মাধৱদেৱ বিৰচিত বৰগীত, কৃষ্ণ ঝুমুৰা নৃত্য আৰু ভোৰতাল নৃত্য।
আমি সততে আক্ষেপ কৰোঁ যে মহাপুৰুষ দুজনাৰ অনুপম সৃষ্টিৰাজিৰ বহুল প্ৰচাৰ হোৱা নাই। অসমৰ বাহিৰত মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ সংগীত-নৃত্য-নাট আদিৰ বিষয়ে আজিও বহু লোক অজ্ঞ। কিন্তু অসমতে থকা আন জাতি-জনগোষ্ঠীসমূহৰ মাজলৈ গুৰুদুজনাৰ সৃষ্টিৰাজিক লৈ যোৱাৰ যি প্ৰয়াস হ’ব লাগিছিল, তাত যেন আমাৰ ত্ৰুতি থাকি গৈছিল। তেনেস্থলত ডা০ হেডগেৱাৰ স্মাৰক সমিতিৰ এই মহতি প্ৰয়াসত অভিভূত নহৈ নোৱাৰি।
আৰু এই কাম কিমান কষ্টসাধ্য আছিল, সেইটো এই কথাৰ পৰা জানিব পাৰি যে এই এহাজাৰ শিশুৰ কোনোটোৰেই মাতৃভাষা অসমীয়া নহয়। এটি অসমীয়া শিশুৱে সাধাৰণতে সৰুৰে পৰাই নিজৰ ঘৰতে অলপ হ’লেও বৰগীত, কীৰ্তন, নামঘোষাৰ প্ৰাৰ্থনা আদিৰ লগত পৰিচয় হয়। গতিকে পিছলৈ তেওঁলোকে সত্ৰীয়া নৃত্যৰ তাল-মুদ্ৰা আৰু বৰগীতৰ সুৰ আয়ত্ব কৰিবলৈ অলপ হ’লেও সহজ পায়। কিন্তু এই শিশুসকলৰ কথা ভাবকচোন, তেওঁলোকৰ ঘৰত ব্যৱহৃত ভাষা বেলেগ, তেওঁলোকৰ সংস্কৃতি বেলেগ, তেওঁলোকৰ নিত্য উপাসনা পদ্ধতি বেলেগ, তাৰ পিছতো তেওঁলোকে ইমান সুন্দৰকৈ পৰিৱেশন কৰিলে বৰগীত, ঝুমুৰা নৃত্য, ভোৰতাল নৃত্য! কিমান আগ্ৰহেৰে, কিমান ঐকান্তিকতাৰে তেওঁলোকে অভ্যাস কৰিছিল! আৰু এই শিশুসকলক এইবোৰ নৃত্য-গীত শিকোৱা শিল্পী আৰু গুৰুসকলে কিমান আন্তৰিকতাৰে, কিমান হেঁপাহেৰে শিকাইছিল!
কালি খানাপাৰা ফিল্ডত হোৱা বিশাল আয়োজনত মুখ্য অতিথিসকলৰ বাবে নিৰ্মাণ কৰা ওখ মঞ্চৰ সন্মুখত শিশুশিল্পীসকলে অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে কাৰ্পেট পাৰি আহল-বহল মুকলি মঞ্চ তৈয়াৰ কৰা হৈছিল। মুকলি মঞ্চৰ তিনিওফালে দৰ্শক বহাৰ বাবে আসন। খেলপথাৰৰ বৃহদাকাৰৰ বাবে যাতে দৰ্শকসকলে মঞ্চ দুখনত চলা কাৰ্যসূচী ভালদৰে উপভোগ কৰাৰ পৰা বঞ্চিত নহয় তাৰ বাবে আছিল তিনিখন বৃহৎ এলইডি ডিচপ্লে স্ক্ৰীণ। সেয়ে দৰ্শকসকলে সন্মুখৰ প্ৰাণৱন্ত কাৰ্যসূচী চোৱাৰ উপৰিও স্ক্ৰীণত কেইবাটাও কেমেৰাৰ পৰা লোৱা শিশুশিল্পীসকলৰ ক্লোজআপ, আৰু এটা ড্ৰোণ কেমেৰাৰ পৰা লোৱা বিহংগম দৃশ্য প্ৰত্যক্ষ কৰিবলৈ সুযোগ পাইছিল। আৰু স্ক্ৰীণত উদ্ভাষিত হোৱা নৃত্যৰত শিশুবোৰৰ মুখবোৰ দেখি মোৰ এনে লাগিছিল যেন মই বৃন্দাবনত শিশুলীলা কৰি থকা শিশু শ্ৰীকৃষ্ণকহে দেখা পাইছোঁ! এক অদ্ভুত আনন্দত মোৰ মন ভৰি পৰিছিল, চকু সেমেকি উঠিছিল। মই নিশ্চিত যে এনে অনুভৱ কেৱল মোৰেই হোৱা নাছিল।
শিশুসকলৰ উপৰিও এই শিশুসকলৰ মাতৃসকলেও তেওঁলোকৰ সংস্কৃতিৰ তিনিটা নৃত্য প্ৰদৰ্শন কৰে। বৃহত্তৰ গুৱাহাটিৰ বিভিন্ন বস্তিত বাস কৰা এই মাতৃসকলে এনে এক বৃহৎ মঞ্চত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বহু বিশিষ্ট ব্যক্তিৰ সন্মুখত তেওঁলোকৰ সংস্কৃতি পৰিৱেশন কৰিবলৈ পায় যিদৰে আত্মহাৰা হৈছিল, দৰ্শকসকলেও তেওঁলোকক জাউৰীয়ে জাউৰীয়ে হাত চাপৰি আৰু কিৰিলীৰে উৎসাহ জনাইছিল। কালিৰ দিনটো এই মাতৃসকলৰ জীৱনত এক সুখদ স্মৃতি হৈ সঞ্চিত হৈ ৰ’ব।
এই অনুষ্ঠানৰ আঁৰৰ মূল প্ৰেৰণা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহ ক্ষেত্ৰ প্ৰচাৰক শ্ৰীযুত বশিষ্ট বুজৰবৰুৱা আৰু অন্য বহু ব্যক্তিৰ দুৰদৃষ্টি, কুশল ব্যৱস্থাপনা আৰু কঠোৰ পৰিশ্ৰমৰ ফল “সমতাৰ ছন্দেৰে জীৱনৰ জয়গান” অনুষ্ঠানটো এক উল্লেখনীয় সাংস্কৃতিক অনুষ্ঠান বুলিয়েই নহয়, অসমৰ ইতিহাসত সামাজিক সমৰসতা তথা অসমীয়া মূলসুঁতিৰ পৰা সভয়ে, সংকোচে নিলগত থকা জাতি-জনগোষ্ঠীসমূহক অসমীয়া জাতীয় জীৱনত অৱগাহন কৰোৱাৰ দিশত ই এক ভাগিৰথী তপস্যাৰ সাৰ্থক পৰিণতি বুলিয়েই পৰিগণিত হ’ব। বৈকুণ্ঠৰ পৰা ভগৱদ প্ৰেম-অমৃতৰ যি গংগা শ্ৰীমন্ত শংকৰদেৱে অসমলৈ বোৱাই আনিছিল, সেই গংগা আজি যেন পুনৰ স্ৰোতস্বিনী হৈ পৰিছে, আৰু তাৰ অমৃতপ্ৰবাহত অৱগাহন কৰি ৰোমাঞ্চিত হৈছে বঞ্চিত আৰু উপেক্ষিত সহস্ৰ সহস্ৰ আই-মাতৃ আৰু শিশু। হে জাহ্ণৱী, তুমি হোৱা নিৰৱধি। তোমাৰ সনাতনী প্ৰবাহত জাহ যাওক সংকীৰ্ণতা, শংকা আৰু কুণ্ঠা। তোমাৰ উদাৰ বিশাল বক্ষই সামৰি লওক সকলো সুঁতি-উপসুঁতি।
বৈকুণ্ঠত সৌৱা গুৰুজনাই মিচিকিয়াই হাঁহিছে।
✍️নিপন শইকীয়া
প্ৰান্ত প্ৰচাৰ প্ৰমুখ – ভাৰতীয় ইতিহাস সংকলন সমিতি,অসম
