যোগ নিলয়ম কেন্দ্ৰ, উত্তৰ গুৱাহাটীত প্ৰান্ত যোগ প্ৰমুখ অৰুপ জ্যোতি দাসৰ নেতৃত্বত ২৫ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ সেৱা ভাৰতী,পূৰ্বাঞ্চলৰ উদ্যোগত তিনি দিনীয় আবাসিক যোগ অনুশীলন অনুষ্ঠিত হয়। উক্ত অনুশীলন বৰ্গত অসমৰ বিভিন্ন জিলাৰ পৰা অহা ৩৭ গৰাকী পুৰুষ মহিলাই অংশগ্রহণ কৰে। অনুশীলন বৰ্গত শিক্ষাৰ্থী সকলক যোগ অভ্যাস কৰোৱাৰ লগতে যোগৰ বিভিন্ন বিষয়ৰ ওপৰত পাঠদান কৰা হয়। যোগ অনুশীলন বৰ্গত পূৰ্ণ সময় উপস্থিত থাকি প্ৰশিক্ষণ দিয়াৰ উপৰিও মাৰ্গ দৰ্শন প্ৰদান কৰে সেৱা ভাৰতী পূৰ্বাঞ্চলৰ, অধ্যয়ন কেন্দ্ৰৰ সংজোজক ভৱেশ্বৰ গোস্বামী, গুৱাহাটী মহানগৰৰ যোগ প্ৰমুখ, দ্বিজেন্দ্ৰ নাথ দাস, জ্যেষ্ঠ যোগ শিক্ষক বৰপেটাৰ ৰুবুল মিশ্ৰ , গুৱাহাটীৰ ৰামচৰণ ডেকা ,জুনু বৰাই। আনহাতে, অনুশীলন বৰ্গত বিশেষ ভাৱে মাৰ্গ দৰ্শনৰ বাবে উপস্থিত থাকে গুৱাহাটীৰ স্মৃতা শৰ্মা , ডিব্ৰুগড়ৰ সৰস্বতী চেত্ৰী, কাৰ্যালয় প্ৰমুখ পুৰৱী শইকীয়া আদি । উল্লেখ্য, অনুশীলন বৰ্গটি ২৭ মাৰ্চত আৱেলি বিশিষ্ট অতিথিৰ দ্বাৰা যোগ অনুশীলন বৰ্গ সামৰণি কৰা হয়।