অহা ১৫ আগষ্টত আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বৰ্ষ পূৰ্ণ হ’ব। স্বাধীনতাৰ অমৃত মহোৎসৱৰ শুভাৰম্ভ ইতিমধ্যে আৰম্ভ হৈছে, আগলৈ সম্পূৰ্ণ বছৰটোতেই ই চলি থাকিব। এনেকুৱা নহয় যে বৰ্ত্তমান আমাৰ সন্মুখত কোনো সমস্যা নাই। পুৰণি সমস্যা কিছুমানৰ সমাধান হ’ল, কিছু বাকী থাকিল, কিছু নতুন সমস্যা আহিল, এইবোৰ চলি থাকিব। তথাপি স্বতন্ত্ৰতাৰ অমৃত মহোৎসৱৰ এই আনন্দ অত্যন্ত স্বাভাবিক। কেবা শতিকাৰ অন্তত ১৯৪৭ চনৰ ১৫ আগষ্টত আমি আমাৰ দেশৰ বৃহৎ ভূ-ভাগ এটাত আমাৰ ইচ্ছানুসৰি শাসন আৰু অন্য ব্যৱস্থা স্থাপিত কৰাৰ অধিকাৰ লাভ কৰিছো। যিমান দীঘলীয়া এই গোলামীৰ কালখণ্ড আছিল সিমানেই দীঘলীয়া আৰু কঠিন সংঘৰ্ষ ভাৰতবাসীয়ে নিজৰ স্বাধীনতা লাভৰ বাবে কৰিলে ৷
ভাৰতীয় জনতাৰ বিদেশী শাসনৰ বিৰুদ্ধে এই সংঘৰ্ষ ভৌগলিক দৃষ্টিৰে সৰ্বব্যাপী আছিল। এই সংঘৰ্ষত সমাজৰ সকলো বৰ্গৰে যোগদান আছিল। যাৰ যিমান শক্তি আছিল তেওঁলোকে সিমান খিনিৰেই যোগদান দিছিল। স্বতন্ত্রতা প্রাপ্তিৰ পথত বাধা উৎপন্ন কৰা সমাজৰ বিভিন্ন দোষবোৰৰ প্ৰতি জাগৃতি উৎপন্ন হ’ল তথা স্বতন্ত্রতা লাভৰ বাবে সশস্ত্ৰ আৰু নিঃশস্ত্ৰ প্ৰয়াসৰ লগে লগে সমাজ জাগৃতি আৰু সমাজ শুধৰণিৰ অন্যকাৰ্যবোৰো সমাজৰ ব্যাপক স্বাধীনতা সংগ্ৰামৰ অংশ স্বৰূপে চলি থাকিল ৷
এই সকলো প্ৰকাৰৰ প্ৰয়াসৰ ফলত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষক আমি আমাৰ মনেৰে আমাৰ ইচ্ছা অনুসৰি আমাৰ মানুহৰ দ্বাৰা পৰিচালনা কৰাৰ অৱস্থালৈ আনিলো। বৃটিছ শাসনকৰ্ত্তাক ইয়াৰ পৰা বিদায় দি আমি আমাৰ দেশ শাসন কৰাৰ বাঘজৰী আমাৰ হাতত তুলি ললো।
সেইবাবে এই স্বতন্ত্ৰতাৰ পয়সত্তৰ বৰ্ষ পূৰ্ণ হোৱা উপলক্ষে আমাৰ সকলোৰে মাজত দেখা পোৱা উৎসাহ, দেশত উৎসৱ সদৃশ বাতাবৰণ, অত্যন্ত স্বাভাবিক আৰু সমুচিত। এই সুযোগতে আমি, এই সুদীর্ঘ সংঘৰ্ষত নিজৰ ত্যাগ তথা কঠোৰ পৰিশ্ৰমৰ দ্বাৰা, যিসকল বীৰ পুৰুষে এই স্বাধীনতা আমাৰ বাবে অর্জন কৰিলে, যিসকলে নিজৰ সৰ্বস্ব আহুতি দি, নিজৰ প্ৰাণ পর্যন্ত হাঁহি হাঁহি অৰ্পণ কৰিলে (আমাৰ এই বিশাল দেশখনত সকলো ঠাইতে, দেশখনৰ প্ৰত্যেক সৰু সৰু ভূ-ভাগতো এনে বীৰ-বীৰাঙ্গনাই এনে পৰাক্ৰম দেখুৱাই গৈছে) সেইসকলৰ খবৰ কৰি, তেওঁলোকৰ ত্যাগৰ, তেওঁলোকৰ বলিদানৰ কথা সম্পূৰ্ণ সমাজৰ সন্মুখত উপস্থাপন কৰিব লাগে। মাতৃভূমি তথা দেশবাসীৰ প্ৰতি তেওঁলোকৰ আত্মীয়তা, দেশৰ হিতৰ বাবে সৰ্বস্বত্যাগ কৰাৰ তেওঁলোকৰ প্ৰেৰণা তথা তেওঁলোকৰ তেজস্বী ত্যাগময় চৰিত্ৰ আদৰ্শৰূপে আমি আটায়ে স্মৰণ কৰিব লাগে, বৰণ কৰিব লাগে।
লগতে এই সুযোগতে আমি আমাৰ প্ৰয়োজনীয়, সংকল্প তথা কৰ্ত্তব্যৰ স্মৰণ কৰি তাক পূৰ্ণ কৰাৰ বাবে পুনৰ এবাৰ কঁকালত টঙালি বান্ধি সক্রিয় হ’ব লাগিব। দেশক স্বৰাজৰ আৱশ্যকতা কিয় ? মাত্ৰ সুশাসনৰ দ্বাৰা, লাগিলে সেয়া কোনো পৰকীয় শাসনৰ দ্বাৰাই পৰিচালিত নহওঁক কিয়, দেশৰ আৰু দেশবাসীৰ প্ৰয়োজন বোৰ পূৰণ হ’ব নোৱাৰেনে? আমি আটায়ে নিসন্দেহে জানো যে ই হ’ব নোৱাৰে। ‘স্ব’ৰ অভিব্যক্তি, প্রত্যেক ব্যক্তিআৰু সমাজৰ স্বাভাৱিক আকাঙ্খা আৰু স্বাধীনতাৰ প্ৰেৰণা। মানুহে স্বতন্ত্রতাতহে সুৰাজ্যৰ অনুভৱ কৰিব পাৰে অন্যথা অসম্ভৱ। স্বামী বিবেকানন্দই কৈছিল যে প্রত্যেক ৰাষ্ট্ৰৰ উদয় বিশ্বজীৱনত কিছু যোগদান কৰিবৰ বাবেই হয় ৷ যিকোনো ৰাষ্ট্ৰই বিশ্ব জীৱনত নিজৰ অৱদান দিবৰ বাবে স্বতন্ত্ৰ হ’ব লাগে। বিশ্বত নিজৰ জীৱনত নিজৰ ‘স্ব’ৰ অভিব্যক্তিৰ দ্বাৰা সেই ৰাষ্ট্ৰই বিশ্ব জীৱনত নিজৰ যোগদানৰ কৰ্ত্তব্য নিৰ্বহন কৰে। সেইবাবে যোগদান আগবঢ়াব খোজা ৰাষ্ট্ৰৰ বাবে স্বতন্ত্ৰ হোৱা সমৰ্থ হোৱা, তেওঁৰ যোগদানৰ পূৰ্ব চৰ্ত্ত।
ভাৰতৰ স্বতন্ত্ৰতাৰ বাবে ভাৰতীয় জনমনক সজাগ কৰোঁতা, স্বাধীনতা সংগ্ৰামত প্রত্যক্ষ ভাবে সশস্ত্র অথবা নিশস্ত্র আন্দোলনৰ হাত ধৰি সক্ৰিয়তা অৱলম্বন কৰোঁতা, ভাৰতীয় সমাজক স্বতন্ত্রতা প্রাপ্তি আৰু সেই স্বতন্ত্ৰতাক প্ৰতিপালন কৰিবলৈ যোগ্যতা লাভ কৰাৰ প্ৰয়াসত ব্ৰতী থকা সকলো মহাপুৰুষে ভাৰতৰ স্বতন্ত্ৰতাৰ প্ৰয়োজনীয়তাৰ কথা ভিন ভিন শব্দেৰে আমাক সকিয়াই থৈ গৈছে। স্বৰ্গীয় ৰবীন্দ্ৰ নাথ ঠাকুৰে নিজৰ প্ৰসিদ্ধ কবিতা “চিত্ত যেথা ভয়শূন্য উন্মত যত শিৰ’ত স্বতন্ত্র ভাৰতৰ অপেক্ষিত বাতাবৰণৰেই বৰ্ণনা কৰিছে। স্বাতন্ত্র্যবীৰ সাৱৰকৰে তেওঁৰ প্ৰসিদ্ধ স্বতন্ত্রতা দেৱীৰ আৰতিত স্বতন্ত্রতা দেৱীৰ আগমনৰ লগে লগে সহচৰীভাবে উত্তমতা, উদাত্ততা, উন্নতি আদিৰ অবতৰণ ভাৰতত নিজে নিজেই হৈ উঠিব, এনেকুৱা আশা ব্যক্ত কৰিছে। স্বৰ্গীয় মহাত্মা গান্ধীয়েও তেওঁৰ ‘হিন্দ স্বৰাজ’ত তেওঁৰ কল্পনাৰ স্বতন্ত্র ভাৰতৰ চিত্ৰ বৰ্ণনা কৰিছে। তথা ডাক্তৰ বাবাচাহেব আম্বেদকৰেও দেশৰ সংসদত সংবিধান উত্থাপন কৰাৰ সময়ত দিয়া দুটা ভাষণত ভাৰতৰ এই স্বাধীনতাৰ প্ৰয়োজন তথা সেয়া সফল হওঁক তাৰবাবে আমাৰ কৰ্ত্তব্যৰ কথা উল্লেখ কৰিছে।
সেইবাবে আমাৰ স্বতন্ত্ৰতাৰ অমৃত মহোৎসৱৰ এই আনন্দ আৰু উৎসাহভৰা পূণ্য পৰ্বত, হর্ষোল্লাস পূৰ্বক বিভিন্ন আয়োজন বোৰ সম্পন্ন কৰাৰ লগতে আমি অন্তর্মুখী হৈ এইটো বিচাৰ-বিবেচনাও কৰিব লাগে যে,আমাৰ স্বতন্ত্ৰতাৰ প্ৰয়োজন যদি ভাৰতীয় জীৱনত ‘স্ব’ৰ অভিব্যক্তিৰে হ’ব লাগে, তেনেহ’লৈ ভাৰতৰ ‘স্ব’ নোকি? বিশ্বজীৱনত ভাৰতৰ যোগদানৰ সেই প্ৰয়োজনীয়তাক সফল কৰাৰ বাবে আমি ভাৰতক কেনে ধৰণে শক্তিশালী কৰি তুলিব লাগিব? এই কাৰ্য্য সম্পন্ন কৰাৰ বাবে আমাৰ কৰ্ত্তব্য কি? তাৰ নিৰ্বহন কৰাৰ বাবে সমাজক কেনেদৰে সাজু কৰিব লাগিব? ১৯৪৭ চনত আমি নিজেই নিজকে আমাৰ প্ৰাণপ্ৰিয় ভাৰতবৰ্ষৰ যি যুগাদৰ্শ আৰু তদনুৰূপ তাৰ যুগস্বৰূপ প্ৰতিষ্ঠা কৰাৰ বাবে মহত্বপূৰ্ণ প্ৰয়াসেৰে স্বাধীন কৰিলোঁ, সেই কাম পূৰ্ণকৰাৰ বাবে এই চিন্তন তথা আমাৰ আটাইৰে কৰ্ত্তব্যৰ দিশৰ স্পষ্টতাৰ আৱশ্যকতা আছে।
ভাৰতবৰ্ষৰ সনাতন দৃষ্টি, চিন্তন, সংস্কৃতি তথা বিশ্বত নিজৰ আচৰণৰ দ্বাৰা প্ৰেৰণ কৰা বাৰ্ত্তাৰ এই বিশেষত্ব আছে যে সেয়া প্রত্যক্ষানুভূত বিজ্ঞানসিদ্ধ সত্য আধাৰিত সমগ্ৰ, একাত্ম আৰু স্বাভাৱিকতেই সেয়া সর্বসমাবেশক। বিবিধতা পৃথকতা নহয়, একাত্মতাৰ অভিব্যক্তি বুলিহে স্বীকাৰ কৰে, তাত এক হোৱাৰ বাবে একেধৰণৰ হোৱাটো বিহিত নহয়। সকলোকে একে ৰঙেৰে বোলোৱা, তাক নিজৰ শিপাৰ পৰা আঁতৰ কৰাটোৱে কাজিয়া আৰু বিভাজনৰ জন্ম দিয়ে। আপোনত্বই নিজৰ বিশিষ্টতাৰ প্ৰতি দৃঢ় হৈ থাকিও অইনৰ বিশিষ্টতা সমূহক সমাদৰ কৰি সকলোকে এডাল সূতাত বান্ধি সংগঠিত এক সমাজৰূপে থিয় কৰায়। আই ভাৰতীৰ প্ৰতি ভক্তিয়ে আমাক সকলোকে তেওঁৰ পুত্ৰ হিচাপে একতাবদ্ধ কৰে। আমাৰ সনাতন সংস্কৃতিয়ে আমাক সু-সংস্কৃত, সদ্ভাৱনা আৰু আত্মীয়তাপূৰ্ণ আচৰণৰ জ্ঞান প্ৰদান কৰে। মনৰ পবিত্ৰতাৰ পৰা আৰম্ভ কৰি পৰ্যাবৰণৰ বিশুদ্ধতা লৈকে সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ জ্ঞান প্ৰদান কৰে। প্ৰাচীন কালৰে পৰা আমাৰ মনত থকা আমাৰ সকলোৰে সমান একে পৰাক্ৰমী চৰিত্ৰ সম্পন্ন পূৰ্ব পুৰুষ সকলৰ আদৰ্শই আমাক পথ নির্দেশ কৰিয়েই আছে।
আমি আমাৰ জিম্মাত থকা খিনিক সাৰোগত কৰি, আমাৰ বিশেষতাৰ সৈতে কিন্তু ইয়াৰ সংকুচিত স্বার্থ আৰু ভেদভাবক সম্পূৰ্ণ ৰূপে ত্যাগ কৰি, নিজে কেৱল দেশহিতকেই আমাৰ সমস্ত কার্যকলাপৰ আধাৰ কৰিব লাগে। সম্পূর্ণ সমাজক আমি এই ৰূপে থিয় কৰাব লাগে আৰু এয়া সময়ৰ অনিবার্যতা, সমাজৰ স্বাভাৱিক অৱস্থাও।
সময়ৰ গতিত প্ৰাচীন কালৰে পৰা চলি অহা আমাৰ সমাজৰ কঠুৱা; কুৰীতিৰ দৰে বেমাৰ, জাতি, পন্থ,ভাষা, প্রান্ত আদিৰ ভেদভাৱ, মানুহৰ প্ৰসিদ্ধিৰ বাসনা, অৰ্থ প্ৰাপ্তিৰ বাসনাৰ কাৰণে উদ্ভৱ হোৱা ক্ষুদ্ৰ স্বাৰ্থ আদি বোৰ মন-বাক্য-কৰ্মৰ দ্বাৰা সম্পূর্ণ ভাৱে নিঃশেষ কৰাৰ বাবে জ্ঞান প্ৰদানৰ লগে লগে নিজকে আচৰণৰ উদাহৰণেৰে প্ৰস্তুত কৰিব লাগিব। নিজৰ স্বাধীনতাক সুৰক্ষিত কৰি ৰখাৰ শক্তি কেৱল সেইখন সমাজেহে ধাৰণ কৰি ৰাখিব পাৰে যিখন সমাজ সমতাযুক্ত আৰু শোষণ মুক্ত হয়।
সমাজক ভুল পথে পৰিচালিত কৰি, অথবা উচতাই অথবা নিজৰ ভিতৰতে কাজিয়া লগাই, নিজৰ স্বাৰ্থৰ বাট মোকলাব খোজা অথবা নিজৰ প্ৰতিহিংসাৰ জ্বালা নিবাৰণ কৰিব বিচৰা ষড়যন্ত্ৰকাৰী মণ্ডলী দেশত আৰু দেশৰ বাহিৰতো সক্ৰিয় হৈ আছে। তেওঁলোকে যাতে যৎকিঞ্চিতো সুযোগ অথবা প্রশ্রয় নাপাই এনে সজাগ, সুসংগঠিত সামর্থবান সমাজহে সুস্থ সমাজ হয়। নিজৰ ভিতৰতে সদ্ভাৱনাৰ লগতে সমাজৰ দৈনন্দিন পৰস্পৰ সম্পৰ্ক তথা দৈনন্দিন পৰস্পৰ যোগাযোগ পুনৰাই স্থাপন কৰিব লাগিব ৷
স্বাধীন আৰু গণতান্ত্রিক দেশৰ নাগৰিক সকলে নিজৰ প্ৰতিনিধি নির্বাচন কৰি পঠিয়াব লাগে। দেশৰ সমস্ত হিত, প্ৰাৰ্থীৰ যোগ্যতা তথা দলৰ বিচাৰধাৰাৰ সমন্বয় সাধন কৰাৰ বিবেক, আইন, সংবিধান তথানাগৰিক অনুশাসনৰ সাধাৰণ জ্ঞান আৰু তাৰ প্ৰতি আস্থাপূৰ্বক পালন কৰাৰ স্বভাৱ, এয়া লোকতান্ত্ৰিক ব্যৱস্থাৰ সফলতাৰ অত্যাৱশ্যকীয় পূৰ্বচৰ্ত্ত। ৰাজনৈতিক চাতুৰীৰ বাবে ইয়ালৈ অহা ক্ষৰণ আমাৰ আটায়ে সন্মুখত দেখিছো। নিজৰ মাজৰ বিবাদত নিজ বীৰত্ব প্রমাণ কৰাৰ কাৰণে কৰা বক্তব্যৰ অসংযমী উক্তিও (যিটো সমাজত শিষ্টাচাৰ হ’বলৈ গৈ আছে) ইয়াৰ এক মুখ্য কাৰণ। নেতৃবর্গ সহিতে আমি আটায়ে এনে আচৰণৰ পৰা দূৰত থাকি নাগৰিকতাৰ অনুশাসন আৰু আইনৰ মৰ্যাদাৰ পালন আৰু সন্মান কৰাৰ বাতাবৰণ নিৰ্মাণ কৰিব লাগিব ৷
নিজকে তথা সম্পূর্ণ সমাজক এনে ধৰণেৰে যোগ্য কৰি তোলাৰ অবিহনে বিশ্বত কতোৱেই কোনোধৰণৰ পৰিবৰ্তন হোৱা নাই, যশস্বী হোৱা নাই। ‘স্ব’ৰ আধাৰত আমাৰ স্বাধীন দেশৰ যুগানুকুল তন্ত্র, প্রচলিততন্ত্ৰৰ উপযোগী কথাবোৰ দেশানুকুল কৰি স্বীকাৰ কৰিবলৈ হ’লে, সমাজত ‘স্ব’ৰ স্পষ্ট জ্ঞান, বিশুদ্ধ দেশভক্তি,ব্যক্তিগত তথা ৰাষ্ট্ৰীয় অনুশাসন তথা একাত্মতাৰ চতুৰঙ্গ সামৰ্থ্য লাগিব। তেতিয়াহে ভৌতিক জ্ঞান, কৌশল আৰু গুণ, প্রশাসন আৰু শাসনৰ অনুকুলতা ইত্যাদি সহায়ক হয় ৷ সেই কাৰণে স্বতন্ত্ৰতাৰ অমৃত মহোৎসৱ আমাৰ আটাইৰে বাবে নিজৰ কঠোৰ তথা সতত পৰিশ্ৰমৰ দ্বাৰা লাভ কৰা সেই স্থিতিৰ উৎসৱ, য’ত সঙ্কল্পবদ্ধ হৈ সিমানেই ত্যাগ আৰু পৰিশ্ৰমেৰে আমি ‘স্ব’ আধাৰিত যুগানুকুল তন্ত্ৰৰ নিৰ্মাণৰ দ্বাৰা ভাৰতবৰ্ষক পৰমবৈভৱশালী কৰিব লাগিব৷ আহক, সেই তপোপথেৰে হৰ্ষোল্লাসেৰে সংগঠিত, স্পষ্ট তথা দৃঢ়তাৰে আমি আমাৰ গতি আগবঢ়াওঁ।